মৃত্যুৰ কিৰীলি!
নিশাবোৰ উচুপি উঠে
কোনোবা পাষাণ মাতৃৰ নিকৃষ্টতাত!
নিশাৰ নিস্তব্ধতাত এতিয়া
নৱজাতকৰ ক্ৰন্দন!
সভ্যতাৰ শিখৰত মুখাৰ আঁৰত
মানৱতাৰ চিঞৰ!
পুৱা গধুলি ইমূৰৰ পৰা সিমূৰলৈ
হত্যা ধৰ্ষণ লুণ্ঠনেৰে আৰম্ভ হয়
একোটা জীৱন!
গছ-বন নলা-নৰ্দমাত
বিকশিত হয় একোটা
পৰিচয় বিহীন
অংকুৰিত বীজ!
সভ্যতাৰ শিখৰত ভূলুন্ঠিত মানৱতাৰ
পদপথত থমকি ৰয় এটা চিঞঁৰ!!!
=======++========
যুগল কিশোৰ কেওঁট
টেঙাখাত
ডিব্ৰুগড়।
9401653117.