তুমি গলাগৈ চকুৰে নেদেখা কাণেৰে নুশুনা
সৌ অজান মুলুকলৈ
তথাপিও তুমি আমাৰ হৃদয়ত চিৰ প্ৰবাহিত।
মানুহে মানুহৰ বাবে
এই গীতৰ সুবাস বিলাই
শ্ৰেষ্ঠ গীতিকাৰ ৰূপে তুমি
বিশ্বত পৰিচিত হ'লা।
ভূপেন দা...!
তুমি কোৱা তুমি গোৱা
প্ৰতিটো শব্দ প্ৰতিটো গান
আজি বাৰুকৈয়ে অনুভৱ কৰো
অসমীয়াই অসমতে ভগনীয়া হব..!!
প্ৰেমৰ সাগৰত জাহাজ মেলিলা
মহা মহা সাগৰত কত যে লহৰ দেখি
জিৰণি লবলৈ কতো বন্দৰ নাপালা
দানৱৰ মাজত তুমি মানৱৰ গান জুৰিলা
অপ্ৰমাদী শব্দ প্ৰয়োগেৰে
মানৱ হৃদয়ত ঝংকাৰ তুলিলা।
তুমিতো বিচৰা নাছিলা
আকাশী গংগা স্বৰ্ণ অলংকাৰ।
কিন্তু আজিৰ এই জগত সভাত
তুমিয়েই প্ৰধান অলংকাৰ।
তুমি যোগোৱা অৱদান ৰূপে
তুমি যোগোৱা প্ৰতিদান ৰূপে
আমি সমস্তে জনাওঁ তোমাক
শত সহস্ৰ নমস্কাৰ।
✍️ অমৰেন্দ্ৰ দাস।
শোলমাৰা,নলবাৰী।