মোৰ দেশৰ নতুন আলোক-প্ৰজেছ দাস

©Admin
0
নতুন দিনৰ ন যুৱক আমি
নতুন আলোকৰ যাত্ৰাপথৰ যুৱক আমি,
প্ৰতি পল-অনুপলে বাঢ়িছো আগ
কাল অমানিশাৰ পথত
হাতত জ্ঞানৰ চাকি লৈ
এক নতুন আলোকৰ সন্ধানত ৷
ছাত্ৰ শক্তিক একতাৰে বান্ধি 
আগুৱাই নিছে নিজ লক্ষ্যৰ প্ৰতি ,
আগুৱাই আহা সতীৰ্থ
হাতে হাত ধৰি আগবাঢ়ি
যাওঁ আগুৱাই,
প্ৰতি খোজতে কৰি নতুনত্বৰ সৃষ্টি
তেতিয়াহে পাম আমি
নতুন আলোকৰ সন্ধান ৷
এই নৱ সৃষ্টিৰ বীজতেই
ৰোপণ হ’ব এক নতুন
আলোক সন্ধানীৰ বৃক্ষ
উদিত হ’ব এক নতুন সূৰ্য ।

প্ৰজেছ দাস,
উত্তৰ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)