যি বাটেৰে মোৰ আই -পিতাই
বোকোচাত মোক বান্ধি
বোকা -পানী গছকি
চলাইছিল জীৱন ডিঙৰা ।
সেই বাটেৰে নাহিবা
যি বাটেৰে মই পিঠিত
কিতাপৰ বোজা লৈ
গৈছিলো জীৱনৰ ধাৰাপাত
আৰু বাখৰুৱা সপোনৰ
মৌ-সনা কুঁহিপাত পঢ়িবলৈ ।
সেই বাটেৰে নাহিবা তুমি
যি বাটেৰে মোৰ যাত্ৰা
হৃদয় গঢ়া আৰু ভঙাৰ
বুকুৰ তেজ বোৰ ঘাম হৈ সৰা ।
সেই বাটেৰে নাহিবা তুমি
য'ত আছে আশাৰ কঠীয়া
আশাবোৰ যে মায়াসনা
সপোন হয় সোণাৰু ফুলীয়া ।
সেই বাটেৰে নাহিবা
য'ত আছে কাঁইটীয়া বেৰা
তথাপিও অবিৰাম কৰিম চেষ্টা
সোণোৱালী কুসুম ফুলাৰ ।
আহিবা তুমি সেই বাটেৰে
য'ত নাথাকে কোনো মায়া
গুচি যাম সেই দিনা সকলো এৰি
যদিও হয় পথ ধূলিয়ৰি
প্ৰকৃত গাড়ীখনৰ মই হ'ম সহযাত্ৰী ।
✍️নিজৰা বৰ্মন ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ