নিৰৱ নিঃস্তব্ধ- দিপশিখা ৰাজকোঁৱৰ

নিঃস্তব্ধ সময়, দুৱাৰ খিৰিকী খুলি নিৰৱে বহি আছে জিলমিল।এৰা......... বহুদিনেই হ'ল তাই অসুস্থ হৈ থকা। বহুত কষ্টৰে পাৰ কৰি আহিছে তাই ইমান দিনে।সকলো শেষ হৈ গ'ল তাইৰ। আগতেই জনা হ'লে তাইৰ যে ইমান ডাঙৰ বেমাৰ আছে তেতিয়া হয়তো তাই আজি মৃত্যুৰ সৈতে যুঁজিব লগীয়া নহ'লহেঁতেন। অতীতৰ স্মৃতি সুঁৱৰি তাই নিৰৱে চকুলো টুকিছে। ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ বেমাৰ বেছি ডাঙৰ হৈ আহিল। তথাপিও তাই জীৱনৰ সৈতে যুঁজি গৈছে। জোনাক ভালপোৱা জিলমিলে জোনাকত বহি অনুভৱৰ কবিতা লিখি বৰ সুখ অনুভৱ কৰে। পুৱা দুৱৰিৰ দলিছাত পৰি থকা নিয়ৰৰ মুকুতা বোৰ বৰ আকুলতাৰে চুই চায়। কেতিয়াবা তাই ভৱিষ্যত জীৱনৰ কথা চিন্তা কৰি হাবাথুৰি খায়। জীৱনৰ অন্তিম ক্ষণত তাই ভাগৰি পৰিছে। 
        হঠাৎ মাকৰ হাতৰ পৰশত তাই ঘূৰি চাই দেখে মাকে তাইলৈ চায় ৰৈ আছে।মাকে নেদেখাকৈ চকুলোঁ মচি ক'লে-" মা তুমি!" 
"অ জিলমিল যাবলৈ হ'ল নহয় ।তই এতিয়াও ওলোৱা নাই।"- মাকে কৈ উঠিল।
" মা মোৰ বৰ ভয় লাগিছে। মই জীয়াই থাকিব বিচাৰোঁ।মোৰ সপোন আছে"! - জিলমিলে কান্দি কান্দি কৈছে।" জিলমিল তই এনেকৈ ক'লে কেনেকৈ হ'ব।তোৰ ভাল হ'ব জিলমিল। একো চিন্তা নকৰিবি ।তই সাহস হেৰুৱায় নিদিবি।মোৰ কথা ভাবিবি। মই তোৰ লগত আছোঁ।" 
          মাকে তাইক যিমান পাৰে শান্তনা দিছে। ক্ষন্তেকৰ বাবে দুয়ো মৌন হৈ ৰল।অলপ পিছত তাই মাক আৰু ককায়েকৰ সৈতে চিকিৎসালয়লৈ গ'ল।কাইলৈ তাইৰ অপাৰেশ্যন আছে।সকলোৱে প্ৰাৰ্থনা কৰিছে জিলমিলৰ অপাৰেশ্যন সফল হ'বলৈ। সম্বন্ধীয় আটাইবোৰ মানুহেই তাইৰ ওচৰলৈ গ'ল। তাইক লৈ যোৱা হ'ল অন্য এটা ৰূমলৈ। সকলোৱে পুৱা হোৱালৈ অপেক্ষা কৰি আছে।জিলমিলে এটা কবিতা লিখিব বিচাৰিলে- 
 "জোনাক ভালপাওঁ মই
 পুৱাৰ সোণালী কিৰণৰ দৰে
মোৰ জীৱন উজ্জ্বলাব বিচাৰোঁ
পাখি মেলি উৰিব বিচাৰোঁ।"

            প্ৰায় বিশ শাৰীমান লিখি খিৰিকীৰ ফাঁকেৰে অহা জোনাক চাই তাই শুই থাকিল। পুৱা অপাৰেশ্যন কক্ষলৈ যাওঁতে সকলোলৈ চাই হাঁহি হাঁহি গৈছিল জিলমিল। কিন্তু তাই ঘূৰি আহিল যেতিয়া তেতিয়া তাইৰ মুখত হাঁহি নাছিল। সপোনবোৰ লৈয়েই তাই গুচি গ'ল।আনক বুজনি দি নিজেই অবুজন হৈ হেৰাই গ'ল,জোনাক ভালপোৱা জিলমিল।জোনাকত বহি অচিনাকী চৰাইজনীৰ লগত কথা পাতিবলৈ জিলমিল আৰু নাই।দূৰ সীমনাত বিলীন হৈ গ'ল জিলমিল। সেইদিনা অচিনাকী চৰাই জনীয়েও যেন বুজি পাইছিল সকলো। তাইও নিৰৱ,নিঃস্তব্ধ হৈ পৰিছিল।।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send