এখন স্মৰণীয় বলখেল-দেৱ দাস

Rinku Rajowar
0
পৃথিৱীত বেছি মানুহে খেলা খেল হেনো তাচ আৰু বেছি মানুহে চোৱা খেল বিধ ফুটবল । এই ফুটবল খেলৰ দৰ্শক , খেলুৱৈতকৈও বেছি উত্তেজিত হয় । পাৰিলে নিজেই খেলি গ'ল দিব । এবাৰ আগৰ শাৰীত মাটিত বহি বলখেল চাই থাকোঁতে মোৰ পিছত থিয় হৈ খেল চাই থকা দৰ্শক এজনে পছন্দৰ খেলুৱৈ জনে গ'ললৈ শ্বত মৰাৰ সময়ত চৰম উত্তেজনাত মোৰ পিঠিত মৰা এটা থিয় গোৰৰ কথা এতিয়াও মনত আছে । কেতিয়াবা এনে উত্তেজনাই দুখন গাঁৱৰ মাজত কাজিয়া , মাৰপিট পৰ্য্যন্ত সৃষ্টি কৰা দেখা পাইছিলোঁ । 
      সত্তৰ দশকৰ কথা । মই নৱম শ্ৰেণীৰ ছাত্ৰ । গৰমৰ বন্ধ । ওচৰৰ এখন গাঁৱৰ পৰা আমাৰ গাঁৱলৈ গাখীৰ বেপাৰী এটাৰ হাতত এখন চিঠি দি পঠিয়ালে । চিঠি খনৰ কথা এনেকুৱা "...... দেওবাৰে নখন্দা ফিলত খেল দিছু । ৬"এঞ্চী কাপ । ফিছ পাছচিকি (পাঁচ সিকি ) । ৰেফি পোৱালি ডাক্তৰ । ফিছ আঠ অনা"। এজন দুশ্ৰেণী পঢ়ি স্কুল এৰা আৰু গাঁৱৰ ফুটবল দলৰ কেপ্তেইনে লিখা দকৰা চিঠি ।
     চিঠি পঢ়া শেষ হ'ল কি নহ'ল ইকাণ সিকাণ কৈ গোটেই গাঁৱতে খবৰটো বিয়পি পৰিল । সেই দিনা আছিল বুধবাৰ । বৃহস্পতি বাৰে সাপ্তাহিক হাটত ধান বেচি কোনোবাই নতুন গেঞ্জী , কোনোবাই নতুন হাফপেণ্ট কিনিলে । খেলিব লাগিব । বয়সীয়াল সকলৰ চোলা চুৰিয়া ধুই , মাৰ দি ৰেডি কৰিলে । চাবলৈ যাব লাগিব ।মান সন্মানৰ কথা । হৰিধনীয়া-বামুনীয়া হৈ খেল ফালি দুখেল হোৱা , ইখন খেলৰ মানুহে সিখন খেলৰ মানুহক ঘাটে-পানীয়ে নিষেধ কৰা , অহা- যোৱা , মাত-বোল বন্ধ হোৱা , আপোন মানুহ মৰিলেও খবৰ লʼব নোৱাৰা গাঁওখন দেওবাৰৰ খেলখনে এক কৰিলে । একে গাঁৱৰ হʼলেও খেল ফলা বাবে আহিব নোৱাৰা জী-জোঁৱাই শহুৰৰ ঘৰলৈ আহিব পৰা হ'ল ।
      দেওবাৰে পুৱাৰ পৰাই গাঁওখনত দলদোপ-হেন্দোলদোপ । ইঘৰ সিঘৰৰ পৰা নেমু চিঙোতে চাৰি পাঁচ পাচি মান হ'ল । হাফটাইমত খাবলৈ ভেলু দোকানীয়ে খৰাহীত ভৰাই এবৈয়াম টেঙা লুজেন আৰু ফুলচিং ফালেঙীয়ে এঠোঙা মিঠা মৰটন দিলেহি । ৰাইজে দুপৰীয়া নামঘৰত শৰাই দিলে । ওচৰৰ গাঁৱৰ পৰা জী-জোঁৱাই ,আলহীও আহিছে । জিকিলে ৰাতিলৈ সীতা হৰণ বালীবধ ভাওনা হ'ব । ৰিহাৰ্চেলৰ দৰকাৰ নাই , আগতে কৰা নাট । পোছাক ভাড়া দিয়া দোকান গাঁৱতে আছে । কাইলৈ ভোজ হʼব পাৰে ।
     ঘাই শাক মৰলীয়া আমি চাৰিটা পুৱাই পুৱাই বাহি মুখে দুখন চাইকেলত ডাবোল কেৰি কৰি চাৰি মাইল দূৰত থকা গাঁও এখনৰ কালী সাধন কৰা মুছলমান সম্প্ৰদায়ৰ বেজ ইছমাইলৰ ঘৰৰ পৰা 'গোল বন্ধা' (গ'ল পষ্টৰ ভিতৰেৰে বল সোমাব নোৱাৰা মন্ত্ৰপুত বান্ধনী) তাবিজ আনিবলৈ গʼলো । ইছমাইল চাচা ঘৰতে আছিল । আমাক দেখিয়েই তেওঁ‌ সুধিলে- " খেল কেতিয়ালে ? কাৰ লগত ? কোনে দিছে ? কাপ নে চিল ?" আমি আচৰিত হৈ ইটোৱে সিটোলৈ চালো । উত্তৰ দিলো । চাচা ভিতৰলৈ গ'ল । আমি ফুচফুচাই আলোচনা কৰিলোঁ ।
"অন্তৰ্যামী বেজ দেই " ।
"সৰ্বজান্তা কালী সাধক "।
"এনেই মুছলমান হৈ কালী সাধন কৰা নাই দেই "? ইত্যাদি , ইত্যাদি । চাচাই ভিতৰৰ পৰা চাৰিখন পীৰা আনি আমাক বহিবলৈ দি ঘৰৰ পিছফালে অলপ আঁতৰত থকা সৰু নামঘৰৰ দৰে এটা ঘৰত সোমালগৈ। অলপ পিছতে তেওঁ পূজাৰীৰ দৰে পোচাক পিন্ধি বাহিৰলৈ ওলাই আহি আমাক তালৈকে মাতিলে । এইবাৰ আমাক বস্তাত বহিবলৈ দি ধূপ-চাকি জ্বলাই পদ্মাসনত পূজাত বহিল । ভিতৰত এজনা কালী গোঁসানীৰ মূৰ্তি আৰু বাহিৰৰ বেৰত আইনাৰ ফ্ৰেমত বন্ধা মাঁ কালীৰ ফটো এখন আছিল । আমি আদেশ মতে আঁঠু কাঢ়ি সেৱা ধৰি থাকিলো । পূজাৰ শেষত থাপনাৰ তলৰ পৰা লোহাৰ কেৰাহীৰ ভঙা টুকুৰা এটা উলিয়াই বুকুত লগাই , চুমা খাই কলপাত এখনত বান্ধি মাটিতে থʼলে । সেন্দুৰ সনা ঘুনুচা জৰি দুডাল উলিয়াই কʼলে - "গুলকি কোন ?"
আমাৰ টিমৰ গুলী(গ'ল কীপাৰ) ৰত্নলৈ আঙুলীয়াই মই কʼলো "ই , ইয়েই আমাৰ গুলী"।
   - নাম ?
   - ৰত্ন।
 --বাপেৰৰ নাম ?
---++
   - হুঁ-ম, গা-ধুই আহিছ ?
   - নাই ।
 ওচৰতে থকা পুখুৰী এটালৈ আঙুলিয়াই ক'লে - "যা তাতে গামোচা আছে ধুই আহ"। সি যোৱাৰ পিছত ৰত্ন ৰত্ন বুলি কিবা মন্ত্ৰ মাতি তিনিবাৰ ফুঁক দিলে । কেৰাহীৰ টুকুৰাটো তুলি মোলৈ চাই ক'লে- "এইটো কি ,চিনি পাইছ ?"
 - "ভগা কেৰাহী"
 - "চুপ ! চুপ থাক পাষণ্ড। এইটো মামুলী কেৰাহী ভঙা নহয় ! ইয়াত মাঁ কালীৰ দিলৰ পৰশ দিয়া আছে । ইয়াক পাৰ হৈ বল কি , পৰুৱা এটাও সোমাব নোৱাৰে । তহঁতৰ গাঁৱৰ তুলা ৰাশিৰ এৱাঁ ল'ৰা এটাক খেল চুৰু হোৱাৰ আগতে মাঁ কালীৰ নাম লৈ তহঁতৰ পষ্টৰ পিছফালে সোঁ-মাজত বহি থাকিবলৈ কবি , হাফ টাইমত সিটো পষ্টলৈ যাব । খবৰদাৰ সি কথা ক'লে , উঠি গ'লে , কিবা খালে কিন্তু মোৰ দোষ নাই"। ৰত্ন আহি পালে । চাচাই নিজ হাতেৰে তাৰ দুই হাততে ঘুনুচা বান্ধি দি ক'লে- "খবৰদাৰ ! চুৱা লগা মানুহ যেন নুচুৱ। আজি তহঁতৰ পিলিয়াৰ(খেলুৱৈ) বোৰে শাল মাছ , শিঙি মাছ , কেঁকোৰা , কুচিয়া নেখাৱ যেন । ইয়াৰ পৰা চিধা ঘৰলৈ যাবি পিছলৈ একদম ঘূৰি নেচাবি । নহʼলে মন্ত্ৰই কাম নিদিব ,পিছত মোক নকবি"। (আৰু কেইবাটাও কঠোৰ নিয়ম দিছিল)
     তামোল-পাণ এযোৰ , ৰূপ  এসিকি দি আগতে মান ধৰিছিলোয়েই । দক্ষিণা কিমান দিম বুলি সোধাত চাচাই মূৰ লৰাই লৰাই মুখতে হিচাপ কৰিলে- "তিন তিৰিকা নই , বাৰ আনা ,এঘাৰ একা ,দুই গুৰু দুই আধলি ,পাচ চিকি.... , তিন টকা বাৰ আনা দে"। কি হিচাপ কৰিলে মাথা মুণ্ড একো নুবুজিলোঁ । ঘৰে প্ৰতি এটেমাকৈ চাউল তুলি , ভেলু দোকানীক বেচি পোৱা নগদ পাঁচ টকা বাৰ অনা (৫.৭৫ টকা) জিতেনৰ হাততে আছিল । তাৰপৰাই আদায় দিলে। আহিবৰ সময়ত ক'লে-"জান-প্ৰাণ দি খেলিবি। তহঁতৰ গাঁৱৰ সন্মান , মোৰ ইজ্জত ৰাখিবিহঁত । জিকিবি যা"। সেৱা জনাই আহিবলৈ ওলাই দেখিলো যে আমাৰ লগত খেলা দিয়া গোছৰাবড়ি গাঁৱৰ কেপ্তেইন সহ তিনিজন চাইকেল লৈ সোমাই আহিছে।
    সময় মতেই খেল আৰম্ভ হ'ল । তীব্ৰ প্ৰতিদ্বন্দ্বীতাৰ শেষত আমি ৩-১ গʼলত হাৰিলোঁ । এসপ্তাহ ধৰি আলোচনা সমালোচনা চলি থাকিল , কি কাৰণে হাৰিব লগা হ'ল । বহুতৰ বহু মত ।ৰত্ন আৰু এৱাঁ ল'ৰা ললিতক কোনোবাই হেনো এন্ধাৰত চেকণীৰে বেয়াকৈ কোবাইছিল । কাৰণ সিহঁতে বোলে বেজৰ নিয়ম ভঙ্গ কৰিছিল । 
        মোৰ পিঠিতো দুচাতমান পৰিছিল কাৰণ আমি মন্ত্ৰপুত কবচ লৈ আহি থাকোতে , ভাওনা চাবলৈ ৰহাৰ পৰা অহা চুচেনৰ পেহীয়েকৰ জীয়েকক হেনো ওভতি চাইছিলোঁ । 


✍🏻দেৱ দাস।
ঘৰপৰা চুবুৰি।
তেজপুৰ।
দূৰভাষ নং ৯৪৩৫৩ ৮০৯২৬

 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)