ধাৰাবাহিক উপন্যাস একাজলী বিৰহ খণ্ড নং--২৭

Rinku Rajowar
0
তগৰে চকুৰে ধোঁৱা ধোঁৱা দেখিলেও অস্পষ্টকৈ দেখা পোৱা পুলিচ জন দেখি উশাহহীন হোৱাৰ উপক্ৰম হ'ল।ক'ৰবাৰ পৰা বুঢ়ী আই দুজনী আহি তগৰক ধৰি ধৰি ৰুমলৈ লৈ গ'ল। হঠাৎ দেখা তগৰৰ গা-ভাৰী ৰূপ আৰু তাইৰ চেহেৰাৰ লগত মিল থকা ৰমাকান্ত বৰুৱা পুলিচৰ মৃত পত্নী মানসীক লগ পোৱা দৰে লাগিল।মানসী যেন তগৰৰ ৰূপ লৈ ধৰা দিছে ,ৰমাকান্ত ওচৰত।ৰমাকান্তৰ পত্নীৰ বিৰহৰ বেদনা খিনি যেন মুহূৰ্ততে নাইকিয়া হৈ পৰিল।ইমান দিনে অনুসন্ধান কৰি থকা তগৰৰ  নিৰুদ্দেশ কেচৰ সন্ধান পোৱা কথা পাহৰি গ'ল ৰমাকান্তই।

বহু ৰাতিলৈ বিছনাত ইকাটি-সিকাটি কৰি তগৰৰ সজল চকুৰ চাৱনিত পত্নীক আকৌ লগ পোৱা যেন লাগিল।ৰমাকান্তই ভাবিবলৈ ধৰিলে, মৃত্যু  জীৱনৰ  শূন্যতা নে ক্ষনভংগুৰ ?  জীৱনৰ ক্ষনিকৰ পূৰ্ণতাৰ অনুভৱ কৰাই তোলা এক তুষাৰ শীতল অনুভূতি।এপাহ -দুপাহ, কেতিয়াবা হেজাৰ পাঁহ বেজাৰ ৰঙী এজাৰ ফুলি আকাশৰ নীলাখিনি ছানি ধৰিব খোজে আৰু তেতিয়াও খহটা পাতৰ সেউজীয়া ওৰনি নেওচি ক'ৰবাত এপাহি উজ্বল সূৰ্যমুখী ফুলি উঠে। ৰমাকান্তই বিছনাৰ তলৰ পৰা তগৰৰ ফটো খনৰ লগত মৃত  পত্নীৰ ফটো খন মিলাই চাই আচৰিত হৈ পৰিল।মৃত পত্নী মানসীয়ে যেন অস্পষ্ট শব্দৰে কাণে-কাণে কৈ গ'ল।তগৰৰ মাজতেই মোক পাবা।ৰমাকান্তই বেৰত উলমি থকা ঘড়ীটোলৈ চালে।

ইফালে তগৰৰ বাপেকে বাৰাণ্ডাৰ খুটাটোত এখন হাতে খামুচি আনখন হাতেৰে বৈ অহা চকুলোঁ  ডিঙিত মেৰিয়াই থোৱা গামোচা খনেৰে মুঁহাৰি তগৰৰ ভাই-ভনী কেইটাক হাঁহি দেখুৱাবলৈ চেষ্টা কৰিলে।ওচৰ -চুবুৰীয়া মাইকী মানুহে তগৰৰ ভনীয়েক দুজনীক তগৰৰ কথা কৈ কৰা তিৰস্কাৰবোৰ শুনি শুনি সিহঁতেও ভাবি লৈছে, বায়েকে কাৰোবাৰ লগত পলাই গৈ ঘৰ খনত  কলঙ্কৰ দাগ লগাই থৈ গ'ল।সেই বাবে বাপেকৰ চকুলো দেখিবলৈ পালে সিহঁতে খং কৰে। কিন্তু সহজ সৰল তগৰৰ বাপেকে জানে, নিজৰ জীয়েকৰ কথা বেয়াকৈ ভাবিব পাৰে। মানুহজনীয়ে যি কয় কোনো দিন হকা-বাধা নকৰা মানুহ জনে আজি মৰ্মে মৰ্মে অনুভৱ কৰিছে ,সেইয়া তেওঁ ভূল কৰিছিল।যাৰ বাবে পত্নী আৰু জীয়েক দুয়োজনীকেই হেৰুৱাব লগা হʼল।বহুত কষ্ট পায় মোৰ ডাঙৰ আই আঁতৰি গৈছে।ক আখৰ এটা পঢ়িব নোৱাৰা ছোৱালী জনী ইমান বহল পৃথিৱীত কোনটো কোণত অকনমান ঠাই বিচাৰি হাবাথুৰি খাই ফুৰিছে ,কিবা সম্ভেদ পোৱা হ'লে।হে ভগৱান হাত পাতি ধৰা।পেটভাৰী মোৰ আজলী ছোৱালী জনী ক'ত আছে প্ৰভু । বিষায় উঠা বুকু খন সাৱটি মূড়াটোত বহী আন্ধাৰতে এসোঁতা হেঁপাহ পলুৱাই কান্দিলে।ভাত খাবলৈ হ'ল পিতাই।সৰু জীয়েকৰ মাতত চক্ খাই ঠিয় হৈ ডাঙৰ আই, ডাঙৰ আই বুলি চিঞঁৰি উঠিল।মই সৰু আইহে পিতাই ।বা দৰে মোৰ মাতটো বাবে মই মাতিলে তই বা বুলি ভাবি ল' পিতাই।মোৰ ভুক নাই অ' সৰু আই ।তহঁতে ভাত খাগৈ।বিৰহৰ বোজাই পেট ভৰি আছে। ভাত ক'ত সোমাব।

দিনৰ ঘটনাটো মনলৈ অহা-যোৱা কৰি থকা তগৰে আকস্মিক ভাবে ৰমাকান্ত পুলিচৰ আগমনৰ কথাটোত  আতংকিত হৈ পৰিল।তাই এটা ৰহস্য গোন্ধ পালে।তাই বিছনাৰ পৰা উঠি আহি ,ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটোৰ চৰনযুগলত খামুচি মাৰি ধৰিলে।দুচকুৰ পানী তপ তপকৈ ভগৱানৰ চৰণত বাগৰি পৰিল।

 আগলৈ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)