সমস্যা সমাধানৰ নীতি- কুইন বৰা

Rinku Rajowar
0
সমস্যা সৃষ্টিৰ ঘাই শিপাডাল আমাৰ অভিজ্ঞতাই  হস্তক্ষেপ কৰি পৰিবেশটোত  অৰ্থপূৰ্ণ ভাবে সমল যোগাই যদি উদ্দেশ্যত উপনীত হʼবলৈ প্ৰেৰণা দিয়ে, তেতিয়াই আমি পৰিস্থিতিৰ মূল অৱস্থাত মনোনিৱেশ কৰি আত্মসন্তুষ্টি লাভ কৰো। 
আনহাতে লক্ষ্য অৱস্থাৰ প্ৰকৃতি মানে হৈছে সমস্যাটোৰ পৰিস্থিতিলৈ যাব পৰা অনুমাণনিক সম্ভাৱনীয়তাৰ অনুসন্ধান। তাৰোপৰি সমাধান লাভৰ নীতি আৰু প্ৰক্ৰিয়া অনুকৰণ নকৰাকৈ আমি কোনো কাৰণতে সমস্যা এটাৰ সমাধানৰ পথ উলিয়াব নোৱাৰো। 
                  
                  সৃজনীমূলক চিন্তা, আত্ম বিশ্লেষণ, যোগাত্মক মানসিক দৃষ্টিভংগীয়ে সমস্যা এটাৰ সঠিক আৰু নিভাঁজ সমাধান কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিছুমান ক্ষেত্ৰত বেছিকৈ চিন্তা কৰি উদ্বিগ্নতাত ভোগা ব্যক্তিসকলে হুলস্থুলীয়া পৰিবেশ এটাৰ সৃষ্টি কৰি সমস্যা সমাধানৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সেয়েহে সমস্যা এটা সমাধান কৰিবলৈ যাওঁতে সদায় শীতল মগজুৱে যোগাত্মক চিন্তা-ধাৰাৰ যোগেদি লক্ষ্য স্থিৰ কৰি সঠিক প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগে। অন্যথা সাধাৰণ যেন লগা সহজ সমস্যা এটাইও আমাক বাস্তৱ ক্ষেত্ৰত জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। 

                আচলতে যুক্তিনিষ্ট চিন্তা ধাৰণাই আমাক যিকোনো পৰিস্থিতিতে জীৱন নামৰ ভিন্নৰঙী নাওখন সঠিক দিশত সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সক্ষম কৰি তোলে।
  
                যিহেতু জন্মতে এজন শিশুয়ে ভাল-বেয়াৰ বিচাৰ,আবেগিক বুদ্ধি আৰু আত্মসচেতনতাৰ অনুভৱ  শিকি নাহে, সেয়েহে অভিভাৱকসকলে শিশু এটি লালন-পালন কৰোতে তীক্ষ্ণ দৃষ্টিৰে সকলোখিনি নজৰত ৰাখি বয়সপ্ৰাপ্তিৰ লগে লগে সম্ভৱপৰ প্ৰয়োজনীয় সকলো বস্তুৰ সামাজিক ধাৰণা আৰু আত্মবিশ্লেষণৰ ভঁৰালটো চহকী কৰি গঢ়ি তুলিব লাগে। আমাৰ জীৱনটোত অকস্মাতে ঘটি যোৱা অনাকাংশিত ঘটনাবিলাকৰো যে সমাধান আছে সেইটো সিহঁতক ভালদৰে বুজাব চেষ্টা কৰিব লাগে। মাত্ৰ সমস্যাবিলাক সমাধান কৰিবলৈ সকলোকে যোগাত্মক চিন্তাধাৰাৰ প্ৰয়োজন হয়। 
              
                প্ৰথমতে আমি সিহঁতক চিন্তা- ভাৱনানো কি সেইটো সুন্দৰকৈ বুজাই দিব লাগে। চিন্তা- ভাৱনা যে আমাৰ মনৰ এক প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ ক্ৰিয়া আৰু ই আমাৰ প্ৰায়বোৰ কৰ্ম আৰু আচৰণৰ লগত জড়িত , লগতে চিন্তা নামৰ মানসিক খবৰৰ প্ৰক্ৰিয়াটোৱে যে আমাক জানিবলৈ, বুজিবলৈ আৰু চৌপাশৰ পৃথিৱীখনৰ প্ৰতি আচৰণ কৰিবলৈ শিকায় সেইটোও সুন্দৰকৈ বুজাই দিব লাগে। 

              সমস্যা সমাধানৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশকেইটাৰ বিষয়ে আপোনালোকক কব বিচাৰিছো: 
          ১) পৰিস্থিতিৰ মূল অৱস্থা।
          ২) লক্ষ্য অৱস্থা।
          ৩) সমাধান লাভৰ নীতি আৰু প্ৰক্ৰিয়া অনুকৰণ।

আমি সমস্যা এটা সমাধান কৰিবলৈ প্ৰথমে হয়তো পূৰ্বৰ অভিজ্ঞতাৰ পুনঃ স্মৰণ কৰিব লগা হয় নাইবা কিছুমান নতুন কৌশল উদ্ভাৱন কৰিব লগা হয়। কেতিয়াবা সন্মুখত বহুতো প্ৰত্যাহ্বান আহি আমাক আগভেটি ধৰেহি।কিন্তু অত্যন্ত লাগতিয়াল কথাটো হৈছে আমাৰ মন -মগজুক সেই প্ৰত্যাহ্বান বিলাক নিমিষতে মোহাৰি চূৰ্ণ-বিচুৰ্ণ কৰিবলৈ প্ৰস্তুত কৰাটো। 

                                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)