উপন্যাস-একাঁজলী বিৰহ খণ্ড নং - ২৪-বিটুমনি ভূঞা কোছ

Rinku Rajowar
0
তগৰৰ শাহুয়েকে আজি পলে পলে অনুভৱ কৰিছে পুত্ৰৰ মৃত্যুৱে কাঢ়ি নিব নোৱাৰা জীৱনৰ সুখ , আনন্দ , ঐশ্বৰ্য্য , বোৱাৰী নিৰুদ্দেশ হোৱাৰ পিছত এই সকলোবোৰ হেৰুৱাই সম্পূৰ্ণ ৰিক্ত , পংঙ্গু অসহায় এটা জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । বোৱাৰীয়েক নিৰুদ্দেশ হোৱাৰ পাছত ৰামভাই ম'হৰ খুঁটিতেই থাকিবলৈ ল'লে । বোৱাৰী নোহোৱা ঘৰখনলৈ মানুহজনো আহিবলৈ এৰি দিলে । এদিন দুদিনকৈ ওচৰ-চুবুৰীয়া মহিলা সকলো আহিবলৈ এৰি দিয়া নিতাল মাৰি পৰি ৰোৱা ঘৰখনত তিলতিলকৈ মানসিক অন্তৰ্দ্বন্দ্বত ভুগি থকা মানুহজনী তিনি চাৰি দিনকৈ জ্বৰত ভুগি আছে । খবৰ ল'বলৈ কোনো নাই । পানী অকণমান গৰম কৰি খাওঁ বুলি জুইশাললৈ যোৱা মানুহ জনী লুটিখাই পৰিল । বোৱাৰী থকা হ'লে আজি আই বুলি উঠাই দিলেহেঁতেন ।বোৱাৰীয়েকলৈ মনত পৰি সৰসৰকৈ ওলাই অহা চকুপানীবোৰ মচি মানুহ জনীয়ে প্ৰলাপ বকিবলৈ ল'লে । "মোক ক্ষমা কৰি দে বোৱাৰী। মোৰ নাতিটো লৈ ঘৰলৈ উভতি আহ্ ।"

ইফালে গা-ভাৰী তগৰে এখোজ দুখোজকৈ মন্দিৰত ঘূৰি ফুৰোঁতে সন্মুখৰ দৃশ্যটো দেখি ৰৈ গ'ল । নৱজাতক শিশু এটা মন্দিৰ দৰ্শনৰ বাবে আনিছে । পৰিয়ালৰ লোকে চেনেহৰ চকুৰে শিশুটো চাই চাই বেৰি-বেৰি আনিছে ।দৃশ্যটো উপভোগ কৰি তগৰৰ মুহূৰ্ততে চকুলো বৈ আহিল।তাই বাঢ়ি অহা পেটটো চুই চালে । এটা বিষাদৰ সুৰে তাইক মন্দিৰৰ কাষত থকা লানি-লানি গছকেইজোপাৰ ফালে টানি নিলে । তাইৰ অনুভৱ হ'ল - নৱজাতক শিশুটো বেৰি-বেৰি চেনেহৰ চকুৰে চাই থকা আপোন মানুহখিনিৰ দৰেই চাৰিও দাঁতিত থকা গছবোৰে মুগ্ধ হৈ যেন তাই পেটৰ সন্তানটোলৈকে চাই আছে ।

তগৰক উচপ খোৱাই তাইৰ ৰুমৰ কাষতে থকা বৃদ্ধা দুগৰাকীয়ে একেলগে হাঁহি উঠিল । হঠাৎ তগৰ উচপ খাই উঠিল । "ৰাধে এই অৱস্থাত গছৰ তলত অকলে অকলে কি কৰি আছা ! এই ঠাইলৈ অকলে এনেকৈ আজিৰ পৰা  নাহিবা ।" তগৰে ওৰণিখন টানি উভতিবলৈ সাজু হ'ল । বৃদ্ধা দুগৰাকীয়ে ক'লে , "আমি দুজনী মাই আছোঁ, আমাৰ লগত থাকিবা ।অকলে অকলে এনেকৈ ঘূৰি ফুৰা ভাল নহয় । তগৰে একো নকৈ তলমূৰকৈ বৃদ্ধা দুগৰাকীৰ লগত মন্দিৰলৈ খোজ ল'লে । জন্মৰ পৰাই লগ পোৱা নিজৰ মাক লগতে শাহুয়েকৰ অৱহেলাই তাইৰ মনত বুঢ়ী মানুহৰ প্ৰতি বেয়া ভাৱ জন্মাইছিল । "ৰাধে প্ৰধান প্ৰভুৱে তোমাক ফুলৰ মালা গাঁঠিবলৈ শিকাই দিবলৈ আমাক দায়িত্ব দিছে ।" তগৰৰ চাৎ কৈ প্ৰধান প্ৰভুৰ কথা মনত পৰিল । ভগৱানৰ মূৰ্তিত পিন্ধাবলৈ নাৰ্জী ফুলৰ মালা কেইবাজনো প্ৰভুৱে ইতিমধ্যে গাঁঠিয়েই আছিল । বৃদ্ধা দুগৰাকীয়ে তগৰক ফুলৰ মালা গাঁঠিবলৈ শিকাবলৈ ল'লে । এজন প্ৰভুৱে তগৰক মাত লগালে , "হৰে কৃষ্ণ মাতাজী ।" তগৰে তলমূৰ কৰি থাকিল । তগৰৰ উত্তৰ নাপায় প্ৰভুজনে কৈ উঠিল “মাতা , মন্দিৰত এটা নিয়ম আছে । ইজনে সিজনক হৰে কৃষ্ণ বুলি কৈ প্ৰণাম কৰিব লাগে । এই নিয়ম আপুনিও পালন কৰিব।"কোনো দিন পৰপুৰুষৰ লগত কথা পাতিবলৈ নিদিয়া শাহুয়েকৰ বাবে কৰা ভয়টো যেন তগৰৰ বুকুত আজিও আছে ।এগৰাকী বৃদ্ধাই ভঙা ভঙা অসমীয়াত মাত লগালে , "প্ৰভুজী , ৰাধে নতুনকৈ মন্দিৰলৈ আহিছে । লাহে লাহে সকলো জানিব ।"

প্ৰভুজনে তগৰলৈ চাই মৰমেৰে ক'লে ,  "মাতা , হৰে কৃষ্ণৰ অৰ্থ হৈছে - হে ভগৱানৰ শক্তি আৰু কৃষ্ণ হৈছে ভগৱান শ্ৰীকৃষ্ণ । জড় জগতত যিদৰে স্ত্ৰী পুৰুষ আছে । তেনেকৈয়ে ভগৱান হৈছে আদি পুৰুষ আৰু তেওঁৰ শক্তি (প্ৰকৃতি)হৈছে আদি ৰমণী । সেয়ে আমি হৰে কৃষ্ণ মন্ত্ৰ যেতিয়া উচ্চাৰণ কৰোঁ , তেতিয়া আমি কওঁ , হে ভগৱান শ্ৰী কৃষ্ণ হে শ্ৰীকৃষ্ণ শক্তি দয়া কৰি মোক আপোনাৰ সেৱাত নিযুক্ত কৰক ।" হৰে কৃষ্ণ বুলি উচ্চাৰণ কৰি প্ৰভুজনে ফুলৰ মালা গাঁঠিবলৈ ল'লে । তগৰে হাতযোৰ কৰি হৰে কৃষ্ণ প্ৰভুজী । হৰে কৃষ্ণ মাতাজী বুলি সকলোকে প্ৰণাম কৰিলে । সকলোৱে তগৰলৈ চাই হৰে কৃষ্ণ হৰে কৃষ্ণ বুলি উচ্চাৰণ কৰি হাঁহিবলৈ ধৰিলে ।সকলোকে হঁহা দেখি তগৰেও হাঁহিবলৈ ল'লে । বহুদিনৰ মূৰত তাইৰ ডালিমগুটিয়া দাঁত কেইটা জিলিকি উঠিল।আগলৈ,,,,,,,,।।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)