শৈশৱ বাৰে বাৰে নাহে-হেমেন হাজৰিকা

©Admin
0
পল পল দণ্ড ধৰি সময় গৈছে উৰি পাখি লগা কাড়ৰ নিচিনা অবিৰাম । বহু দুৰ আছে গতি সময় তাকৰ কৰি কৰিব লগীয়া আমি আছে বহু কাম । ঠিক তেনেদৰে মানৱ জীৱনত যি কেইটা স্তৰ আমাৰ জীৱনলৈ আহে আৰু এবাৰেই আহে; দুনাই আৰু কেতিয়াও নাহে । কি যে বিচিত্ৰ । ভাবি থাকিলেও যাৰ কোনো উৱাদিহ নাপাওঁ । কিমান ভাবিম, যিমানেই ভাবোঁ সিমানেই সি বেছি ৰহস্যৰ মাজলৈ সোমাই যায় ।
          মানুহৰ জীৱনৰ শৈশৱ কাল, বাহ কিমান আনন্দৰ সময়, না-চিন্তা, না-ভাৱনা । নিজে একোৱেই কৰিব নালাগে, সকলো আনে কৰে , তাতকৈ সুখৰ কথা কিবা থাকিব পাৰে জানো ? এই শৈশৱ ভালদৰে উপভোগ কৰিবলৈ দিব লাগে শিশু সকলক । কাৰণ সিহঁতৰ সকলো ফালৰপৰা বৃদ্ধি আৰু বিকাশৰ এয়াই উপযুক্ত সময় । খেলা-ধুলা, ফুৰা-চকা, ঘুৰা-ফুৰা, কথা-বতৰা, এই সকলো বোৰকে সিহঁতক সিহঁতে বিচৰা ধৰণে উপভোগ কৰিবলৈ দিব লাগে  ।
               তাহানিতে কি আছিল আৰু আজিৰ দিনটোত কি হৈ আছে । আগতে শিশু সকলে সিহঁতে বিচৰা ধৰণে শৈশৱ উদযাপন কৰিব পাৰিছিল, উপভোগ কৰিছিল, খেলিছিল, সমনীয়াহঁতৰ লগত জড়িত আছিল , ফুৰিছিল, ভাব বিনিময় কৰিছিল,ককাক আইতাকৰ পৰা চোতালত বহি সাধুকথা শুনিছিল, কথা বতৰা পাতিছিল,কি যে নকৰিছিল, দুষ্টালিও কৰিছিল । সমূহৰ মাজত পাৰ কৰিছিল সিহঁতৰ অফুৰন্ত সময় , পঢ়া শুনাও কৰিছিল সেইমতে  ।
                   ধুলি বালিত ওমলিছিল, মাটিৰ সংস্পৰ্শলৈ আহিছিল, লুকাভাকু, দৰা-কইনা আৰু ল'ৰালিৰ বিভিন্ন খেলাধুলা, সিহঁতে শৈশৱ কালটো সিহঁতে বিচৰা ধৰণে উপভোগ কৰিব পাৰিছিল , সকলোৰে লগত মিলি জুলি আছিল । সম্বন্ধ বোৰ অটুট আছিল, সংস্কাৰ শিকিছিল, নীতিশিক্ষা পাইছিল, ব্যৱহাৰ শিকিছিল, এটা শিশুৰ সকলো ফালৰপৰা বৃদ্ধি আৰু বিকাশ লাভ কৰিবলৈ সুযোগ আৰু সুবিধা পাইছিল । সিহঁতৰ কিমান যে লাভ হৈছিল ।
                        এটা শিশু ভৱিষ্যতৰ নাগৰিক বুলি আমি কওঁ , কিন্তু সিহঁতক এজন সুনাগৰিক হ'ব পৰাকৈ সেই সুবিধা আমি অগ্ৰজ সকলে দিব পাৰিছোনে ? বা দিছোনে ? সিহঁত অ-বাটে গ'ল বুলি বদনাম জাপি দিছোঁ , কিন্তু সেই অবাটটো কোনে কাটি দিছে ? এই খিনি সময়েই সিহঁতৰ কাৰণে সুন্দৰ সময় , জীৱনটো সিহঁতৰ কাৰণে সুন্দৰ হৈ থাকে । কাৰণ এই সময়খিনিত সিহঁতে বুজি নাপাই জীৱন মানেনো কি ? সেই কাৰণেই আমি সিহঁতক সেই সুযোগ দিব লাগে ।
                            জীৱনত শৈশৱ কাল এবাৰেই পোৱা যায় , দুনাই আৰু কেতিয়াও নাহে । এফাকি কবিতা লৈ মনত পৰিল । সোণৰ শৈশৱ কাল গ'লে আৰু নাহে,পখিলাই কাণে কাণে কয় । হেন জানি হেৰা ল'ৰা তেনে সময় অবাবত নকৰিবা ব্যয় । গতিকে যিমান পাৰে সিমানে উপভোগ কৰিবলৈ দিব লাগে । মন মগজু শাৰীৰিক মানসিক বৌদ্ধিক সামাজিক সকলো দিশতে সামগ্ৰিক বিকাশ হ'লেহে সিহঁতে পূৰ্ণতা পাব । 
                                আমাৰ দিনত বা তাৰ কিছুদিন পিছলৈকে শিশুহঁতে সিহঁতৰ শৈশৱটো মনৰ জোখাৰে উপভোগ কৰিব পাৰিছিল, সকলোৱে সিহঁতক সময় দিছিল , সহযোগ কৰিছিল । সিহঁতৰ মনৰ পৰিধিৰো সেইদৰে বিকাশ হৈছিল । শৈশৱ পাৰ হোৱাৰ পিছত সিহঁতে সেইদৰে গতি লৈছিল । সময় আগুৱালে, সকলো ফালে পৰিবৰ্তন আহিল ।
                                এই পৰিবৰ্তনৰ ঢৌৱে সকলোকে চুই গ'ল । তাৰ ফল এই সকলো বোৰতো পৰিল  ।
                                     সমাজ জীৱনলৈ অহা পৰিৱৰ্তনে আমাৰ শিশু সকলকো চুই গ'ল । তাৰ বাবে দায়ী সিহঁত নহয়, আমিবোৰহে । বুজা নুবুজা দিনৰ পৰাই আমি সিহঁতক আমিৰ পৰিৱৰ্তে মই হ'বলৈ শিকাইছো, কেৱল  মই । কেৱল খোজটো ভালদৰে দিব পৰা হোৱা দিনটোৰ পৰাই সিহঁতক
মই হ'ব পৰা প্ৰতিযোগিতাত নমাই দিছোঁ । কাৰোৰে লগত সহযোগিতা কৰা, কথাবাৰ্তা হোৱাৰ পৰা আমি সিহঁতক বঞ্চিত কৰিছোঁ । কাৰণ সিহঁত সকলোতে প্ৰথম হ'ব লাগিব। ।
                                           ইয়াৰ ফলত সিহঁতে হেৰুৱাই পেলাইছে শিপা । শিপা বিহীন এডাল উদ্ভিদ কিমান শক্তিশালী হ'ব পাৰিব । সেই প্ৰতিযোগিতাত সিহঁতক দৌৰিবলৈ দি ভাগৰুৱা কৰি পেলাইছো । তাৰ ফলত সিহঁতে হেৰুৱাইছে সিহঁতৰ সোণালী শৈশৱৰ মাদকতা । ফলত সিহঁত পৰিনত হৈছে এটা এটা যন্ত্ৰ মানৱত । এটা কোঠাৰ ভিতৰত সোমাই থাকি ম'বাইল, কম্পিউটাৰ, ভিডিঅ গেম খেলি থাকিবলৈ দি সিহঁতৰ নিজা পৃথিৱীখন চুটি কৰি পেলাইছো ।
                                              ‌‌ ইয়াৰ ফলত সিহঁতে আত্মীয় স্বজনৰ পৰা বহু দুৰত বাস কৰা হ'ল । সম্বন্ধ বাচক কথা বোৰৰ পৰা নিলগত থকা হ'ল । সকলোৰে লগত কথা পাতিবলৈ সংকোচ কৰা হ'ল । কথা পাতিবলৈ নজনা হ'ল । শিক্ষিত হৈছে ঠিকেই কিন্তু সেইমতে সিহঁত জ্ঞানী হ'ব পৰা নাই । কেৰোণটো ক'ত ? আহঁক আমি সকলোৱে এই বেহুৰ পৰা ওলাই যোৱাৰ বাট বিচাৰি লওঁ ।
        
✍️হেমেন হাজৰিকা
     মিৰ্জা। ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)