আঘোণৰ পূৰ্ণিমা: মহো'হো উৎসৱ-চিন্ময় ডেকা

©Admin
0
মহো-হো,অথবা মহ খেদা উৎসৱ উল্লেখ্য ভাৱে নামনি অসমত উদযাপন কৰা এটি লোক উৎসৱ। তাহানিৰ পৰাই বিশেষকৈ দৰং,ওদালগুৰি,কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা জিলাত ইয়াৰ প্ৰচলন দেখা যায়।এই উৎসৱ প্ৰতিবছৰে আঘোণ মাহৰ পূৰ্ণিমা ৰাতি চেমনীয়া ল’ৰাবোৰে এক লগ হৈ সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰীৰে এই উৎসৱ পাতে। সাধাৰণতে আঘোণ মাহত খেতি চপোৱা হয়; বতৰো ফৰকাল, মানুহৰ অভাৱ-অনাটনো কম থাকে। সেয়ে তাহানিৰ পৰাই প্ৰচলিত হৈ অহা এই মহোহো উৎসৱৰ ৰাতি আনন্দৰ বহি:প্ৰকাশ ঘটে। এই উৎসৱৰ মূল লক্ষ্য হৈছে গৃহস্থৰ ঘৰৰ পৰা চাউল পাত, টকা-পইচা মাননি হিচাপে সংগ্ৰহ কৰা। এই উৎসৱৰ দিনাখন গধূলি সময়ত ডেকা,বুঢ়া,চেমনীয়া সকলো সৰু-সৰু দল হৈ হাতত বাঁহৰ সৰু-সৰু টাঙোন, ঠোৰকা আদি লৈ নাচি-নাচি গীত গাই মানুহৰ ঘৰে-ঘৰে গৈ এই উৎসৱ পালন কৰা দেখা যায়। এই উৎসৱৰ সময়ত গোৱা গীতবোৰ সাধাৰণতে মানুহৰ মুখে মুখে প্ৰচলিত অহা গীত বিশেষ ভাৱে আমোদজনক। মহ খেদাৰ সময়ত তথা দলটোত এটি উল্লেখনীয় বৈশিষ্ট্য আছে, য'ত মানুহে ভালুকৰ বেশ ধৰে। সাজোঁন-কাচোনত ব্যৱহৃত সামগ্ৰীৰ যেনেদৰে, গাঁও অঞ্চলত পোৱা কলৰ পতুৱা,তামোলৰ ঢকুৱাৰ দৰে সামগ্ৰী সমূহ পিন্ধি আকৰ্ষণীয় দৃষ্টিপট লৈ ভালুকৰ বেশ লৈ পৰিণত কৰি ৰং ধেমালিৰ মাজেৰে নৃত্য কৰা আজিৰ সময়তো দেখা যায়।
 মহ খেদা উৎসৱৰ গীতবোৰ সাধাৰণতে এজনে লগাই দিয়ে। আৰু বাকীবোৰে ধৰে, একে সময়তে বাঁহৰ সৰু সৰু টাঙোনেৰে মাটিত শব্দ কৰি মানুহৰ ঘৰে-ঘৰে আৰ্শীবাদ দি এনেদৰে গায়-
"আঘোণৰ পূৰ্ণিমা হ’ল
মহ খেইদবাৰ হুকুম হ’ল
অ’ হো হো মহো হো
মহ খেইদবা টাকোন লৌ
মহে বুলে মৌইল্লুদে
টেপোল পুৰা খালু দে
টেপোলাত নহ’ল লুন
চাউল কাৰে দোন দোন
চাউল নেদি দিলাক কড়ি
এনেথোৰ ঘৰ লৰি-চৰি
লৰি-চৰি যাওঁতে
সোণৰ নাঙাল বাওঁতে
মহে বুলে মৌইল্লুদে
হাইৰে্ হুইৰে্"
প্ৰবাদ অনুযায়ী, মহ খেদা গীতবোৰ গালে মহবোৰ ভয়ত আঁতৰি যায় বুলি কোৱা হয়। আৰু লগতে গৃহস্থক আশীৰ্বাদ দি চাউল-পইচা লোৱা হয়। লোক বিশ্বাস মতে, মহোহো উৎসৱৰ পিছত মহবোৰ লাহে লাহে কমি নাইকিয়া হয়। মহ খেদোতাসকলে যি চাউল বা পইচা পায়, সেই চাউল-পইচাৰে পিছত সকলোৱে লগ লাগি ভোজ-ভাত খায়। কালক্ৰমত হেৰাই যাবলৈ ধৰা এই লোককৃষ্টি মহোহো উৎসৱ পৰম্পৰাগত সাজপোচাক পৰিধান কৰি মহোহো গীত পৰিৱেশন কৰিছে আজিৰ শিশুৰ পৰা ডেকা বুঢ়ালৈ এক লোক উৎসৱৰ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে নৱপ্ৰজন্মৰ প্ৰতিজনৰ ব্যক্তিৰ হৃদয়ত। ইয়াক ম্লান পৰিবলৈ নিদিবলৈ হ'লে আমাৰ দৰে প্ৰজন্মই ধৰি ৰখাটো প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)