তিনিটা আখৰেৰে গঠিত
এটি মধুৰ শব্দ বন্ধুত্ব..
য'ত থাকে দুখন হৃদয়ৰ মাজত
অযুত মৰম আৰু বিশ্বাস।
এটি পবিত্ৰ সম্পৰ্ক বন্ধুত্ব..
বন্ধুত্বৰ এনাজৰীৰ অবিহনে
অসাৰ আমাৰ জীৱন
অসম্পূৰ্ণ........!
যাৰ লগত আমি
অন্তৰৰ সকলো কথা
আলোচনা কৰি সুখ দুখৰ
সমভাগী হ'ব পাৰোঁ।
বন্ধুত্ব কোনো জাতি বিচাৰ কৰি
গঢ় লৈ নুঠে
দুখন হিয়াৰ বুজাবুজি
ভালপোৱা আৰু ত্যাগৰ বাবে
বন্ধুত্ব গঢ়ি উঠে।
প্ৰকৃত বন্ধুত্বই আমাৰ জীৱন সেউজ কৰি তোলে
কিন্তু প্ৰকৃত বন্ধুত্ব
লাভ কৰা বৰ সহজ নহয়।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ