ইমান মহান
কোনেনো স্ৰজিলে বাৰু এইখন
বিশাল সীমাত?
শব্দবোৰ গতি লগাই বনাইছা এক
নবীন জগত
কেনেকৈ জানিলা ইমান ভাষাৰ
স্বাদী শৃংখল?
কবিয়ে বোলে অ' কণমানি প্ৰথম
শিকা 'অ', 'আ'
আগুৱাই জানিবা 'ক', 'খ'-ৰ তেহে
লগ্ন বু-বা।
আকৌ কবি কোৱা দুনাই কেনেকৈ
কৰিম আখৰা?
ইমান জটিল এই খেলটো কি যে
মেধাৰ ক্ষীপ্ৰতা!!
এইবাৰ বোলে কবি হেনো লাগে
'ক', 'খ'-ৰ পিছত পোছাক,
জন্মদাত্ৰীক পূজাৰ বচন
জপ কৰাৰ উপায়;
তাৰ পিছতেই আহি যাব
বাজীকৰৰ যাদু
এই যাদুতেই প্ৰমাণ পাবা
বচনেই শিকাৰ লুডু।
সোধে পুনু কণমানিয়ে ক'ৰ পৰা
এই পোছাক পাম?
দিয়া মোক সৃজন ৰস লগতে
জপৰ বচন জাত।
কবিয়ে দিয়ে উপদেশ লাগে
মাথোঁ তপ,
এবাৰত নাজানি দুবাৰত নাজানি
ওলোটা কাল হ'ল;
তৃতীয়, চতুৰ্থ, পঞ্চবাৰত প্ৰগতিৰ
বুদ্ধি উপজিয়ে-
পিন্ধিব ভাষাই মোহন সাজ পল্লৱ
শকত দিশে!
এতেকে গুণ-গান কণমানিৰ কবি হোৱাৰ
যি সংকল্প
চৰ্চাই যোগায় বোকাৰ মৃণাল লাগে
ধীৰতা গুপ্ত!!
এৰা কবি সঁচাই তুমি মুক্তচৰে
গহীন ৰূপী
নহয় প্ৰণয় কোলাহলৰ- কৃষ্ট মূল্যত
বিদ্যাভাগী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ