কাঢ়ি নিনিবা
সেউজীয়াৰ বিশাল ভালপোৱা
বিয়পি থাকক পৃথিৱী জুৰি।
তুমি নিচেই কাষ চাপি গাবা
প্ৰত্যাশাৰ গান
বুকুত ফুলিব প্ৰেমৰ উদ্যান
গভীৰ বিশ্বাসৰ।
নিজানত বহি আলফুলে আঁকিবা
নদন-বদন স্বপ্নৰ পৃথিৱী,
পৃথিৱীখনে সাৰ পাব
চৌদিশ পোহৰ হ’ব।
সেউজীয়াত অঙ্কিত হ’ব
এখন সঁচা ছবিৰ