সৰগৰ বেলকনি -ছাইফুদ্দিন আহমেদ

Rinku Rajowar
0
সৰগৰ বেলকনিৰ পৰা 
তুমি আছিলা চাই 
মোলৈ ৰৈ ,
মই টোপনি
যোৱা লৈ ৷
তুমি সৰগৰ 
অপেশ্বৰী,
নামি আহা
নিয়ৰৰে ,
জখলা দি ৷
হিয়াৰ পদুলিতে 
নানা ফুলে 
পাহি মেলিছে,
তাতে তোমাৰ 
সুবাসে মোক 
ৰোমান্সিত কৰিছে ৷

এন্ধাৰৰে সুযোগতে
তুমি আহা কিয়
নিতৌ মোৰ, 
ৰাতিৰ সপোনতে ?
মই বিচাৰোঁ 
তোমাক
চিৰজীৱন,
তুমি মোৰ 
থাকা যদি 
কাষতে,
সৰগৰ সুখ 
মোক নালাগে !
তুমিয়েই মোৰ 
সৰগ যদি হোৱা গৈ,
লিখি থৈ অহা 
সৰগৰ বেলকনিত,
মোক কেতিয়াও 
এৰি থৈ নোযোৱা বুলি কৈ ৷।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)