পিতাইৰ হেঁপাহৰ পথাৰখন- নীভা লয়িং

শাওনৰ আকাশত ওন্দোলাই অহা কলীয়া ডাৱৰে ৰ'দালিৰ সৈতে, লুকা-ভাকু খেলে।
 ওৰে নিশা এন্ধাৰতো  বকুল ফুলৰ সুবাসত ভৰি পৰে, 
শাওনৰ ৰাতিবোৰ।

পুৱাৰ কিনকিনিয়া বৰষুণ জাকৰ পৰশত,
তলভৰা চোতালৰ ফুলবোৰে ধূলি- বালিৰ সৈতে সান্নিধ্য লভে।
আয়ে শালিকী পুৱাতে 
পিতাইলৈ বুলি,
জুশালত ৰঙা চাহে পুৱাৰ 
পাতনি মেলে।

কিনকিনিয়া বৰষুণতো,
পিতাইৰ লগৰীয়া গৰুহালে,
পথাৰত মৈখনে বোকাত সুগন্ধি ঢৌ তোলে।
পিতায়ে বোলাই দিয়া মুঠি মুঠি কঠিয়া,
ৰোৱনীৰ লিহিৰি আঙুলিৰ ফাঁকেৰে
গুঁজে এগুচা-দুগুচা কৰি।

 ডাৱৰীয়া বতৰতো ৰোৱনীৰ ভাগৰুৱা ঘাম,
শাওনৰ পথাৰ হয় সেউজীয়া  সঁজাল ধৰে ধৰিত্ৰীৰ বুকুত ।
মুষলধাৰ বৰষুণে আনে
ভদীয়া বানৰ লহৰ,
বানৰ লহৰ নেওচি 
 ধৰে শিপাই মাটিত খামুচি।
লাহে লাহে এপথাৰ সেউজীয়াত আহে সঁজাল,
ৰ'দ-বৰষুণত তিতি-বুৰি
আহিনত ধান গছ হৈ ফুলে।

কাতি মাহত মিচিকিয়া হাঁহি
আঘোণত হালধীয়া হয়।
এনেকৈ সোণসেৰীয়া হয়,
পিতাইৰ হেঁপাহৰ পথাৰখন।

             🔴 নীভা লয়িং
         পাণবজাৰ, গুৱাহাটী-০১

Post a Comment

Previous Post Next Post