আবেগৰ বা লাগি জিকাৰ খাই উঠিল
হুৰ-হুৰাই উৰি গ'ল এজাক শৰালি
পাখিৰ ধপ্ ধ্পনি মুখৰিত কৰা পল
দাপোনত মুখ চাবলৈ দাপোন নেপাই
পানীৰ যুৱলিত ডিঙি মেলি ৰৈ থাকিল দেওলীয়া সময়
অশান্ত বতাহত টিলিঙা বজাই ঢৌ বোৰে নাচি থাকিল
সমবেত কণ্ঠত উচ্চ স্বৰত বাজি থাকিল
স্ব-দেশ স্ব-জাতি আত্ম প্ৰীতিৰ বেসুৰীয় গান
য'ত তিল মানো নাই আশ্বাস বিশ্বাসৰ অৱকাশ
থিয় হৈ থকা মাটি টুকুৰাৰ কম্পন নুশুনা কাণে
তিৰবিৰ চকুৰ জ্যোতিত অনুৰাগী হৈ
নিজৰ হাত দুখনক বিশ্বাস নকৰি নিষ্কৰ্মাৰ দৰে
তিৰস্কাৰৰ মুকুট পিন্ধি ৰাজ হাউলিত খেলা পাতে
কেনেকৈ সূলভ আবেগত ডুবাই দিব পাৰি দেশ জাতি
ক্ষণিক আবেগৰ প্ৰবাল সোঁতত ভাহি ফুৰা
জাতি এটাৰ মেৰুদণ্ড হীন উচাহে কেনেকৈ যে
ঘাটে ঘাটে পানী খুৱাই অৱলীলাক্ৰমে
নি: শেষ কৰি পেলাব পাৰে অৱশিষ্ট চিনাকি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ