আমাৰ আপোন
লুইতখন চাবলৈ ভাল।
লুইতৰ সিপাৰে
নীলাচল পাহাৰৰ বুকুত
সূৰ্য্যাস্ত চাবলৈ ভাল।
দুয়ো পাৰ সংযোগ কৰা
শৰাইঘাটৰ প্ৰতিবিম্ব
লুইতৰ পানীত চাবলৈ ভাল।
উজনিৰ পৰা বৈ অহা পানীত
লুইতৰ বুকুৰে উটি আহে
তোমাৰ খবৰ
ভৰলুমুখৰ পৰা;
সেই খবৰৰ উমান লবলৈ ভাল।
নামনিৰ পানী
লুইতৰ বুকুৰে উভতি নাযায়।
উজনিৰ পানীৰ সৈতে
মাথোঁ সাগৰলৈ বৈ যায়!
তোমাৰ খবৰৰ উমান লবলৈ
মই লুইতলৈ চাই থাকো।
সেয়ে, ভৰলুমুখৰ পৰা
লুইতখন চাবলৈ ভাল।
তোমাৰ খবৰৰ উমান লবলৈ ভাল!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ