বেতনী বাৰীখনত সোমালোঁ।
তাৰে দুডাল বেত কাটি, মিহি কৰি
ৰ'দ শুকুৱাই স্কুললৈ বুলি ৰাওনা হ'লোঁ।
ব্যাকৰণৰ ক্লাছ, কালৰ চৰ্চা
"মই জ্ঞানী মানুহ হ'ম।" ---কোনটো কালৰ বাক্য ক'ব নোৱাৰাত
বৰ্তমান কালত নিজে কাটি নিয়া বেতেৰে
হাতত দুচাত্ খালোঁ।
হাতৰ বিষ্ বাঢ়িল,
কালৰ বিসংগতি ভাগিল,
নাজানিলোঁ কিয় মা দেউতাই অভিযোগ নকৰাকৈ
মৰমেৰেহে বুজাইছিল, "চেকনীৰ আগত বিদ্যা বুলি"?
এতিয়া মই সেই ভৱিষ্যতত আছোঁ
য'ত সংস্কাৰৰ ঘাঁইখুটাত যেন উঁই লাগিছে
অনৈতিকতাই জ্ঞানৰ পৰিসীমা ঠেলি ঠেলি উধানত তুলিছে!
মৰমৰ অতিশয্যত গুৰুজন নিমাত...!!
যেন এতিয়া কেৱল চৌপাশে কাউৰীজাকে বৰকৈ ৰমলীয়াই থাকে!!!!
✍নিহাল গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ