আঁউসীতো বিচাৰি পায়
শীতল জোনাক
এষাৰি মাথোঁ মৰমৰ মাত
মোৰ হৃদয়ৰ পৰা তোমাৰ ভালপোৱালৈ
কিমান যোজন বাট
নীলিমাৰ মাজত লুকা-ভাকু খেলা
তৰালিৰ মুকুতা মালা
সন্ধিয়াৰ শেতেলীত পৰি নিৰৱে
তোমাৰ মৰমে ৰিঙিয়াই মাতে
প্ৰেমৰ চুপহিৰ সুবাসিত মলয়াই
কৃষ্ণচূড়াই ৰঙ বিলাই
তোমালৈ বাট চাই নিৰৱে নিতালে
বৈ যায় অলকানন্দা
হৃদয়ে হৃদয়ৰ ভালপোৱা বিচাৰি
আকুলতাৰ ক্ষণ গণি
পোৱা নোপোৱাৰ দোমোজাত
হৃদয়ৰ পৰা হৃদয়লৈ কিমান যোজন বাট
প্ৰতীক্ষাৰেই মাথোঁ ৰওঁ কৃষ্ণচূড়াৰ ছাঁত
তোমাৰ ভালপোৱালৈ কিমান যোজন বাট ?
✍🏻মামণি বৰঠাকুৰ
মৰাণ, ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ