নিৰুত্তৰ-জহিৰুল ইছলাম

Rinku Rajowar
0
দেউতা, অ'দেউতা
আমি ঘৰলৈ কেতিয়া যাম
সেই যে আ-হি-লা 
লগত মা, বাইদেউ আৰু ভণ্টিক লৈ 

আহিছে আমাৰ গাঁৱৰ ছাদেক, জমিৰণ, ময়জানো 
সিহঁতেও চোন যোৱা নাই
এইবাৰ পিকনিক কিমান দিন খাবা অ' দেউতা
দেউতা নিৰুত্তৰ 

আকৌ দৌৰি আহি... 

মোৰ কিন্তু স্কুল খুলিছে
বুজিছা দেউতা
মোৰ কিতাপৰ বেগ,খেলৰ পুতলাটো 
তুমিচোন আনিবলৈয়ে নিদিলা 
এতিয়া মই কি পঢ়িম
কেনেকৈ মই ডাঙৰ মানুহ হ'ম
আমাৰ ছাৰে কৈছে
"লেখা পঢ়া কৰে যি,
গাড়ী-ঘোঁৰাত চৰে সি"
মোৰ খেলনাৰ ৰচী, পুতলা আৰু কত কি
ক'ত পাম মোৰ খেলৰ লগৰী 
নিতা পাৰমিতা ৰাজেশ অংকিতক
দেউতা, অ'দেউতা
তুমি শুনিছানে
জানা দেউতা
আমাৰ স্কুলত পৰহি বোলে "ড্ৰেছ" দিব
আমাৰ হেড মাষ্টৰে কৈছে
ব'লা দেউতা, আমি ঘৰলৈ যাওঁ
দামী স্কাৰ্ট আৰু হালধীয়া টি-চাৰ্ট 
বৰ ধুনীয়া লাগিব অ' দেউতা
সেইবোৰ পিন্ধি মই সদায় স্কুললৈ যাম
ব'লা অ' দেউতা
আমি ঘৰলৈ যাওঁ 

আৰু এটা কথা দেউতা
কালি ৰামু কাকাৰ ছোৱালী নবিতা আহিছিল
আলহী খাবলৈ
জানা দেউতা
সিহঁতৰ খুড়াৰ ঘৰত আলহী খাই
এইফালেদি যাওঁতে মোক দেখি সুধিছিল --
ঐ ৰহিমা,
"তহঁত বোলে সন্দেহযুক্ত বাংলাদেশী"
সন্দেহযুক্ত বাংলাদেশী
বাংলাদেশী কাক কয় দেউতা ?
দেউতা নিৰুত্তৰ... 

কণমানি ৰহিমাৰ প্ৰশ্নবোৰ
কলিজাত বিন্ধিছে তেজ নোলোৱাকৈ
জ্বলিছে ধোৱা নোলোৱাকৈ
এক অন্ধকাৰ ভৱিষ্যতৰ নাঙঠ ভাস্কৰ্য।।
          
✍️জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)