বৰ্তমান সময়ত নাৰী সুৰক্ষাৰ প্ৰয়োজনীয়তা-প্ৰিয়ংকা চমুৱা

Rinku Rajowar
0
নাৰী প্ৰকৃতিৰ অনুপম সৃষ্টি যাৰ অবিহনে এই পৃথিৱীৰ কোনো অস্তিত্ব নাই বুলি ক'ব পাৰি। সৃষ্টিৰ পাতনিৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে, পুৰুষ আৰু নাৰী উভয়ে উভয়ৰ পৰিপূৰক। নাৰী হৈছে দেশৰ ধৰণী। 

মহিলাৰ সবলীকৰণ:
মহিলাৰ সবলীকৰণ বুলি ক'লে বুজা যায় যে মহিলাৰ নিজৰ দক্ষতা অনুসৰি আত্মবিশ্বাস বঢ়াই তোলা আৰু মহিলা সকলৰ প্ৰায়বোৰ দিশত যেনে আত্মিক , ৰাজনৈতিক , সামাজিক বা অৰ্থনৈতিক শক্তি বৃদ্ধি কৰা। বৰ্তমান সময়ত মহিলা বা নাৰী মানসিক আৰু শাৰীৰিকভাৱে সবল হোৱাটো অতি প্ৰয়োজনীয় লগতে শিক্ষিত হোৱাতো অতি বাঞ্চনীয়। গণতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষ আৰু নাৰী উভয়ে শিক্ষিত হোৱাতো অতি দৰকাৰী। কিন্তু ভাৰতবৰ্ষৰ কিছু ঠাইত নাৰী শিক্ষাৰ ক্ষেত্ৰত বৰ্তমানেও গুৰুত্ব প্ৰদান কৰা হোৱা নাই। শিক্ষাই নাৰীক সবলীকৰণৰ দিশত আগবঢ়াই নিয়াত সহায় কৰে। গতিকে নাৰী সবলীকৰণৰ দিশত শিক্ষাক অগ্ৰাধিকাৰ দিবই লাগিব। 

ভাৰতবৰ্ষত বৰ্তমান নাৰীৰ সুৰক্ষাৰ স্থিতি:
প্ৰতিদিনে নাৰীৰ ওপৰত চলা অত্যাচাৰ, নাৰীয়ে পাব লগা অধিকাৰৰ পৰা বঞ্চিত হোৱা ইত্যাদি বাতৰি কাকতত, ছ'ছিয়েল মিডিয়াত প্ৰকাশিত হৈয়ে আছে। আমাৰ দেশৰ সংবিধানে নাৰীক সুৰক্ষা, সম অধিকাৰ, সম মৰ্যাদা প্ৰদান কৰিছে যদিও নাৰী সকলে সকলোবোৰ জানো পাইছে! নাৰী সকলৰ প্ৰতি সন্মান জনোৱা, সম অধিকাৰ লাভ কৰা, নাৰীক মানসিক আৰু শাৰীৰিক ভাৱে সবল সুস্থ কৰি তোলাটোৱে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ মূল উদ্দেশ্য। সমাজৰ প্ৰগতিৰ বাবে মহিলাক সামাজিক উৎপাদনৰ কালত পুৰুষৰ সমানেই যোগদান কৰাতো নিতান্তই প্ৰয়োজনীয়। পুৰুষৰ দৰে পৰিয়ালৰ আন সদস্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ মহিলাই নিজৰ আৰু পৰিয়ালৰ ভৰণ-পোষণ দিবলৈ উপাৰ্জনৰ পথ উলিওৱাতো প্ৰয়োজনীয়। নিজৰ সামাজিক অধিকাৰ পাবলৈ আৰু সুস্থ আৰু ন্যায়সংগত ৰাজনৈতিক পৰিৱেশ গঢ়ি তুলিবলৈকে নাৰী হোৱাতো প্ৰয়োজনীয়। সাম্প্ৰতিক কালত নাৰীয়ে নিজেও শিক্ষা আৰ্জনৰ প্ৰতি মন দিবই লাগিব। 

বৰ্তমান সময়ৰ নাৰী সবলীকৰণৰ কিছুমান আঁচনি হৈছে  –
১. মহিলা সমৃদ্ধি যোজনা আঁচনি-
এই আঁচনিখনৰ উদ্দেশ্য হৈছে যে চৰকাৰে আত্ম সহায়ক গোটবোৰক আৰ্থিক সাহায্য প্ৰদান কৰা আৰু ক্ষুদ্ৰ ঋণ প্ৰদান কৰি গ্ৰাম্য মহিলা সকলক স্বাৱলম্বী কৰি গ্ৰাম্য অৰ্থনীতিৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিয়া।
২. কনকলতা মহিলা সবলীকৰণ আঁচনি-
এই আঁচনি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৰুসজাই ষ্টেডিয়ামত ১ এপ্ৰিল ২০১৮ চনত আৰম্ভ কৰে। এই আঁচনিখনৰ অধীনত এক লাখ আত্মসহায়ক গোট গঠন কৰি ১০ লাখ মহিলাক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।
৩. মহিলা-ই-হাত আঁচনি -
এই আঁচনিখন গৃহিণী সকলৰ ওপৰত দৃষ্টি ৰাখি ৰূপায়ন কৰিছিল। যিসকল গৃহিণী সকলো দিশত নিপুণ কিন্তু তেওঁলোক স্বাৱলম্বী হ'ব পৰা নাই, সেইসকল গৃহিণীৰ বাবে এই আঁচনি প্ৰস্তুত কৰা হৈছিল। 

৪. ৱান ষ্টপ চেণ্টাৰ আঁচনি-
এই আঁচনিখনৰ মূল লক্ষ্য হৈছে মহিলাক সুৰক্ষা প্ৰদান কৰা। এই আঁচনিৰ যোগেদি ভাৰতবৰ্ষৰ বিভিন্ন নগৰ-গাঁও অঞ্চলত অত্যাচাৰৰ বলি হোৱা মহিলা সকলক সুৰক্ষা প্ৰদান কৰা। 

৫. নাৰীশক্তি পুৰস্কাৰ আঁচনি-
এই আঁচনি ১৯৯৯ চনত গ্ৰহণ কৰা হৈছিল। মানসিক আৰু শাৰিৰীক ভাৱে দুৰ্বল মহিলা সকলক যিসকল মহিলাই বা বিভিন্ন সংস্থাই উৎসাহ সাহস প্ৰেৰণ কৰি আহিছে, তেনে লোকৰ বাবে এই আঁচনি প্ৰস্তুত কৰা হৈছিল। 

সমাজত এগৰাকী অৰ্ধশিক্ষিতা মহিলা আৰু এগৰাকী শিক্ষিত মহিলাৰ চিন্তাধাৰা:
সমাজত এগৰাকী অৰ্ধশিক্ষিতা মহিলাৰ তুলনাত এগৰাকী শিক্ষিত মহিলাৰ চিন্তাধাৰা, ভাৱ-ভংগী সকলো দিশতে  বহু আগবঢ়া আৰু ওপৰত। গতিকে নাৰী সবলীকৰণ বা নাৰী জাগৰণ শিক্ষিত মহিলাই আনিব পাৰে। মহিলাসকলৰ শিক্ষাৰ ওপৰতে দেশ এখনৰ আভ্যন্তৰীণ বিকাশ নিৰ্ভৰ কৰে। তেওঁলোকৰ মাধ্যমেৰেই এখন সমাজৰ পৰা আন এখন সমাজলৈ শিক্ষা বিস্তাৰিত হয়। 

এটি শিশুৰ শিক্ষা জীৱনৰ প্ৰথম শিক্ষয়িত্ৰী গৰাকী হৈছে তেওঁৰ মাতৃ। গতিকে শিশুসকলক সু-শিক্ষা দিবলৈ মহিলা সকল শিক্ষিত হোৱাতো প্ৰয়োজনীয়। 

আজিৰ নাৰীয়ে উচ্চপ্ৰদত্ত অধিকাৰ সাব্যস্ত কৰিছে যদিও নাৰীয়ে ঘৰুৱা বা সামাজিক হিংসাত সোমাই পৰি নিৰ্যাতিত হৈছে। নাৰী দিৱসৰ অৰ্থ সফল কৰিবলৈ হ'লে প্ৰতিগৰাকী নাৰীয়ে অধিকাৰ লাভ কৰিব লাগিব, যি অধিকাৰ তেওঁলোকৰ অধিকাৰ । 

নাৰী হৈছে সমাজৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ দাপোণ। কোনো সমাজত যদি নাৰীৰ জীৱন সবল তেনে এইটো কথাই প্ৰতিফলিত হৈ যে হেই সমাজখন শিক্ষিত। নাৰীৰ অবিহনে মানৱ জীৱন অসাৰ আৰু সমাজো অসম্পূৰ্ণ। 

প্ৰকৃতিয়ে নাৰীক সৌন্দৰ্য প্ৰদান কৰিছে যদিও কন্যা-ভ্ৰুণ হত্যা কৰা সময়ত এইটো কথা একাংশই পাহৰি যায় যে প্ৰতি গৰাকী কন্যাৰ আঁৰত এগৰাকী মা লুকাই থাকে। 

সমাজত নাৰীৰ স্থিতি যিমান গুৰুত্বপূৰ্ণ, সন্মানজনক তথা সক্ৰিয় হ'ব, সিমানেই আমাৰ সমাজ ব্যৱস্থা উন্নত হ'ব। নাৰী সকলৰ মাজত ব্যাপকভাৱে শিক্ষাৰ প্ৰসাৰ হ’লে সু-সংগঠিত ভাৱে সকলো নিৰ্যাতনৰ বিৰুদ্ধে থিয় দিয়াৰ উপৰিও নিজৰ কৰ্মদক্ষতা, সামাজিক দায়বদ্ধতা, সামাজিক আৰু ৰাজনৈতিক তৎপৰতা আৰু সচেতনতা প্ৰমাণ দি নাৰীৰ প্ৰতি থকা সমাজৰ হেই ভাৱ গুচাবলৈ যত্ন কৰিব পাৰি। বৰ্তমান সময়ত নাৰীক পুৰুষৰ সৈতে সাংবিধানিকভাৱে সম অধিকাৰ দিয়া হৈছে যদিও আজিও কোনো কোনো ক্ষেত্ৰত নাৰীৰ প্ৰতি থকা শাসনকাৰী মনোবৃত্তি পুৰুষ সমাজৰ পৰা আতঁৰ হোৱা নাই। আমাৰ ৰাজ্যখনকে ধৰি বিভিন্ন প্ৰান্তত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ভয়াৱহ ছবিয়ে নাৰীৰ জীৱন শংকিত কৰি তুলিছে। ইয়াৰ মূলতে হৈছে অপৰাধীয়ে দৃষ্টান্তমূলক শাস্তি নোপোৱাটো। আমাৰ ন্যায় ব্যৱস্থাৰ প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া হোৱাৰ বাবে দোষীয়ে লাই পায় আৰু তাৰ সুৰুঙা লৈ ইটোৰ পিছত সিটো ধৰ্ষণ, হত্যা সংঘটিত কৰবিলৈ অলপো কুন্ঠাবোধ নকৰে। নাৰী সুৰক্ষাৰ দিশত অতি দুখজনক কথা এয়ে যে ৰাইজৰ উত্তাল প্ৰতিবাদৰ পাছতহে জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ গা লৰে। বৰ্তমানো আজিৰ সমাজত নাৰী স্বাধীনভাৱে ঘূৰা-ফূৰা কৰিবলৈ সুৰক্ষিত নহয়। নাৰীয়ে ধৰ্ষণ, নিৰ্যাতন, আদিৰ পৰা মুক্তি লাভ কৰি স্বাধীন সুৰক্ষিত জীৱন-যাপন কেতিয়া কৰিব পাৰিব? 

যিমানে নাৰীৰ ওপৰত হত্যা, অত্যাচাৰ, নিৰ্যাতন চলি আহিছে সিমানে নাৰী সুৰক্ষা, শিক্ষা, সজাগতামূলক বক্তৃতা আদিবোৰ অনৰ্থক যেন বোধ হয়। কাৰণ এইবোৰে আজিৰ সমাজত নাৰীৰ লগত হোৱা সমস্যাবোৰ দূৰ কৰিব নোৱাৰে। 
বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে এগৰাকী নাৰী এজন অসৎ পুৰুষৰ দ্বাৰা নিৰ্যাতিত হয়। কিন্তু সকলোৱে নিজৰ লগত হোৱা ঘটনাবোৰ প্ৰকাশ কৰিবলৈ ভয় কৰে। এগৰাকী নাৰী যেতিয়া বিপদত পৰে তেতিয়া তেওঁ অসহায় হৈ পৰে তেতিয়া তেওঁক এডোখৰ নিৰাপদ আৰু সুৰক্ষিত স্থানৰ প্ৰয়োজন হয়। কিন্তু সেই সুৰক্ষিত বুলি ভবা ঠাইখিনিয়ে অসুৰক্ষিত হৈ পৰে। আৰু তেনে ক্ষেত্ৰত ন্যায়ৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। কোনো কোনো ক্ষেত্ৰত আজিও নাৰীয়ে অকলে ওলাই যাবলৈ নিজকে সুৰক্ষিত অনুভৱ নকৰে। 

বৰ্তমান সময়ত নাৰীৰ ওপৰত যি অত্যাচাৰ, হত্যা, নিৰ্যাতন আদি চলাই অহা হৈছে তাৰ প্ৰতিবাদ কৰিলেই সকলো সমস্যাৰ সমাধান নহয়। নাৰীক সন্মান আৰু শ্ৰদ্ধা কৰা উচিত তেতিয়াই সুৰক্ষিত আৰু সুস্থিৰ হব সমাজ আৰু সংস্কৃতি।                                  

✍️প্ৰিয়ংকা চমুৱা
ঢকুৱাখানা,লক্ষীমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)