ধাৰাবাহিক উপন্যাস সূৰ্যোদয়-২৭ -ৰাজেন দাস

Rinku Rajowar
0
(১) 
বহুদিনীয়া সপোন পূর্ণ হ'ব নে? নহয়।  ক'ব নোৱাৰোঁ। মা-দেউতাক, ওচৰ-চুবুৰীয়াক ভাল ফল এটা, খবৰ এটা পঠাব লাগিব। আইতালৈকো। আইতাই বহু মৰম, আৰ্শীবাদ কৰি থাকে-
"মোৰ ল'ৰা পোনাটোক সহায় কৰিবা। সি একো নাজানে, যেনেকৈ গৈ আছে তেনেকৈ ভালকৈ আগবঢ়াই নি থাকক, এই বাৰী দুখুনী তিৰোতাই চুলি চিঙি আৰ্শীবাদ কৰিছোঁ... "
আইতাই বৰ চিন্তা কৰি থাকে। পৃথিৱীৰ সকলো আইতাই সকলোকে মৰম কৰে। কৰি আহিছে। কিন্তু কিছু আইতাক অত্যাচাৰ কৰা বাতৰিয়ে বুকু দহি নিয়ে। মানুহবোৰলৈহে বেছি ভয়। কিয় মানুহবোৰৰ মানসিকতা সলনি হ'ব পৰা নাই? দোষ কাৰ? কোন ক'ত কিমান সুৰক্ষিত? পাষণ্ডবোৰ আছেই নহয়? কাক বা অনুৰোধ জনাম? মানুহবোৰক ভাল কৰি দিয়ক। সমাজখন সুন্দৰ হওঁক। সদায় শান্তিত থাকক। ৰাতি কথাবোৰে মোক শুবলৈ নিদিয়ে। মৰা-মৰি, গুলিয়াগুলি, হিংসা-হিংসী, চোৰ-ডকাইত, অন্যায়-অত্যাচাৰ , নানান ভাইৰাছ ইত্যাদিৰে ভৰা এই সমাজ খনত  উশাহ-নিশাহ লোৱাত বৰ কষ্ট হয়। পুৱাৰ সূৰ্য্য সদায় কেতিয়ানো সোণ জিলিকাদি জিলিকি উঠিব। চৌদিশে পোহৰ। কেৱল পোহৰ। 

(২) 
ৰিজাল্ট আহিল। ভাল বেয়াৰ মাজেদি। মোৰ এইবাৰ নেটটো লাগিল। ফোনত গম পালোঁ যদুমণিয়ে জেআৰএফ টিকালে।বহুতে হাঁহিছে। বহুতে কান্দিছে। মইয়ো এই বাৰৰ বাদে আনকেইবাৰত কান্দি আহিছোঁ। ভাবি আছিলোঁ জেআৰএফ পালে জীৱনটো অকণমান আগবঢ়াই নিব পাৰিম। আকৌ টেনশ্যন। নেট আকৌ দিম। পইচাৰ বাবে। জেআৰএফৰ বাবে। ঘৰখনৰ বাবে পৰি মৰি কষ্ট কৰি যাম। পণ লৈ আহিছোঁ-
" মৰি যাম, হাৰি  নেযাঁও কদাপি...।"
মোৰ পৰীক্ষা ভালৰ খবৰ দি দিছোঁ, ঘৰলৈ, মালিকলৈ, চোনালৈ,বন্ধু-বান্ধৱলৈ। গোটেই ৰাতি এমফিল নাইবা পিএইচডি কেনেকৈ কৰিম ভাবি কটালোঁ। পইচা নহ'লে সকলো মিছা। কি কৰা যায়! যদুৱে পি.ডব্লিউ কোতাত জেআৰএফ পালে সেই কথা যদুৱে জনাইছে। যদুৰ মাক দেউতাকৰো খবৰত মন ভাল। মোৰ খবৰটোৱেও আনন্দ দিছে আৰু ইয়াকো জনাইছে সোনকালেই ডিয়ুলৈ জেআৰএফ জইন কৰিবলৈ যাব। মই ৰৈ গ'লোঁ। হাৰি হাৰি ৰৈ গ'লোঁ। কিমান কষ্ট কৰিলোঁ। কেনেকৈ ফল নাপালোঁ। ক'ত ভুল হ'ল আকৌ। কোনখিনিত মন দিবলৈ থাকিল। ধেৎ তেৰি যদু ডিয়ুলৈ যাব। মনটো কিবাহে  কৰিছে। ফলাফল দিয়া পিছদিনাই আহিল গুড নিউজটো। যিটোৱে এক মুহূর্তৰ বাবে বহু বলিয়া কৰি পেলালে। মই নিজৰ গাকে বিশ্বাস কৰিব পৰা নাই। মোৰ চকুৱে ভুল দেখিব পাৰে বুলি জোনাক, জ্যোতিষ্মানক চাবলৈ দিছোঁ। সেই নটিচখন। যিখনত মইয়ো চিলেক্ট হৈছোঁ; পাঁচবছৰীয়া জলপানিৰ বাবে। সেইখন মই অনুসূচিত জাতিৰ হৈ পাইছোঁ। বহু কষ্ট কৰিছিলোঁ। সেইমতে ফল নাহিল। তথাপি খেদ নাই। কাৰণ চৰকাৰে ষ্টংফাইনেঞ্চ দি দিছে। এইটোও পাবলৈ মই কমখন বলিয়া হোৱা নাই। ড° বেণুধৰ ৰাউতিয়া ছাৰে ঢাৰৰ  বাতৰি ঢাৰে দিয়াৰ বাবে চাৰলৈ কৃতজ্ঞতা জনালোঁ। তেওঁ ভাৰতৰ বহু ল'ৰা-ছোৱালীক বিনামূল্যে নেট/শ্লেটৰ শিক্ষা দি আহিছে। তেওঁৰ ছেনেলটোৰ নাম "ল' অৰ্ডাৰ এণ্ড  চিভিল ৰাইট ইউটিউব ছেনেল"। 
ইতিকিঙৰ ভাগীদাৰ, দাবীদাৰ হোৱা নাই। ত্যাগ কৰা নাই। অ.বি.চি. জেনেৰেল মাইন'ৰিটি কেনডিডেটেও পায়। যিসকলে জেআৰএফৰ বাবে দুই, এক, চাৰি, তিনি পাৰচেন্টটেজ ৰৈ যায়। কিন্তু ফাইনেঞ্চ চাপোৰ্ট সমানেই। স্কীমৰ নাম বেলেগ। ৰাজীৱ গান্ধী নেচনেল ফেলশ্বীপ আছিল। এতিয়া নিৰ্দিষ্ট কৰি দিয়া কাষ্টটোৰ নামৰে যেনে নেচনেল ফেলশ্বীপ অফ চিডোল কাষ্ট এইদৰে নামকৰণ কৰা হয়। মই সেই সময়ত বহু ইউটিউব ভিডিঅ' চাই কথাটো সুন্দৰকৈ জানি ললোঁ। 
"ববৌ,চাওঁক  মোক ৰাষ্ট্ৰীয় ফেলশ্বিপৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে নিৰ্বাচন কৰি দিছে। তেওঁলোকৰ ৱেবচাইটত দি দিছে। "
"বা, ধুনীয়া কথা, পাৰ্টি এটা খুৱাবি।"
" মা, মই পাঁচবছৰীয়া স্কলাৰশ্বিপ পালোঁ। এতিয়া এমফিল পিএইচডি কৰিবলৈ অসুবিধা নহ'ব।"
"দে প্ৰভূৱে চকুমেলি চাইছে, তইয়ো কমখন কষ্ট খোৱা নাই...। 
চোনাকো খবৰটো দিয়েই দিলোঁ।প্ৰতিবাৰে ভাল ফল দিব পৰা নাছিলোঁ। পৰীক্ষা বেয়া হ'লে লাজতে ফোন ধৰাই নাছিলোঁ। এবাৰ বেয়া হৈয়ো ভাল বুলি মিছা মাতিছিলোঁ। ভাবিলোঁ  ছোৱালী মানুহৰ মন কমোৱা তুলাৰ দৰে কোমল। দুখ পাব। সেই দুখ মইয়েই লৈ থাকোঁ। একো নহয়। কিন্তু সেইদিনা তাইক ভাল খবৰটো দিব পাৰি বৰ ভাল লাগিল। দুয়ো ভাল খবৰতে এসোঁতা কান্দি ললোঁ। চোনাইটো প্ৰতি পৰীক্ষা ৰিজাল্টতেই কান্দি কষ্ট পাই আহিছেই।  তেতিয়া মই কওঁ-
"মোক বেয়া নাপাবা চোনা, মই বহু কষ্ট কৰি আছোঁ,চাবা মই ভাল ফল পাম। চৰকাৰে পঢ়ুৱাবই লাগিব। "
দেখিলেহে লেখিম। বাদ দিয়া। পঢ়া। পৰীক্ষা আকৌ পাবহিয়েই। তাইয়ো গভীৰ বিশ্বাসত আছে। সেই বিশ্বাস ভংগ কৰাৰ মোৰ সাহস নাই। সেইবাবেই মই বাৰে বাৰে হাৰিও জিকিহে উঠোঁ। আগতকৈ দু-গুণে। 

(৩) 
জীৱনত ইমানবাৰ ফেইল হৈ পোৱা নাই। এই নেট/জেআৰএফৰ পৰীক্ষাত যিমান ফেইল হৈছোঁ। মানুহক কৈ থাকিবলৈ লাজ লাগে। দুই লাগিছিল। চাৰি লাগিছিল। কন্ট্ৰেকচুৱেল লাইফত কলেজত
"নেট, জেআৰএফ আছে নে নাই..."
লাজতে সদ্যহতে নাই বুলি ক'ব পৰাৰ সাহস নাছিল। কাৰণ সেই সময়খিনিত পূৰ্ণোদ্যমে প্ৰস্তুতি চলাই থকা হৈছিল। য'তে সময় সুবিধা পাঁও পঢ়ি যাঁও। ফোনতে বেছিকৈ পঢ়া হয়। 
চাকৰি-বাকৰি নকৰিলে কি কৰি খাবি, ইমান পঢ়িলে চাকৰি-বাকৰি নাই, পাব নে নাই এনে বহু প্ৰশ্নই শুনিবলৈ পাই থাকোঁ। অদ্যপিও। এই প্ৰশ্নৰ বহুবাৰ সন্মুখীন হৈছিলোঁ। ইংৰাজী খনত বেয়া হ'ল।আকৌ বোলে মেজৰখনতে গেলিল। প্ৰশ্ন টান আহিল। আগতে কোমল কোমল আহিছিল। এনে এশ এবুৰি কথাই মূৰটো গধূৰ কৰি পেলাই। তেতিয়াই মই আৰম্ভ কৰোঁ  মেডিটেশ্বন। প্ৰায় এঘন্টা-আধাঘন্টাজোৰা। ৰিফ্ৰেছ লাগি যায়। মনটো পাতল লাগে। বৰ ভাল লাগে কাম কৰিবলৈ। 

( ক্ৰমশঃ) 

✍️ৰাজেন দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)