চেকুৰা চেকুৰা সোণে- হেমেন হাজৰিকা

©Admin
0
হঠাতে মনৰ কৰণি খুলি নীলা আকাশৰ তলত বছৰৰ বিদায় ক্ষণত পাহাৰ খন চাই থাকোতে এটা গানৰ কলি মনত পৰিল । সেই চিৰসেউজ পুৰণি গীত । গায়ক কোন আছিল, গীতিকাৰ কোন আছিল এতিয়া মনত পেলাব নোৱাৰিলোঁ । কেৱল গানৰ কলি দুটাকে গুণগুনালো ।
"মোৰ অসমীৰে হাবি বননিতে চেকুৰা চেকুৰা সোণে জিকেমিকাই থাকে ।" ঠিকেই অসমৰ হাবিয়ে বননিয়ে কেৱল সোণৰ চেকুৰাই থাহ খাই আছে ।
আমিহে বুটলিব নাজানো ।
      বাহিৰৰ পৰা মানুহবোৰ আহি আমাৰ চকুৰ আগৰ পৰাই সোণবোৰ যেতিয়া বুটলি লৈ যায় , আমি মুখমেলি চাই থাকো ।
তাৰ পিছতহে আমাৰ টোপনি ভাগে । আমি দিনকণা নে ভাও ধৰি থাকো । আমাৰ দুৰ্বলতা ক'ত
কিয় আমি আমাৰ নিজৰ ভাল বস্তুবোৰ দেখা নাপাওঁ । নে সেইবোৰ আমাৰ অজ্ঞানতা । আমাৰ অজ্ঞানতাৰ সুযোগ লৈ চলে বলে কৌশলে আমাক নাঙঠ কৰি গৈ আছে আৰু আমি গা খজুৱাই বহি আছোঁ । আমি পিঠি পুৰিলেও সিপিঠিয়ে জানো । ইয়াৰ পৰা আমি ওলাই আহিবলৈ চেষ্টা কৰিবৰ হ'ল । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল আমাৰ সকলো আছিল, সকলো আছে কিন্তু আমি নুবুজো নলও গম । যেতিয়া আনে আমাক লুটি পুতি লৈ যায় তেতিয়াহে আমাৰ গাত তত আহে । আমি কিহত দুখীয়া, আমাৰ চাৰিওফালে নদনবদন কিন্তু আমি আমাৰ নিজৰ দোষতে ভিক্ষাৰি হৈছোঁ ।
     আমাৰ সম্পদেৰে আনবোৰ চহকী হৈ গৈ আছে আৰু আমি দুখীয়া । 
       ড° ভূপেন হাজৰিকাই কৈছিল আমি অসমীয়া নহও দুখীয়া বুলি সান্ত্বনা দিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ'ব । হয়, আমি এতিয়া ভগনীয়া হ'বলৈ গৈ আছোঁ । কাৰণ আমাৰ বস্তুবোৰ আমাৰ চকুৰ আগতে আমাৰ পৰা কাঢ়ি লৈ গৈ থাকিলে আমি মগনীয়া, ভগনীয়া নহয় কি হ'ম ।
আমি সকলো সম্পদতে চহকী হৈও কি অপৰাধত আমি দুখীয়া হ'ব লগা হৈছে । বনৌষধিৰ পৰা আৰম্ভ কৰি খনিজ সম্পদ,বনজ সম্পদ আদি সকলোতে চহকী আমি । বাহিৰৰ পৰ্যটকসকলে আমাৰ মাতৃভূমি লৈ আহিলে কয় অসমত প্ৰস্তাৱ কৰিবলৈ ঠাই নাই 
সকলোতে বনৌষধিৰে ভৰি আছে আৰু আমি তাক কেৰেপ নকৰোঁ । ইমানবোৰ সম্পদেৰে চহকী আমিবোৰ আনতকৈ বহ চহকী হ'ব পাৰিলোহেঁতেন । আমাৰ এলেহুৱা স্বভাৱৰ বাবে এনে অৱস্থা । আমি আমাৰ সুখৰ আকৰ হ'ব নোৱাৰিলোঁ । তাতকৈ আৰু কিবা পৰিতাপৰ কথা থাকিব পাৰে বুলি মনে নধৰে । অগ্নি কবি কমলাকান্ত ভট্টাচাৰ্য্যই ঠিকেই কৈছিল ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নোহে কোনে কয় । আমি আমাৰ দোষতে আমাৰ অসম খনক শ্মশান ভূমিত পৰিনত কৰিবলৈ ওলাইছো । ইয়াৰ পৰা হাতসৰা ব্যৱস্থা কৰিবৰ হ'ল । আমি সকলোৱে হাবি বননিয়ে সিঁচৰতি হৈ থকা সোণবোৰ বিচাৰি আনি আমাৰ সকলোৰে উন্নতিৰ কামত লগাবলৈ হাতে কামে লগাৰ সময় সমাগত । এলাহ আমনি আঁতৰাই আমাৰ কৰ্মঠ দুহাত সকলোৰে বাবে আগবঢ়াই দিব লাগিব । যদি আমাৰ দেহত লাচিতৰ তেজ আছে । লাচিতে যদি নগৰীয়া দেহেৰে যুজি মোগলক পৰাস্ত কৰিব পাৰিছিল, তেন্তে আমি হাজাৰ লাচিত থাকোতে আমি কিয় আমাৰ মাতৃভূমিক জাকত জিলিকাই তুলিব নোৱাৰিব । আমি সংকল্প লʼও আহক যিবোৰ হ'ল, হ'ল আৰু ইয়াৰ পিছত আৰু হ'বলৈ দিব নোৱাৰি । আমি সকলো ঐক্যবদ্ধ হৈ এই কাম কৰিব লাগিব । আমি যে সহিব পাৰোঁ । আমাৰ উদাৰ চিতৰ বাবে সকলোৱে তাৰ সুযোগ গ্ৰহণ কৰে । ইমান মৰমিয়াল হোৱাও ভাল নহয় । আনক বিলাই দিওঁতে দিওঁতে আমি সৰ্বহাৰা হ'বলৈ ওলাইছো । আনৰ ঠাইৰপৰা সকলোৱে আহি ইয়াত গোজনি পুতিব পাৰে , কিন্তু আমাৰ পৰা বাহিৰলৈ আনকি শিক্ষা গ্ৰহণ কৰিবলৈ গলেও জীৱনৰ আশংকা হয় । আহক আমি সকলোৱে মিলি আমাৰ হাবি বননিয়ে সিঁচৰতি হৈ থকা সোণৰ চেকুৰাবোৰ বুটলি আনি আমাৰ মাতৃভূমিক নতুনকৈ সজোৱাৰ ব্ৰতত ব্ৰতী হʼও । তেতিয়া হয়তো সেই ব্ৰতেই হ'ব আমি আমাৰ মাতৃভূমিৰ প্ৰতি কৰা অন্যতম মহৎ সেৱা  ।

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)