একাঁজলী বিৰহ - খণ্ড নং ৩৪- বিটুমনি ভূঞা কোছ

1
পুৱতি পুৱাৰ ঠাণ্ডা বতাহ জাকে কপাই যোৱা  দেহাটোক উম দিবলৈ কাষতে থকা তগৰৰ চাদৰখন টানি আনি ৰমাকান্তই নিচিন্ত হৈ শুই পৰিল।হঠাৎ তগৰৰ খিলখিলাই উঠা হাঁহিত সাৰ পায়,বিচনাখনতে বহি তগৰলৈ অবাক হৈ চাই সুধিলে কি হ'ল ? তগৰে আঙুলিয়াই দিয়া গাত লাগি থকা তাই চাদৰখনৰ বাবেই যে হাঁহিছে, বুজি পায় ৰমাকান্তই তাইক ক'লে,-আজি সপোনত তুমি উৰি উৰি আহি আছা।মই হাত মেলি ধৰিব বিচাৰিলোঁ,কাৰণ তুমি পৰি যাবা বুলি মোৰ ভয় লাগিছিল।মোৰ ওপৰেদি তুমি পাৰ হৈ গ'লা।যদিও তোমাৰ চাদৰখন মোৰ গাত পৰি গ'ল।সঁচাকৈয়ে তুমি মোক বৰ ভাল পোৱা।এই চাদৰখন তাৰেই প্ৰমাণ । সৰলমনৰ তগৰে সঁচাকৈয়ে 
বুলি ভাবি ল'লে । তাই আবেগভৰা দুচকুৱে শান্তিৰ নিজৰা বৈ আহিল।ৰমাকান্তই ভাবিলে, বিৰহৰ অগনিৰ মই জুই ,তুমি এটি জুই শিখা।আমি দুয়োটাই একেই বিৰহৰ অগ্নি বুকুত বান্ধি জীয়াই আছোঁ।সঁচাকৈয়ে মানৱ শৰীৰটো এখন বাহনৰ দৰে।এখন ঠাইৰ পৰা বেলেগ এখন ঠাইলৈ যায়।আৰু এই বাহন খনত উঠিয়েই এটা পৰিস্থিতিৰ পৰা অন্য এটা পৰিস্থিতিলৈ গৈ সুখী হ'বলৈ চেষ্টা কৰোঁ।এই যাত্ৰাত কেতিয়াবা ক'ব নোৱাৰাকৈয়ে কোনো এটা প্ৰবিত্ৰ আত্মাৰ লগত আমাৰ সম্পৰ্ক হয়।ৰমাকান্তই তগৰৰ লগত এই কেইদিনমান থাকি মৰ্মে মৰ্মে অনুভৱ কৰিছে, তাই সৰলতা খিনি।

ফুলি যোৱা ভৰি দুটা পিটিকি পিটিকি তগৰে অকনমানি ছোৱালীৰ দৰে যেন জপিয়াই যাব।তাই ভৰি দুটা সম্ভৱ জঠৰ হৈ পৰিছে । ব'লা অলপ বাহিৰত খোজ কাঢ়ি আহোঁ।ৰমাকান্তই বিচনাৰ পৰা নামি তগৰলৈ হাতখন আগবঢ়াই দিলে।দুয়োটাই নাচিংহোমৰ আগফালৰ সেউজীয়া পাৰ্কখনত খোজ কাঢ়ি আছিল।পাছফালৰ পৰা এগৰাকী মহিলাই সুধিলে, আপোনাৰ মিছেছ
 এইয়াই নেকি?ৰমাকান্তই অকনো সংকোচ নকৰাকৈ ক'লে, -হয়।মানসী এই বাইদেউ ঘৰতেই আমি অলপ দিন ভাড়াত থাকিম।কোন এই মানসী।তগৰৰ অন্তৰ ভেদি নামটো সোমাই গ'ল।তাই এখোজ দুখোজকৈ আগবাঢ়ি গৈ থাকিল।যদিও এবাৰ দুবাৰ কেৰাহীকৈ ৰমাকান্তলৈ চকু মাৰিলে।ইমান অন্তৰংগকৈ কথা পাতিছে।তাই সহ্য কৰিব পৰা নাই।এপাকত আহি ৰমাকান্তক হাতত ধৰি  মানুহ জনীৰ কাষৰ পৰা  টানি  নিলে।মানুহ গৰাকীয়ে ক'লে, - বৰ সৰু ছোৱালী অ' দুষ্টামীবোৰ যোৱাই নাই।তগৰৰ পাছে পাছে আহি থকা ৰমাকান্তই আচৰিত হৈ সুধিলে, কি হ'ল অ' ।তগৰে অলপো অপ্ৰস্তুত নহৈ ক'লে সেই মানুহ জনীৰ লগত কি কথা পাতিছিল।ৰমাকান্তই হোঁ হোঁৱাই হাঁহি হাঁহিয়েই ক'লে,এইদৰেই তুমি মোক সদায় ধৰি ৰাখিবানে?ৰমাকান্তই তগৰৰ হাত দুখন নিজৰ হাতৰ মুঠিত ভৰাই তগৰলৈ চালে।হাঁহিবলৈ কিটো আছে।তাই ৰমাকান্তৰ কান্ধত মূৰটো থৈ পূৰ্ণ সঁহাৰি জনালে।দুটি মন আনন্দৰে উপচি পৰিল।

তগৰক চিজাৰিন কৰিবলৈ নাৰ্চগৰাকীয়ে লৈ গৈছে।এযোৰ নীলাভ নয়নে ৰমাকান্তলৈ চায় হাঁহি মাৰিলে।পৰিষ্কাৰ আকাশৰ নীলা খিনি দুনয়নত আঁকি  ৰমাকান্তলৈ চায় যেন তাই কৈ গ'ল, তাই  একো ভয় লগা নাই।কাৰণ তাই কাষত ৰমাকান্ত আছে।ইচাট বিচাটকৈ বেঞ্চখনত বহি থকা ৰমাকান্তই ভগৱানক প্ৰৰ্থনা কৰিলে,প্ৰভূ মোৰ মানসীক ৰক্ষা কৰা।আপোনাৰ মিছেছৰ ল'ৰা হৈছে।ৰমাকান্তৰ বুকুখন পিতৃ গৌৰৱত ফুলি উঠিল।কেঁচুৱাৰ বাবে গোটাই থোৱা সৰু কাপোৰৰ টোপোলাটো হাতত লৈ ৰমাকান্ত দৌৰি গ'ল।
একাজলী বিৰহৰ অন্ত পৰিল।

"(একাজলী বিৰহ "ধাৰাবাহিক উপন্যাস খন ইমানতেই অন্ত পৰিল।এই উপন্যাসখনৰ প্ৰতিটো খণ্ডই ব্যাখ্যা কৰি মোক লিখিবলৈ উৎসাহিত কৰা বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ ডঃ কিৰন চেতিয়া ছাৰৰ ওচৰত কৃতজ্ঞ হৈ ৰলোঁ।লগতে সকলো খণ্ডতেই মোক সু -পৰামৰ্শৰে উৎসাহিত কৰা বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ মামনি বৰঠাকুৰ বাইদেউ লগতে মোৰ অতি মৰমৰ বন্ধু বান্ধৱী সকললৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।)


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment