পলাশীৰ যুদ্ধ

0
পলাশীৰ যুদ্ধ আছিল বংগৰ নৱাব আৰু তেওঁৰ ফ্ৰান্স মিত্ৰ সকলৰ বিৰুদ্ধে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক সিদ্ধান্তকাৰী বিজয় যিয়ে বংগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সূচনা কৰে আৰু পৰবৰ্তী কেইবা শতক জুৰি ভাৰতত কোম্পানীৰ শাসনৰ প্ৰসাৰ ঘটাই। এই যুদ্ধ সংঘটিত হৈছিল ১৭৫৭ চনৰ ২৩ জুন তাৰিখে, কলিকতা চহৰৰ উত্তৰে ১৫০ কিল'মিটাৰ দুৰৰ আৰু মুৰ্ছিদাবাদৰ(তেতিয়াৰ বংগৰ ৰাজধানী, এতিয়া পশ্চিম বংগৰ নদিয়া জিলা) দক্ষিণত হুগলি নদীৰ পাৰৰ পলাশী নামৰ ঠাইত। এই যুঁজৰ প্ৰধান অংশীদাৰ আছিল বংগৰ অন্তিম স্বাধীন নৱাব চিৰাজ উদ্ দৌলা আৰু বিপক্ষে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। ১৭৫৬ চনত আলিৱাৰ্দি খানৰভৰ মৃত্যুৰ পিছত চিৰাজ উদ্ দৌলা বংগৰ নৱাব হয়। তেওঁ ইংৰাজক দুৰ্গ নিৰ্মাণৰ কাৰ্য্যত বাধা প্ৰদান কৰে। ৰবাৰ্ট ক্লাইভ-এ নৱাবৰ সেনা প্ৰধান মীৰ জাফৰক ষড়যন্ত্ৰ কৰি নিজৰ ফলিয়া কৰি লয় আৰু বংগ আক্ৰমণ কৰে। ৰবাৰ্ট ক্লাইভয়ে এই যুঁজত নৱাবক ঘটুৱাই বংগ দখল কৰে।
     এই যুদ্ধৰ আৰম্ভ হৈছিল নৱাব চিৰাজ উদ্ দৌলাৰ ব্ৰিটিছ অধ্যুষিত বংগৰ আক্ৰমণ আৰু ব্লেক হ'ল ঘটনাৰ পিছত। এই ঘটনাৰ পিছত বংগ পুনৰ দখল কৰিবলৈ কৰ্নেল ৰবাৰ্ট ক্লাইভ আৰু এডমিৰেল ছাৰ্লচ ৱাটচনৰ অধীনত ব্ৰিটিছে মাদ্ৰাছৰ পৰা সৈন্য পঠায়। এই যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপক্ষে যুঁজিবলৈ নৱাব চিৰাজ উদ্ দৌলাক ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা সৰু সৈন্যদল দি সহায় কৰিছিল। নৱাবৰ সৈন্য শক্তি ব্ৰিটিছৰ তুলনাত বৃহৎ আছিল বাবে ব্ৰিটিছ সকলে নৱাবৰ পদোন্নতি হোৱা সেনাপ্ৰধান মীৰ জাফৰ আৰু অনান্য সকল যেনে য়াৰ লুতফুল খান, জগত শেঠ, অমিচান্দ, ৰায় দুৰ্লভ আদিৰ সৈতে ষড়যন্ত্ৰ কৰে। যুদ্ধক্ষেত্ৰত মীৰ জাফৰ, য়াৰ লুতফুল খান আৰু ৰায় দুৰ্লভে নিজৰ নিজৰ সৈন্য লৈ অংশ লয় যদিও সৈন্য চালনাৰ পৰা বিৰত থাকে, ফলত চিৰাজ উদ্ দৌলাৰ সৈন্য ৰবাৰ্ট ক্লাইভৰ প্ৰায় ৩,০০০ সৈন্যৰ হাতত পৰাস্ত হয় আৰু নৱাব যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।
     পলাশীৰ যুদ্ধক দক্ষিণ এছিয়াত ঔপনিবেশিক শক্তিৰ এক উল্লেখযোগ্য বিজয় হিচাপে গণ্য কৰা হয়। ইয়াৰ পিছত ব্ৰিটিছে নৱাবৰ ওপৰত বিস্তৰ প্ৰভাৱ আৰু পৰ্যায়ক্ৰমে বৃহৎ পৰিমাণৰ ব্যৱসায় বিস্তাৰ আৰু ৰাজহ আদায় কৰিবলৈ সক্ষম হয়, এই ৰাজহ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈন্য শক্তি বৃদ্ধি আৰু দক্ষিণ এছিয়াৰ পৰা আন ঔপনিবেশিক শক্তি সমূহক যেনে ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ডাট্চ্ ইষ্ট ইণ্ডিয়া কোম্পানী আদিক আঁতৰাই এছিয়াত ব্ৰিটিছ সাম্ৰাজ্যৰ বিস্তাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
     ১৮শ শতিকাৰ আৰম্ভণিত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত তিনিটা শক্তিশালী ঘাটী আছিল। এই তিনিটা ঘাটী আছিল মাদ্ৰাছৰ চেইণ্ট জৰ্জ দুৰ্গ, কলিকতাৰ ফৰ্ট উইলিয়াম দুৰ্গ আৰু পশ্চিম ভাৰতত বোম্বাই দুৰ্গ। এই তিনিওটা ঘাটী ইংলেণ্ডৰ কৰ্ট অৱ ডিৰেক্টৰছৰ দ্বাৰা নিযুক্ত এজন সভাপতি আৰু পৰিষদৰ দ্বাৰা শাষিত স্বাধীন প্ৰভিন্স আছিল। ব্ৰিটিছ সকলৰ নীতি আছিল যে তেওঁলোকে সৰু সৰু ৰাজ্য আৰু নৱাব সকলৰ লগত মিত্ৰতা স্থাপন কৰি বিদ্ৰোহী সকলৰ পৰা নিৰাপত্তা প্ৰদান কৰিব আৰু বিনিময়ত নৱাব সকলে ৰাজ্যত ব্ৰিটিছ সকলত ব্যৱসায় কৰাৰ সুবিধা ও অনুমতি প্ৰদান কৰিব। সেই সময়লৈকে ডাট্চ্ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পৰ্টুগীজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰায় সকলো ব্যৱসায়িক প্ৰতিদ্বন্দ্বিতা শেষ হৈছিল। ফৰাচী সকলেও ৰজা চতুৰ্দশ লুইৰ অধীনত ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰি ভাৰতত দুটা গুৰুত্বপুৰ্ণ ঘাটী, বেংগলৰ চন্দৰনগৰ আৰু পণ্ডিচেৰীত বহুৱাই যদিও ফৰাচী সকল ভাৰতত পলম কৈ আহিছিল। তেওঁলোকে খুব সোনকালে প্ৰতিষ্ঠিত হৈ ভাৰতত ব্ৰিটিছৰ একচেটিয়া নিয়ন্ত্ৰণ ওফৰাই পেলোৱাৰ উপক্ৰম হৈছিল।
     অষ্ট্ৰীয়ান যুদ্ধৰ লগে লগে ব্ৰিটেইন, ফ্ৰান্স আৰু আন আন ইউৰোপীয় শক্তিৰ মাজত ভাৰত উপমহাদেশৰ ওপৰত সামৰিক ও ৰাজনৈতিক প্ৰভুত্ব বিস্তাৰৰ বাবে সংঘৰ্ষ আৰম্ভ হয়। ১৭৪৮ চনৰ চেপ্টেম্বৰ মাহত মাহে-ডে-লা-বাৰ্ডনেইচ (Mahé de La Bourdonnais) আৰু তেওৰ নৌ বাহিনীয়ে মাদ্ৰাজ চহৰত আক্ৰমণ কৰে। তিনিদিন ধৰি হোৱা গোলাবৰ্ষনৰ পিছত মাদ্ৰাজ চহৰৰ সেনাই আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ চৰ্ত অনুযায়ী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নগদ ধনৰ ক্ষতিপুৰন দিব লগাত পৰে। অক্টোবৰ মাহত বাৰ্ডনেইচ ভাৰত এৰি যোৱাৰ পিচত কৰ্ণাটকৰ নৱাব আনোৱাৰউদ্দিন মহম্মহ খানে ব্ৰিটিছৰ সহায়ত মাদ্ৰাজ পুনৰ দখলৰ বাবে সৈন্য চালনা কৰে, কিন্তু নৱাবৰ সৈন্য বেছি হোৱা সত্ত্বেও ফৰাচী সকলে এই আক্ৰমণ অতি সহজে ধ্বংস কৰে। প্ৰত্যুত্তৰত ব্ৰিটিছে মেজৰ লৰেন্স আৰু এডমিৰেল বচকাৱেনৰ(Boscawen) নেতৃত্বত পণ্ডিচেৰী আক্ৰমণ কৰে যদিও ৩১ দিন পিছত এৰি দিবলৈ বাধ্য হয়। ১৭৪৮ চনত এইক্স-লা-চেপেল চুক্তিৰ (Treaty of Aix-la-Chapelle) মতে উত্তৰ আমেৰিকাৰ লুইছবাৰ্গ আৰু কেপ ব্ৰেটন আইলেণ্ডৰ বিনিময়ত মাদ্ৰাজ পুনৰ ব্ৰিটিছৰ দখললৈ যায়।
     এইক্স-লা-চেপেল চুক্তিয়ে দুই ইউৰোপীয় শক্তিক প্ৰত্যক্ষ সংঘাতৰ পৰা বিৰত ৰাখিছিল যদিও স্থানীয় ৰাজ্য সমূহৰ যোগেদি পৰোক্ষ সংঘাত চলিয়ে আছিল। এই সংঘাত আছিল ডেক্কানৰ নিজাম আৰু কৰ্ণাটকৰ নৱাব পদৰ বাবে। ইংৰাজ আৰু ফ্ৰেন্স দুয়োপক্ষই নিজৰ নিজৰ প্ৰাৰ্থী নিযুক্ত কৰিছিল আৰু দুয়োপক্ষৰ প্ৰাৰ্থী ইজনে সিজনৰ বিপক্ষে সংঘাতত লিপ্ত হৈছিল। ১৭৫১ চনৰ মাজভাগত ফ্ৰেন্স সমৰ্থিত নৱাব পদৰ প্ৰাৰ্থী চন্দা চাহিবে ইংৰাজ প্ৰাৰ্থী মদম্মদ আলিক আক্ৰমণ কৰে।
     ১৭৫১ চনৰ ১ চেপ্তেম্বৰত কেপ্টেইন ৰবাৰ্ট ক্লাইভৰ অধীনত ২৮০ ইউৰোপীয় সৈন্য আৰু ৩০০ ভাৰতীয় চিপাহীয়ে কৰ্ণাটকৰ ৰাজধানী আৰাকোট আক্ৰমণ কৰি দখল কৰে। আশা কৰা মতেই চন্দা চাহিবে বাধ্য হৈ ৪,০০০ ভাৰতীয় আৰু ১৫০ ফ্ৰেন্স সৈন্য ৰাজা চাহিবৰ অধীনত আৰাকোট পুনৰ দখলৰ বাবে প্ৰেৰন কৰে। ৰাজা চাহিবৰ সৈন্যই দুৰ্গ ঘেৰাও কৰে আৰু কেইবা সপ্তাহৰ পিছত দেৱালৰ কিছু কিছু অংশত সফল আক্ৰমণ চলাই। ক্লাইভে মুৰাৰী ৰাও নামৰ এজন মাইছোৰৰ পৰ্বতত চাউনি পাতি থকা মাৰাঠালৈ বাৰ্তা প্ৰেৰন কৰে যাক মদম্মদ আলিক সহায় কৰাৰ বাবে অনুদান দিয়া হৈছিল। ৰাজা চাহিবে মাৰাঠা সেনাৰ পৰা আহিব পৰা আক্ৰমণৰ উমান পায় নগদ ধনৰ বিনিময়ত ক্লাইভক আত্মসমৰ্পণ কৰাৰ দাবি জনাই কিন্তু ক্লাইভে অগ্ৰাহ্য কৰে। ২৪ নভেম্বৰৰ পুৱা ৰাজা চাহিবে দুৰ্গ প্ৰবেশৰ কেইবাটাও চেষ্টা চলাই আৰু প্ৰতিবাৰে নিজৰ ক্ষতিৰ সৈতে বিফল হয়। পিছদিনা এই আক্ৰমণ উঠাই লোৱা হয় আৰু ৰাজা চাহিবৰ সেনা বন্দুক বাৰুদ এৰি ঘটনাস্থলৰ পৰা পলায়ন কৰে। আৰাকোট, কঞ্জেভেৰাম(Conjeeveram) আৰু ত্ৰিচিনপলি(Trichinopoly) ৰ সফলতাৰ লগে লগে ইংৰাজে কৰ্ণাটক সুৰক্ষিত কৰি মদম্মদ আলিক নৱাব হিচাপে লগতে এক চুক্তি মতে ফ্ৰান্স গৱৰ্নৰ Godeheu স্থাপন কৰে।

                        🖋️ দেবর্ষি গৌতম
                       Ⓜ️  69139 30829

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)