সাগৰ ভ্ৰমণ-জয়ন্ত কুমাৰ নাথ

"সাগৰ দেখিছা ?" বুলি ক'লেই মনলৈ আহে দেৱকান্ত বৰুৱাৰ কবিতাটি। হয়তো বহুতেই দেখিছে। মোৰো সৰুৰেই দেখিবলৈ বৰ ইচ্ছা আছিল। "সাগৰৰ লুণীয়া পানীত এবাৰ সাঁতুৰিবলৈ" নীলা সাগৰখনিৰ গভীৰতা উমান কৰিবলৈও বৰ মন যায়। সেই আশা যেন এদিন বাস্তৱত পৰিণত হ'ল।
   কৰ্মসূত্ৰে মই বাংগালুৰুত থাকিব লগা হোৱাত সাগৰৰ দূৰত্ব মোৰ বাবে প্ৰায় কম হয়। শৰতৰ সুবাসভৰা আবেলি। পোহৰৰ উৎসৱ দীপাৱলীৰ ছুটি পালোঁ কোম্পানীৰ পৰা। সেইয়ে আমি কেইজন বন্ধুয়ে মিলি মন মেলিলো এবাৰ ভ্ৰমণ কৰি অহাৰ। মোৰ লগত পংকজ,উৎপল,উমা আৰু অসীম। অসমৰ বিভিন্ন জিলাৰ পৰা আহি বাংগালুৰুত কৰ্মৰত যদিও আমাৰ মাজত বন্ধুত্বৰ এনাজৰীডাল কটকটীয়া। সন্ধ্যা প্ৰায় আঠ মান বজাত আমি সকলো 'তামিলনাডুৰ হছুৰ' নামে ঠাইত লগ হলোঁ। হোটেলতে ৰাতিৰ আহাৰ গ্ৰহণ কৰি নৈশ বাছেৰে 'কন্যাকুমাৰীলৈ' গতি কৰিলোঁ। পাহাৰীয়া একা-বেকা বাঁটেৰে আগবঢ়া বাছখনে আমাক পুৱা প্ৰায় ছয় মান বজাত গন্তব্য স্থানত নমাই দিলে। 
   জীৱনত প্ৰথমবাৰৰ বাবে সাগৰ দেখিছো। সকলোৰে মন যেন উৎফুল্লিত। দূৰ-দূৰলৈকে পাৰ নেদেখা 'আৰৱ সাগৰখনি'ৰ প্ৰেমত মই মুগ্ধ হৈ পৰিলোঁ। শিলেৰে আৱৰা কন্যাকুমাৰীৰ 'আৰৱ সাগৰৰ' পাৰটোত সাগৰৰ মাজভাগৰ পৰা অহা প্ৰচণ্ড ঢৌয়ে শিলত ঠেকা খাই বহু ওপৰলৈকে উফন্দি উঠে। যাৰ দৃশ্য বন্দী কৰাত হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে আমেজ লয়। শৰতৰ নিৰিবিলি ৰ'দত তৰাৰ দৰে চিকমিকাই থকা ঢৌৰ লহৰবোৰ চুবলৈ হেঁপাহ জাগি উঠিল মনত। শিলৰ ফাঁকে ফাঁকে মুকুতা লগা বালিচৰত খোজ দি কিছুদূৰ সাগৰৰ দিশে আগবাঢ়িলোঁ। হঠাতে অহা এজাক প্ৰচণ্ড ঢৌৱে বহু দূৰলৈকে থেলি লৈ আহিল। সেই আপাহতে শৰীৰতো তিয়াই ললোঁ। বহুদিনৰ ইচ্ছা পূৰণ হ'ল। সাগৰৰ লুণীয়া পানীৰ প্ৰমাণ কৰিবলৈ একাঁজলি পানীও মুখত ভৰালোঁ, নিমখৰে মোৰ জিভাখন সংকুচিত হৈ আহিল যদিও, সাঁতুৰি-নাদুৰি সাগৰত গা ধুৱাৰ হেঁপাহবোৰ পূৰা কৰিলোঁ ।
   কন্যাকুমাৰীৰ সাগৰৰ পাৰৰ পৰা প্ৰায় আঠশ মিটাৰ নিলগত, সাগৰৰ মাজভাগত এটা সৰু দ্বীপ অৱস্থিত। সেইটো চোৱাৰ হেঁপাহেৰে আমি আটাই বন্ধুৱে ফেৰীৰে আগবাঢ়িলো দ্বীপটোলৈ। সম্পূৰ্ণ পাথৰেৰে গঢ়া ওখ দ্বীপটোত মা লক্ষ্মীৰ মন্দিৰ, স্বামী বিবেকানন্দৰ তাৰকাগৃহ আৰু তামিলনাডুৰ মহান কবি, দাৰ্শনিক 'ছেইন্ট থিৰোভালোভাৰ'ৰ প্ৰতিমূৰ্তিৰে আটক্-ধুনীয়াকৈ সজাই থোৱা আছে। সাগৰৰ পানীৰ গভীৰতাক আৰু কাষৰপৰা পাই মনতো বৰ উৎফুল্লিত হৈ পৰিছিল। পাৰ নেদেখা বিশাল সাগৰ দেখা আনন্দ উপভোগৰ মাজেৰেই সকলোৱে নিজক কেমেৰাত আবদ্ধ কৰাত ব্যস্ত হৈ পৰিলোঁ।
    দিনটো আনন্দ উপভোগ কৰাৰ পিছত জিৰণিৰ বাবে হোটেলৰ কোঠা এটাৰ বন্দবস্ত কৰিলোঁ। সাগৰৰ মনোমোহা দৃশ্য উপভোগ কৰাৰ পিছত আটাইৰে বৰ ভোক লাগিছিল। সেইয়ে আমি হোটেলত সোমালো খোৱাৰ বাবে। 'হাইদৰাবাদী বিৰিয়ানী' বুলি ক'লে দক্ষিণাত্য বিখ্যাত, আমাৰো তৃপ্তি লৈ বৰ ভাল লাগিল। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আকৌ ঢাপলি মেলিলো সাগৰৰ পাৰলৈ। সাগৰৰ শামুকৰ পৰা সৃষ্টি হোৱা মণি, মুকুতা, শংখ, বিভিন্ন ধৰণৰ শামুকজাত সামগ্ৰী আদিৰে কন্যাকুমাৰী সাগৰৰ পাৰত এখন বিশাল বজাৰ বহে। যাক দেখি আপোনাৰো মন মুগ্ধ হৈ পৰিব। গ্ৰাহকৰ অনেক ভিৰ হয় বিপণী সমূহত। আমিও আটাইয়ে ব্যস্ত হৈ পৰিলোঁ শামুকীয়জাত নানা ধৰণৰ সামগ্ৰী কিনাত। যাৰ স্মৃতিয়ে সজীব হৈ ৰোমন্থিত হ'ব যুগলৈ। 
    কন্যাকুমাৰীৰ বিশেষ হৈছে, 'পুৱাৰ সূৰ্যোদয়'। যি দৃশ্য উপভোগ কৰিবলৈ হাজাৰ হাজাৰ যাত্ৰী অপেক্ষা কৰে সাগৰৰ পাৰত মাজ ৰাতিৰ পৰাই। সাগৰৰ মাজৰ পৰা ৰঙা হৈ ওলাই অহা বেলিটো দেখিলে আপোনাৰো হৃদয় শাঁত পৰি যাব। আমিও সেইয়ে ৰাতিটো হোতেলতে অপেক্ষা কৰিলো। পুৱাৰ সুৰুযক প্ৰণাম জনাই কন্যাকুমাৰীৰ যাত্ৰা সামৰিলোঁ।

    ✍️জয়ন্ত কুমাৰ নাথ     
         নগাঁও

Post a Comment

Previous Post Next Post