দৃশ্যটো সজাই লৈ মোৰ চেঙেলীয়া মনে কিৰিলিয়াই উঠিল; আঁৰচকুৰে এবাৰ পথাৰলৈ চকু দিলো।
নাই, কুঁৱলীয়ে আঘোণৰ ভৰুণ পথাৰক বেৰি থৈছে। চিকমিক কাচিবোৰ, পিকৰঙা ওঁঠবোৰ, হালধি গাঁঠি হেন মোৰ সেউতীজনী.. সকলো কুঁৱলীৰ আঁৰত!!!
ঢপলিয়াই ফুৰা মোৰ মন-হাঁহকো লাহে লাহে কুঁৱলীয়ে সামৰি ল'লে।