সুৰুজমুখী যাত্রা-জিলমিল জোনালী

দুখৰ ৰাতি যিমানেই দীঘল নহওঁক কিয়
সি এসময়ত শেষ হবই
সৌৱা কাণপাতি শুনাচোন 
কোনোৱা মছজিদত শেষ হৈছে ৰাতিৰ আজান
হৃদয়ত সোঁৱৰা ঈশ্বৰৰ নাম
ঘৰৰ ওচৰত ৰাৱলি কুকুৰাৰ ডাক। 
তাৰ মানে পোহৰ হ'বই এতিয়া 
 পোহৰ হ'বৰে হ'ল 
পূৱে ৰঙা বেলিৰ ঢল ফাট 
এটি সুন্দৰ সুপ্রভাত ।
 
মই যি বাটে আহিলো ওলাই
আৰু নাযাওঁ উভতি
সুৰুজমুখী যাত্রা  নৰয় থমকি
ৰঙাবেলিৰ ৰঙা ৰঙা 
 ন' পোহৰে পৰিছে আৱৰি
এই বাটে  সুৰুযমূখী ফুল 
এপাহ দুপাহ বহুপাহ 
উঠিছে ফুলি। 
অযুত  স্বপ্ন বুকুত বান্ধি।
এমুঠি নীলিম আকাশৰ নীলা নীলা
মাগুৰ বৰণীয়া সাজযোৰত বুলাই।।

Post a Comment

Previous Post Next Post