মইটো সৌ সোঁৱনশিৰি নৈ পাৰৰ
গাভৰু ছোৱালী ,
ৰিণিকি ৰিণিকি জিলিকি থকা
বালিচয়বোৰত দেখা পাওঁ
হিয়াৰ মুকুতা জিল মিল নি।
আঠুমূৰৰ কলাফুলত মেখেলা
আৰু বুকুত মোৰ গুটি ফুলৰ গামোছা
বহল বুকু নৈ খনে যেন মোৰ
সৌ উজনি পাৰৰ সখী জনী।
মোৰ মন গ'ল হঠাৎ এদিন
সখীৰ মুখত বাৰ্তা ল'ৱ
মইটো আহি গলো , মোৰ নাঁৱত বহি
আৰু আহি য়ে ধনশিৰি মাজ বুকুত ৰৈ যাঁও
ৰৈ মই ইফালে হিফালে চাওঁ
চাৰিওফালে চোন কোনোৱে নাই,
তেনেতে মই সখীক সুধিলো
সখী! তই মোক এটা কথা ক'চোন
তোৰ যে ইমান বহল বুকু
তই কাৰোবাক তোৰ বুকু মাজত
মূৰ গুজাই শুৱাই পাইছনে?
কাৰোবাক আপোন মানুহ বুলি
তোৰ কাষতে ৰাখি পাইছনে,
আকাশ খনে চোন ফালে চাই
খুৱ ভাল পাই
আৰু মেঘ খনেও দেখোন তোক পিপাসৰ বাবে জল দিয়ে,
আৰু তোৰ স'তে বিলিন হৈ পৰে।
কিন্তু তোৰ কাষৰ পৰা কিয়
সকলো মনুষ্য পলাই ফুৰে ;
শাওন, ভাদ, মাহ অহাৰ লগে লগে
তইতো বৰ সাহস কৰ
কঠোৰ সাহসেৰে তোৰ উফন্দা বুকু
ফেনে-ফুটুকাৰে ভৰাই পেলাৱ
কিন্তু তই জাননে?
সেই সময়ত যে, তোৰ কাষৰ পৰা
সকলো মনুষ্য পলাই ফুৰে, আৰু তোৰ সেই গজন বুকুখন দেখি সকলো
জীৱ-জন্তুৱে ভয় কৰে
কিজানি তই সকলো নাশ কৰি পেলাৱ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ