নীলা খামৰ চিঠি

©Admin
0
মৰমৰ মালতী
মৰম ল'বি । অৱশ্যে তোক মৰম লবলৈ কোৱাৰ প্ৰয়োজন নাই। কিয়নো মোৰ মৰমবোৰ সদায়ে তোৰ হৈয়ে আছে আৰু থাকিব। মোৰ ভালেই। আশা কৰোঁ পৰমেশ্বৰে তোকো কুশলে ৰাখিছে। কিমান দিন যে হ'ল তোৰ মুখখন দেখা নাই! বৰ মনত পৰে অ' তোলৈ।
               বৰষুণ জাক বৰ অভিমানী তই জাননে? প্ৰতিজাক বৰষুণে মনত পেলাই তোলৈ। তোৰ মনত আছেনে মালতী, ৰমাকান্ত দাই হঁতৰ ঘৰৰ ন ভূঁই ৰোৱা দিনা যে তোৰ কলাফুলত লেপেট খাই ধৰিছিল ম'হৰ জোক এটাই। তোৰ মুখখন চাব লগা হৈছিল সেইদিনা। অতসোপা মানুহ থাকোতেও যে তই দৌৰি আহি মোৰ কাষ পাইছিলিহি। গোটেইমখা ল'ৰা ছোৱালীয়ে যে আমাক জোকাই ৰঙা ক'লা পেলাইছিল মুখবোৰ ! ভাল লগা দিনবোৰ যে ক'ত হেৰাই থাকিল। এতিয়াও গাওঁখন আগৰ দৰেই আছেনে? মিলেটেৰীত সোমোৱাৰ পাছৰে পৰা গাঁওখনৰ পৰা আঁতৰি আহিলো। তঁহতৰ পৰা আঁতৰি থাকিবলৈ বৰ কষ্ট পাওঁ মালতী। আজি দুবছৰেই হ'বৰ হ'ল গাওঁ খনৰ পৰা আঁতৰি থকা। 
               বৌতি আৰু ভানুক চাবি তই । পিতাই ঢুকুৱাৰ পাছৰে পৰা বৌতিয়ে মনটো বৰকৈ মাৰি থকা হ'ল। মানুহ জনীৰ পুৰণি হাপানীতোলৈহে ভয় লাগে। তাতে মইও আঁতৰি আহিবলগা হ'ল। ভানুলৈও চিন্তা লাগে মোৰ। তাই বৰ সৰু হৈ থাকিলে অ' ! তাইৰ পঢ়া শুনা ভালকৈ কৰিছেনে ? অলপ চকু কাণ দিবি। তই ওচৰতে আছ বাবেহে এবদলে চিন্তা বোৰ কমি আছে। দিনটোত এপাক হ'লেও মাৰিবি দেই ঘৰলৈ। মই বৰ বিমোৰত পৰিহে ইমান দূৰলৈ গুচি আহিবলগীয়া হ'ল মালতী। ঘৰখনৰ দায়িত্ব, ভানুৰ ভৱিষ্যত এই সকলোবোৰ কথা চিন্তা কৰিয়ে গাঁওখনৰ পৰা আঁতৰি আহি এই অচিন দেশত আছোঁহি। 
               অ' তোক এটা কথা কবলৈ পাহৰিছিলোৱে, মোৰ লগৰ যে ফণীধৰ ; সিও আমাৰ কাশ্মীৰতে পোষ্টিং পালে। সেইদিনা লগ পাই তোৰ কথা সুধিছিল। তাৰ ব উচ্চ লে বিয়া আওবেলিলৈ। মইও চিন্তা কৰিছোঁ এইবছৰ ব'হাগত গ'লে তোৰ আঙুঠিৰ জোখটো লম। পাৰিলে গহনা দুপদমানো গঢ়াবলৈ দিম। শুনচোন মালতী, চিঠিখনৰ লগতে টকা দুটামান দি পঠাইছো। বৌতিৰ ঔষধো শেষ হ'বলৈ হ'ল চাগে। ভানুৰ বাবে বহী কিতাপ লগতে কাপোৰ এজোৰ মানো লৈ দিবি। তইও তোৰ ভাল লগা মতে কিবা এজোৰ ল'বি। পাৰিলে পকোৱা সূতাৰে গামোচা এজুতি মানো লগাবি। এইবাৰ বিহু মাৰিমগৈ গাঁৱত। 
               ইয়াত বৰ জাৰ পৰে নিশা। তই দি পঠোৱা নগা কাপোৰখনে নিজকে সামৰি লওঁ। সেইখন থাকিলে তই লগত থকা দৰেই লাগে। মালতী নিশা বহুতেই হ'ল, ৰাতিপুৱা সোনকালে উঠিব লাগিব । বৰষুণ জাকো আহিছে পুনৰ। তোৰ কথা ভাবি ভাবি শুই থাকো এতিয়া। বৌতিক মোৰ ভাল বুলি কবলৈ নাপাহৰিবি। তইও চিন্তা কৰি নাথাকিবি। চিঠিৰ উত্তৰ দিবি।      
                                           
ইতি
                                    
তোৰ মৰম আকলুৱা জীৱন।
    
      পুনৰ : এইবাৰ বহাগৰ শেষৰ ফালে তোক একেবাৰে নিজৰ কৰি লম বুলি ভাবিছোঁ। তোক নকওঁ বুলি আছিলো এতিয়াই । নোকোৱাকৈ নোৱাৰিলোঁ ।     
🔳গৌৰী শংকৰ বৰা, লক্ষীমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)