স্থিতি

©Admin
0
এৰা-পৰলীয়া ঘৰটোৱে নিহপালী দিব
বহুযোজন দূৰৈত একোখন মুখে গোপনে উচ্চাৰিব
'তেজ ধুলে উটে , মঙহ ধুলে নুটে'
অকৰ্মণ্যতাৰ জোকটোৱে মোৰ অতসোপা তেজ শোহে !

বাৰে ভচহু ক্ৰিয়া-কাণ্ডত মজি
পোটোকা পৰা প্ৰসন্নতা এমুঠি গালে-মুখে লেপি
নিৰন্তৰে‌ সপোন এটাই খোপনি পুতি হাঁহে 
প্ৰকাৰান্তৰে মূৰ পোলোকা দিয়াৰ প্ৰৱণতা টুটে 
স্বীকাৰোক্তিত কাছুটি হেৰুৱাই
'মাহৰ মাৰ দেখি তিলে বেট মেলে' ।


✍🏻হিমাশ্ৰী বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)