মোৰ বাবে নিজান সন্ধ্যাবোৰ
সৌন্দৰ্য্যৰ সন্ধান পাওঁ
নিৰৱতাৰ ক্ষণবোৰত
অপ্লাৱিতা হৈ বৈ যাওঁ
নিৰৱতাৰ গভীৰতালৈ।
নিৰৱতাৰ সময়বোৰত
মোৰ নিজান নিঃস্তব্ধ
হৈয়ে থাকি ভাল লাগে
নিৰৱতাক সংগী কৰি
উপলদ্ধি কৰোঁ জীৱনৰ
মৰ্মস্পৰ্শী সত্য আৰু অৰ্থ।
নিঃস্তব্ধ সময়বোৰত
মৌন হৈ পৰে দুই ওঁঠ
বাকৰুদ্ধ হয় কণ্ঠস্বৰ
ম্লান হৈ পৰে হাঁহি।
প্ৰচণ্ড বতাহ এচাটিয়ে
স্পৰ্শ কৰি যায় শৰীৰ
খেলিমেলি ভাৱনাই মনলৈ
অৱসাদৰ ভাৱ আনে।
নিৰৱতাত বহি ভাল পাওঁ
আকাশৰ তিৰবিৰাই থকা
তৰাবোৰ চাই মন উতনুৱা কৰি
নিৰৱতাত বিলীন হৈ যাওঁ।
কেতিয়াবা গোপনে বহু দূৰলৈ
আতঁৰাই পঠাব মন যায়
বিষাদবোৰ..........
কি আছে মোৰ অভিমানী মনত
একোতো নাই মাথোঁ আছে
অতীতৰ বেদনাৰ স্মৃতি।
তথাপিও ক্লান্ত হ'লেও
জিৰাব নিবিচাৰোঁ কেতিয়াও
অশ্ৰু বন্যাৰ মাজত
নিজান জোনাক নিশাৰ
নিৰৱতা বোৰ আজীৱন
অভিমানী হৈ ভালপাই যাব বিচাৰোঁ।
⭕দিপশিখা ৰাজকোঁৱৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ