সৌ মায়াময় ধ্বনিবোৰ...!
যিয়ে ৰিঙিয়াই মাতিছে
জীৱনক উদ্দেশ্যি
শুকান সৰাপাতৰ সেই পুৰণি চহৰখনে ।
তল সৰা পত্ৰবোৰৰ কোঁহে কোঁহে
এখন নিনাদিত ছবি...
যাৰ শ্ৰোতা কেৱল
নিমাত, নি:শব্দ এই অকলশৰীয়া পলবোৰ ।
সোঁৱৰণিৰ পৃষ্ঠাবোৰে আঙুলিয়াইছে যে...!
চিত্ৰখনৰ তুলিকাত আছে অংকিত
আঘোণৰ মিঠা মিঠা, সুবাসিত মুহূৰ্তবোৰ ।
খেতি পথাৰত আঃ....কি যে সুশোভিত,
পকা-পকা ধানৰ সোণালী চাদৰখন ।
আঘোণীয় মাহ
তাতেই আকৌ ধান চপোৱাৰ সময়...!
আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি
আৰু...
আনন্দ উল্লাসৰ "মহোহো" উৎসৱ....!
মনৰ কোঠালিত সদায় সজীৱ
শীতলতাৰ আৱৰণেৰে,
কুঁৱলী ৰাণীৰ শ্বেত আঁচলখন ।
যিয়ে মন প্ৰাণ কৰে পুলকিত...
আঘোণ মাহ "লক্ষ্মীৰ মাহ"
কৰে মন আলোকিত,
লখিমী অনা
লখিমী আদৰা
ন -খোৱা উৎসৱে ।
আঘোণ দেখোঁ, এক পৱিত্ৰ মাহ
দুটি জীৱন এক হোৱাৰ ।
আঘোণৰ কোলাতেই চোন...!
সেন্দূৰীয়া, নিৰ্মল, নিভাঁজ, পৱিত্ৰ বান্ধোনে
গঁজালি মেলে
অন্তিম মুহূৰ্তলৈকে দুটি সত্তাই সংগী হ'বলৈ ।
আঘোণ যেন, নহয় এক মাহ
ই, ই মৌ সনা স্মৃতিৰ সঁফুৰা ।
যান্ত্ৰিকতাৰ বননিত যদিও জীৱনবোৰ আজি ৰুদ্ধ
কলমৰ বাহু পিছে বন্দিত
আঘোণৰ বন্দনাৰে...
✍️ সংগীতা মাইনা ডেকা ,ৰঙিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ