অৱক্ষয়-গৌতম মালাকাৰ

©Admin
0
ব'লা বন্ধু,
আজি মোৰ আপোন গাওঁখনলৈ যাওঁ,
শৈশৱ আৰু কৈশোৰত
হাঁহি ফুলা সেই ফুলনিবোৰ
আকৌ এবাৰ উভতি চাওঁ!

খেলপথাৰখন দেখিছা নে বন্ধু?
তাহানিৰ পুৱা-গধূলিৰ
এইখনেই হেঁপাহৰ ওমলা ঘৰ...
ফুটবল, ভলীবল, হাউ, হাঠা,
কূটকূট, গোল্লা আৰু যে কত গ্ৰামীণ খেলা...
লাচ, গাটাগুলী, কড়িখেল পাহৰণিৰ গৰ্ভত গ'ল,
খেলিবলৈ বাটত শিল এটিও নোপোৱা হ'ল...!

সেই যে জংঘলে আৱৰা ঠাইডোখৰ দেখিছা,
তাতেই আছিল এটি সাংস্কৃতিক সংঘ...
লোকগীত, বৰগীত, বনগীত, পেৰদী, 
ভূপেন্দ্ৰ, পাৰ্বতী, বিষ্ণু, জ্যোতি সংগীত
গঞাৰ হৃদয়ে হৃদয়ে বাজিছিল,
সত্ৰীয়া, শাস্ত্ৰীয়, বিহু, লোকনৃত্য
অকণিহঁতৰ জীৱন ৰেখা হৈ নাচিছিল;
মুকাভিনয়, ভাওনা আৰু নাটৰ চৰ্চাৰে 
মোৰ গাঁওৰ প্ৰতিটো সন্ধ্যা মুখৰ হৈছিল!

কেনেকৈ দেখুৱাও তোমাক 
গাঁৱৰ জৰাজীৰ্ণ পঢ়াশালিখন,
চৌদিশ ৰজনজনাই থকা প্ৰজ্ঞাৰ কঠিয়াতলিখন
শিক্ষাৰ্থীৰ অভাৱত আজিচোন তেনেই নিমাওমাও...

গাঁৱৰ পুথিভঁৰালটোৰো 
কাহানিবাই অপমৃত্যু হ'ল!

ক্ষমা কৰিবা বন্ধু,
দেখুৱাব নোৱাৰিলোঁ তোমাক
মোৰ গাঁৱৰ সেই সোণালী সুদিনৰ সভ্যতা,
প্ৰগতিৰ পহু খেদা শূণ্যতাই
গ্ৰাস কৰিলে সেই নষ্টালজিক নিৰ্মলতা...

✍️ গৌতম মালাকাৰ
          কৰিমগঞ্জ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)