অশান্তিৰ গজালিবোৰ মোহাৰি পেলাব নোৱাৰি নে? -হেমেন হাজৰিকা

©Admin
0

এতিয়া চাৰিওফালে কেৱল অশান্তিৰ দাবানল । কিমান শুনিবা অশান্তিৰ বতৰা।ইয়াৰ বিৰোধিতাও নকৰা নহয় , কৰিছোঁ।দুদিন পিছতে পাহৰি গৈছো। প্ৰাকৃতিক অশান্তি, মানৱ সৃষ্ট অশান্তিয়ে সমাজৰ কাঠামো থৰকবৰক কৰি দিছে । আমাৰ লাজ নলগা হৈছে । আমি নিলাজ পাহাৰ , শুকান পাহাৰ হৈছোঁ । মৰমবিহিন হৈ পৰিছো আমিবোৰ 
সংগীত সম্ৰাট ড ভূপেন হাজৰিকাই কৈছিল ও নিলাজ পাহাৰ, ও শুকান পাহাৰ, মৰম বিহিন হৈ মৰ মৰ তই লাজতেহে মৰ। 
  কিয় আমি ইমান ৰসাতলে গ'লো ইতৰ প্ৰাণী বোৰৰ মাজতো ইমান হিংসা , ইমান অশান্তি দেখিবলৈ পোৱা নাযায় কিজানি ? এতিয়া আমাক বেছি শিক্ষিত কৰিবলৈ, কম কষ্টত উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে গাঁৱে গাঁৱে বিশ্ববিদ্যালয় স্থাপন হোৱা সময়ত আমাৰ শিক্ষিত মনবোৰ কিয় ইমান অধঃপতনে যাবলৈ লৈছে। চাৰিওফালে অশান্তিৰ গজালি। এই গজালি বোৰ সাৰ পানী পাই ঠন ধৰি উঠি ডাঙৰ গছ হ'লে অশান্তিৰ কলীয়া চাই আগুৰি নধৰিবনে ? 
    গতিকে সময় থাকোঁতেই অশান্তিৰ গজালি বোৰ মোহাৰি পেলাব নোৱাৰি নে ? আমি নৰৰ পৰা নৰোত্তম হ'ব লাগিছিল, কিন্তু যি পথেৰে বাট বুলিছো সেয়া নৰাধম হোৱাৰ হে বাট সুগম কৰিছোঁ । কথা ক'ব পৰা হেঁতেন কিজানি ইতৰ প্ৰাণী বোৰে আমাক ভেঙুচালি কৰিলেহেঁতেন 
মানুহে মানুহৰ বাবে ভবাৰ সলনি মানুহৰ বিপৰীতে মানুহ ঠিয় হোৱাৰহে প্ৰতিযোগিতা চলিছে।
কাকো শান্তিৰে দিয়াবলৈ ফুৰিবলৈ ভাবিবলৈ অৱকাশ নিদিয়া হৈছে। কাৰ ঠিয়াৰত চলিছে মগজুবোৰ। কি পাইছে এনে কৰি সিহঁতবোৰে। যদি এটা আঙুলি কাৰোবাৰ বাবে টোৱাইছো আন চাৰিটা আঙুলিয়ে নিজৰ ফালে চাই কিবা নহয় বতৰা দিছে।অম্বিকাগিৰীৰ কথা আছিল হিংসাৰ চিকমিক চোকা তৰুৱাল তাক পিঠি গঢ়ো আমি নাঙলৰ ফাল। কিন্তু আজিৰ সেই হিংসাৰ চিকমিক চোকা তৰুৱালবোৰ অশান্তিৰ বীজ সিচিবলৈহে ব্যৱহাৰ কৰা হৈছে । কেৰুণটো ক'ত আৰম্ভ হৈছে ? মানুহে মানুহক হত্যা কৰিব পৰা মানসিকতা গঢ় লৈ উঠিছে । আমি যেন উশাহ লৱলৈ টান পোৱা হৈছোঁ । চকু দুটা মেলিলেই অশান্তিৰ বতৰাই আৱৰি ধৰা এখন সমাজৰ প্ৰতিচ্ছবিয়ে চকুৰ আগত ধৰা দিয়ে । ভাবি একো উত্তৰ উলিয়াব নোৱাৰা সময়ত আমি বাস কৰিছোঁ। পৰিত্ৰাণ কেতিয়া ? কি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছোঁ আমি ? ইয়াৰ উৎস ক'ত ? শিক্ষিত হ'লো ঠিকেই জ্ঞানী হ'ব নোৱাৰিলোঁ নেকি আমি
প্ৰত্যেকৰে দেহৰ শিৰাই শিৰাই ভাইৰাছে এনেদৰে ক্ৰিয়া কৰিছে যে আমি আমাক হেৰুৱায় পেলাইছো ।
    অশান্তি আমাৰ ভোকৰ আহাৰ হৈছে । অশান্তি বিয়পাই আমি পৈশাচিক আনন্দ লভিবলৈ ভাল পোৱা হৈছোঁ। কোনে দিব পাৰিব ইয়াৰ সমিধান। সেয়া যেন সুদুৰ পৰাহত। সুদিন আৰু নাহিব কিজানি ? সেই যে চোতালত বহি আমি সকলোৱে নিৰ্মেঘ আকাশৰ তলত জোনাক পাৰি বহিছিলোঁ , এসাজ খাইছিলো, সুখ দুখৰ কথা পাতিছিলো , সকলোৰে সমভাগী হৈছিলো । ক'ত এৰি থৈ আহিলো সেইবোৰ দিন ? শান্ত সমাহিত পৰিবেশ । আগৰ কালৰ তুলনাত আজি কালি মানুহৰ ঘৰ-দুৱাৰ আৰু জীৱন যাপনৰ মান উন্নত হ'ল কিন্তু মানুহৰ মনবোৰহে আগৰ তুলনাত বহু ঠেক হৈ পৰিল । এজনৰ দুখত সমভাগী হ'ব পৰা অন্তৰখন কিহেৰে ৰুদ্ধ কৰি দিলো যে তাৰ পৰিবৰ্তে পৈশাচিক আনন্দ ল'ব পৰা হ'লো । 
   এতিয়া আমি এনে এটা স্থানত উপনীত হ'লো যে কোনোবাই কাৰোবাক চকুৰ সন্মুখত মাৰি থাকিলেও ওচৰ চাপি গৈ তাক নোহোৱা কৰিব পৰাৰ বিপৰীতে আজিৰ অত্যাধুনিক যন্ত্ৰটোৰে ফটো তোলাৰ প্ৰতিযোগিতাত নামি পৰো। এনেদৰে সময় আগবাঢ়ি গৈ থাকিলে অসম শ্মশান হ'বলৈ বেছি দিন নালাগিব।
গাৰ নোমেই শত্ৰু হোৱাৰ আজিৰ দিনটোত আমি কাক বিশ্বাসত লম কাক নলম ঠাৱৰ কৰিব নোৱাৰা সময় । চুকত থাকি বুকুত কামুৰি কোন মূহুৰ্তত কি ঘটনা ঘটাই তাক বুজিব নোৱাৰা হৈছে।কোনেও কাৰোৰে উন্নতি সহ্য কৰিব নোৱাৰা হৈছে ।
      আমি গুচি সকলো "মই"ত মজি আছে । তাৰ বাবেই এই অশান্তি । মইৰ বেষ্টনীৰ পৰা ওলাই আহি যেতিয়াই "আমি" হ'ব পাৰিম তেতিয়াহে হয়তো এই অশান্তি কিছু পৰিমাণে হ'লেও কমিব । 
আমাৰ পৰৰ দুখত পৰৰ সুখত হিয়া যেতিয়া পমি যাব তেতিয়া বাৰু সমাজখন সুন্দৰ নহ'বনে ?
অশান্তিৰ গজালিবোৰ মৰহি নাযাবনে ? কিমান যে ভাল লাগিব তেতিয়া । বেয়াবোৰ পৰিহাৰ কৰি আমি ভালবোৰক আকোঁৱালি ল'ব পাৰিম । সেইবোৰ দিন তেতিয়া আমাৰ আনন্দৰ দিন হ'ব।

         ✍️হেমেন হাজৰিকা
                       মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)