দুষ্ট লʼৰা-ববিতা শ‌ইকীয়া


এজাক ধুমুহা আহিল আৰু গুচি গ'ল। সিহঁতৰ সন্তুষ্টিৰ হাঁহিটোৰ অনুভৱ আজি বতাহ জাকে কৰিলে। ৰিপুনৰ দোকানৰ বেঞ্চখনে আজিৰ পৰা আৰু অকলশৰীয়া অনুভৱ নকৰিব। এখন উদং আকাশ ,কেইটামান উন্মনা মন আৰু সিহঁতৰ হাঁহি বোৰ বতাহত মিলি গ'ল।ৰিপুন তই নথকা হলে ...!" সিহঁত মনে মনে আহি থকাৰ মাজতে দ্বীপে ক'লে। 
আবেলি ৩টা বাজিছে তেতিয়া। ৰিপুনে দাঙৰি ভাৰ কান্ধত লৈ তাইৰ চিঞৰ শুনি দাঙৰি তাতে পেলাই বিৰিয়া দাল লৈ দৌৰি আহিল কোন তহঁতে কি কৰিছ ছোৱালী জনীক!!! ৰ নৰাধম শি পেলাম আজি তহঁতক বিৰিয়াই।" ৰিপুনে পথাৰৰ পৰা দোকানখনৰ ওচৰৰ জনশূণ্য ৰাস্তাটোত মাৰুটি ভান এখন আৰু ল'ৰা কেইজন মান দেখি তাৰ বুজিবলৈ বাকী নাথাকিল।দৌৰি আহিল।ৰিপুনৰ মাত শুনি ল'ৰা কেইজনে তাইক তাতে এৰি গাড়ী থৈ পলাল।প্ৰথম বাৰলৈ এটা নহ'বলগীয়া ঘটনা হৈ গ'ল। সি হৰেনলৈ ফোন কৰি লগৰ দ্বীপৰ গাড়ী খন লৈ আহিবলৈ ক'লে। আৰু তাইক যিমান পাৰি সোনকালে নাৰ্ছিং হোম লৈ গ'ল।সিহঁত কেইটালৈ চাই খুউব কান্দিলে তাই।ৰিপুনে মাত্ৰ সাহস দিলে," একো নহয় তোমাৰ আমি আছোঁ চিন্তা নকৰিবা।" এইয়াই হয়তো সময়ৰ পৰিক্ৰমা।আমাক সদায় বাহিৰৰ ৰংচঙীয়া বোৰে বেছি আকৰ্ষণ কৰে। কিন্তু পদুম সদায় বোকাত হে ফুলে।
গাঁওখনৰ এমুৰত হৰেনৰ দোকান খন।ওচৰত কাৰো ঘৰ নাই বাবে সদায় ৰিপুন আৰু তাৰ লগৰ দুজন মিলি ৰাতিপুৱা, আবেলি তাত আড্ডা দিয়ে।মাজে মাজে স্কুল যোৱা ছোৱালীবোৰো জোকায়।আবেলি স্কুলৰ পৰা ঘূৰি আহোঁতেও জোকায়।লাহে লাহে সিহঁতৰ ছোৱালী জোকোৱা স্বভাৱটোৱে সিহঁতলৈ বিপদ মাতি আনিলে।কোনোবাই থানাত অৱগত কৰিলে আলিমুৰৰ দোকানখনৰ বেয়া ল'ৰা কেইজনমান আহে আৰু সদায় ছোৱালী জোকায়।পুলিচ ৰৈ নাথাকিল গাড়ী লৈ আহি গোটেই কেইটাক উঠাই লৈ গ'ল হৰেনকো লৈ গ'ল।থানাত সিহঁতে ছোৱালী জনীক আৰু তাইৰ মাক বাপেকক দেখি সকলো বুজিলে।পুলিচে সিহঁতক ভালকৈ উত্তম মধ্যম সোধাই এৰি দিলে।ভুল যেতিয়া সিহঁতৰ গতিকে একো নামাতিলে।সেইদিন ধৰি হৰেনৰ দোকান নিৰ্দিষ্ট সময়ত খোলে আৰু কাৰো আড্ডা নহয়।ছোৱালী বোৰ ধুনীয়াকৈ স্কুল যায়। এতিয়া সিহঁতক কোনেও সুহুৰি নামেৰে।কোনেও নকয় " মাইনা তোমাক বৰ মৰম লাগিছে।" 
হৰেনো বেছি সময় দোকানত নাথাকে।নিৰৱতাবোৰে তাকো আমনি কৰে এতিয়া। কাৰণ সিহঁত এতিয়া গাঁৱৰ বেয়া ল'ৰা, দুষ্ট লৰা। সদায় গাঁৱৰ ভাওনাত আগভাগ লোৱা ল'ৰা কেইটা আজি কোনোবা এটাৰ ঘৰত বহি আড্ডা দিয়ে।কি কৰিব ভদ্ৰ সমাজত সিহঁতে অভদ্ৰ নাম পালে।কিন্তু ভগৱান ইমান নিষ্ঠুৰ নহয়।গাঁও খনত দেৰিলৈকে দোকানত আড্ডা দিয়া ল'ৰা কেইটাৰ কাৰণেই যে কিমানবোৰ গাঁও বিপদ মুক্ত তাৰ এটা সামান্য উদাহৰণ সময়ে দিলে।সিহঁত উদাৰ মনৰ ফুৰ্তি কৰে কিন্তু কাৰো অপকাৰ নকৰে।বিপদ সেইবোৰৰ পৰা যিবোৰে ভদ্ৰতাৰ মুখা পিন্ধি থাকে। ছোৱালী জনীক অসৎ কাম কৰা কেইজন কোনোবা ভদ্ৰ ঘৰৰে সন্তান।
নাৰ্ছিং হোমৰ ভিতৰৰ পৰা নাৰ্ছ এগৰাকী আহি কলে, "তাই সম্পূৰ্ণ সুস্থ এতিয়া ঘৰত যাব পাৰিব।"ছোৱালী জনীৰ মাকে হুকহুকাই কান্দি সিহঁতক বিচাৰি আহিছিল কিন্তু তাত বেছি সময় নৰখিল। দায়িত্ব বাঢ়িল আজিৰ পৰা সিহঁতৰ।এখন গাঁৱৰ নিৰাপত্তাৰ দায়িত্ব।

       ✍️ববিতা শইকীয়া,দেৰগাঁও।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send