যৌতুক প্ৰথা এক সামাজিক ব্যাধি

Rinku Rajowar
0
যৌতুক প্ৰথা এক সামাজিক ব্যাধি। অতীজৰে পৰা সমগ্ৰ দেশ,ৰাজ্য তথা প্ৰচলিত সমাজখনত বিভিন্ন জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ মাজত প্ৰতীয়মান হিচাপে পৰিগণিত হৈ আহিছে।সমাজে স্বীকৃতি প্ৰদান কৰা প্ৰচলিত পৰম্পৰা অনুসৰি নাৰীসকলে মুক্ত ভাৱে বিচৰণৰ লগতে জীৱন-যাপন আৰু সম অধিকাৰত বাস্তৱসন্মতভাৱে প্ৰচলিত এই পৰম্পৰাটোৱেই নাৰী জাতিক শোষণৰ এখন স্পষ্ট ছবি অংকণ কৰিছে।এক কথাত ক'বলৈ গ'লে যান্ত্রিকতাৰ বৰ্তমান সমাজ ব্যৱস্থাত যৌতুকৰ দাম-দৰ বিভিন্ন স্তৰলৈ পৰিৱৰ্তন হৈছে।উল্লেখ্য ভাৱে,আজিৰ সমাজৰ কন্যাৰ সৈতে যৌতুক হিচাপে নগদ ধন, সম্পত্তি,পিন্ধন-উৰণ সামগ্ৰীৰ লগতে কন্যাৰ সৈতে পৰম্পৰাগত কিছুমান উপহাৰ বাধ্যতামূলকভাৱে দিব লাগে, যদি বিচৰা ধৰণে যৌতুক দিব নোৱাৰে; কন্যা সন্তান জনীৰ ওপৰত অকথ্য নিৰ্যাতন, বলপূর্বক ভাৱে শোষণ কৰা পৰিলক্ষিত হয়। যাৰ পৰিপেক্ষিতত এই দেশ ভাৰতবৰ্ষ, ৰাজ্য অসম তথা সমাজ খনত নিতৌ নাৰীক হত্যা, হিংসা, অত্যাচাৰ বা অনাকাংক্ষিত মৃত্যুৰ কিৰিলি বাজি উঠে,অৱশেষত অত্যাচাৰ সহ্য কৰিব নোৱাৰি শেষত আত্মহত্যাৰ দৰে চূড়ান্ত প্ৰন্থা অৱলম্বন কৰিবলৈ বাধ্য হয়।
                যৌতুকৰ বাবে হত্যা- দৰিদ্ৰ পৰিয়ালৰ ছোৱালী এগৰাকীয়ে যৌতুক নিব নোৱাৰাৰ বাবেই শহুৰেকৰ ঘৰত বিভিন্ন ধৰণৰ অত্যাচাৰ সহ্য কৰিব লগা হয়। যিটো সাম্প্রতিক সময়ত দৃষ্টিগোচৰ হয়, যৌতুক দিব নোৱাৰাৰ বাবে হত্যাৰ দৰে অপৰাধো সংঘটিত হয়। যেনেধৰক, কেৰাচিন ঢালি জ্বলাই হত্যা কৰা ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে এইখন ৰাজ্যতেই। সমাজৰ সকলো স্তৰৰ মহিলাৰ জীৱন কাঢ়ি নিছে। কিন্তু দৰিদ্ৰ লোকসকলৰ মাজত সজাগতা আৰু শিক্ষাৰ অভাৱৰ বাবে তেওঁলোকৰ সবাতোকৈ বেছি ক্ষতি হয়;মোৰ মনে কয়। সেয়ে, এতিয়া সমগ্ৰ সমাজ সজাগ হ'বৰ হ'ল আৰু পৰিস্থিতি বুজিবৰ হ'ল। আমি সকলোৱে যৌতুক দিয়া বা যৌতুক লোৱা বন্ধ কৰিব লাগিব। প্ৰথমতে;নিজ কন্যা সন্তানক উচিত মূল্য দিব লাগিব।যাতে; তেওঁলোকে ডাঙৰ-দীঘল হ’লে বাকীসকলে তেওঁলোকৰ মূল্য বুজি পায়। বিশেষকৈ কন্যা সন্তানক শিক্ষিত কৰা। তেওঁলোকক নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে সচেতন অভিভাৱক হিচাপে উৎসাহিত কৰা। স্বাধীন আৰু দ্বায়িত্বশীল হোৱাৰ বাবে শিক্ষা দিয়া, ল'ৰা-ছোৱালী বুলি বৈষম্য নাৰাখি সমানে গুৰুত্ব দিয়া।এইখিনি কাম কৰিব পাৰিলে ভৱিষ্যতে মানুহৰ মনোভাৱো সলনি হ'ব। যাৰ পৰিৱৰ্তন অত্যন্তই জৰুৰী। 
          সাম্প্রতিক সময়ত চৰকাৰ প্ৰশাসনে আজিকালি অৱশ্যে যৌতুক প্ৰথা নিৰ্মূলকৰণতেই  সীমাৱদ্ধ নাথাকি, বিভিন্ন আঁচনিৰে কন্যা সন্তানৰ মানদণ্ড উন্নীতকৰণৰ বাবে বহু আইন-কানুন আৰু সংস্কাৰমুখী কাৰ্যসূচীৰে গ্ৰহণ কৰিছে, যিটো প্ৰশংসনীয়। এইক্ষেত্ৰত নৱপ্ৰজন্মৰ পুৰুষ, অভিভাৱক সকলে যৌতুক প্ৰথাৰ বিৰুদ্ধাচৰণ কৰি সমাজত এক আদৰ্শ গঢ়ি তুলিব লাগে।আপোনাৰ কন্যা শিশু আপোনাৰ ভৱিষ্যত।

             ✍️চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)