ধাৰাবাহিক উপন্যাস সূৰ্যোদয়-৩০

Rinku Rajowar
0
(১) 
নিজকে কেতিয়াবা ভাগ্যবান বুলি ভাবোনে? ইমান ধুনীয়া পৃথিৱীলৈ মা-দেউতাই আনিলে। কৃতজ্ঞ।মা-দেউতা। কিন্তু কেতিয়াবা ই ওলোটা। কিয়নো পৃথিৱীলৈ আহি একো কৰিব পৰা নাই। কৰিব পৰা হোৱা নাই। পৃথিৱীৰ শ্ৰেষ্ঠ জীৱ হৈয়ো নিজৰ ওচৰত পৰাস্ত। কিয় মোৰ এইখিনি কাৰাবাৰ। মই কি কৰি থৈ যাম। কিদৰে মই উত্তৰসূৰীৰ আগত জী উঠিম। শ্ৰদ্ধাৰ ড° নিৰ্মলপ্ৰভা বাইদেউ ৰ" কৰুণতম"কবিতাৰ দুটিমান শাৰীলৈ মনটো পলাই পলাই যায়-
  "মই মোক                                                    মোৰ সন্তানৰ কাৰণে
             ক’ত থৈ যাম
             ক’ত??. .. 
  এদিন দুদিন পাৰ হৈ গৈছে। ৰাতি চিন্তা হৈছে। এৱাৰ্ড লেটাৰ কেতিয়া আহিব। ডিব্ৰুগড় যেন ঠাইত আমি থাকোঁ কেনেকৈ। সেয়েহে সমস্যা বাঢ়িবই। যি হয় দেখা যাবে। সমস্যা যিয়েই নহওঁক সমাধান ৰ পথ উলিয়াবই লাগিব। সি সৰুৱেই হওঁক। ডাঙৰেই হওঁক। সমস্যাৰ লগত যুঁজিয়ো কিবা এটা আমেজ আছে। সকলোৱে সেই আমেজ নাপাব। 
 মাষ্টাৰ ডিগ্ৰী কৰি ভাবো। কি যে দীঘলীয়া জাল। পিচে সকলোৱেটো সেই জালত বন্দি নহয়। বা হৈ থকাটোও নিবিচাৰে। কষ্ট, সাধনা, সাহস আৰু ত্যাগে এইবোৰ সমাধান কৰিবলৈ আগবঢ়াই নিবই নিব।
  "জীৱন বিশ্ব মুখী হ'ব। চিন্তা-চৰ্চাত গভীৰতা বৃদ্ধি হ'ব। জীৱন সাতোৰঙী হৈ পৰিব... "
  লাইফ ইছ আনপ্ৰিডিকটেবুল কথাষাৰ মন কৰিবলগীয়া। সেয়েহে জীৱনত যি পাইছোঁ তাকে লৈ সন্তুষ্টি হ'ব লাগে।সৰু সৰু আনন্দ উপভোগ কৰি যাব লাগে। মই যদিও স্কলাৰস্বিপ টো পালোঁ। বহু কষ্ট হৈছিল। শুনিছিলোঁ সমুজ্জল দাদা, টিংকু, শিখা বা, টুলুমণি বা ইত্যাদি বহুতে বহু প্ৰত্যাহ্বান নেওচি জেআৰএফ পোৱা দিশে মোৰ একে ঠাইতে ৰৈ থাকিবলৈ দিয়া নাছিল। জেআৰএফ পাবলৈ হে মন আছিল। কিন্তু মোক পইচাহে লাগে। সেয়েহে আৰু পুনৰ নেট, জেআৰএফ পৰীক্ষাত বহিবলৈ মন নেমেলিলোঁ। সময়ৰ কথাটো মন কৰিব লাগিব। বয়সৰ কথা-
"বয়সে গৰকিলে চম্পা ঐ...। 

 (২) 
   ডিয়ুৰ সমস্ত পৰিৱেশটো ফৰকাল হৈ আছে। পৰিষ্কাৰ পৰিষ্কাৰ লগা দিশটোৱে মনটোক  কাম কৰিবলৈ সাহস দিয়ে। নতুনকৈ ন-ন চিন্তা কৰিবলৈ উদ্বেলিত কৰে। নিজকে ধুই-পখালি লোৱাৰ সুবৰ্ণ সুযোগ দিয়ে। প্ৰত্যাহ্বান নেওঁচি জীৱনৰ বাট বুলি যাব লাগে। জীৱনে গতি ল'ব।সলাই পেলাও আহক। দুশছডাল হাড়কে প্ৰমুখ্যে কৰি বহু উপাদান আমাক দিছে। সেইবোৰ খৰচ কৰি পূৰ্ণাংগ ৰূপেৰে উঠিপৰি লগাই শ্ৰেয়। পৰীক্ষা থাকিবই। প্ৰভূ ৰামৰ কাষৰটো সীতাই অগ্নি পৰীক্ষা দিব লাগিছিল। 
 যদিও নিজা একো নাই তথাপি জীৱন নিজৰ। এছিভমেন্টবোৰো নিজা। ক্ৰেডিট মা, দেউতা, ছাৰ, বাইদেউ, বিজ্ঞজন,ওচৰ-চুবুৰীয়া,অন্যান্য।
 "ল'ৰাটো নেদেখোৱেই। দেৰগাঁৱত পঢ়ি থাকে হ'ব পাই। এতিয়া কিবা নেট নে কি পাচ কৰিলে। ডিব্ৰুগড় তে পঢ়িবলৈ যাব। ভাল হওঁক। হুলস্থূলীয়া পৰিৱেশৰ পৰা নিজকে আঁতৰাই নিজানত নিজকে সি বিচাৰি উলিয়াইছে। তাৰ ওপৰত বিশ্বাস আছে। আমাৰ গাঁৱৰ নাম সি উজ্জ্বলাব। ভগৱানে তোৰ ছায়া হৈ থাকক, জনগণমন,অ, মোৰ আপোনাৰ দেশ ৰ সুৰে সুৰে তন মন..."
 ওচৰ-পাজৰৰ মানুহবোৰ কথা বোৰে বুকু ডাঠ কৰে। এসোতা শান্তি, সাহসী হৈ পৰোঁ।মৰি মৰি জী উঠো। ব্ৰহ্মাণ্ডৰ শুদ্ৰ তাঙৰণস্বৰূপ এই গঞালোকৰ ল'ৰা-ছোৱালীৰ কাম কৰিব পৰা ডাঙৰ মন থাকে। ধন নাথাকে। কিন্ত পণ নাভাগে। পুঁৱতি পুৱাও জাগি জাগি থাকে-
"যদি জীৱনৰ ৰঙবোৰে লুকা-ভাকু খেলে, পিচলৈ ঘূৰি নাচাবা... 

  (৩) 
বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ ওচৰত কৃতজ্ঞ। পাঁচবছৰীয়া স্কলাৰস্বিপ দিছে। তেওঁলোকে নিজে নিৰ্বাচিত কৰি তালিকা তেওঁলোকৰ অফিচিয়েল ৱেবচাইটত আপলোড দিছে। সেইদিন মোৰ জীৱনৰ শ্ৰেষ্ঠ দিন। কষ্ট, সংগ্ৰাম, সাহস, ত্যাগে এই আনন্দ প্ৰদান কৰিছে। প্ৰথম দুবছৰ জেআৰএফ। তিনিবছৰ এছআৰএফ। এমফিল, পিএইচডি কৰিবলৈ কোনো সমস্যা নাথাকে।এনে এটা সুযোগৰ বাবে লাখ লাখ ল'ৰা-ছোৱালীয়ে এই নেট, জেআৰএফ পৰীক্ষা দিয়ে। কেইবাবাৰু এই নেট জেআৰএফ পৰীক্ষা দি এবাৰ মনসন্তুষ্টিৰে পাচ কৰা সকলৰ বহু অভিজ্ঞতা সঞ্চয় হোৱাটোৱেই স্বাভাৱিক।এইসকলে বিফলতাক সফলতা বুলি পজিটিভেৰে আগবাঢ়ে। সহকাৰী অধ্যাপক পদত নিযুক্তি লাভ কৰিবলৈ ও এই পৰীক্ষাত উত্তীর্ণ হ'ব লাগে। লগতে আই. এছ.বি.এন, আই. এছ.এছ.এন ইত্যাদি দৰকাৰ। তথাপি গাইডলাইনখন সালসলনি হৈ থাকে। মোৰ দুটা লাভ প্ৰথম মই ইন্টাৰভিউ দিব পাৰিম। দ্বিতীয়তে গৱেষণা কামত ফাইনেঞ্চ সমস্যাৰ পৰা হাত সাৰিব পাৰিম।যি সমস্যা ৰ বাবে ২০১৮-২০২০ শেষলৈ ৰৈ থাকিব লগা হৈছিল।সকলোৰে আশা, আকাংশা,আৰ্শীবাদ শিৰত লৈ ঐতিহ্যমণ্ডিত তথা উজনি অসমৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত গৱেষণা কৰিবলৈ আগবাঢ়ি আহিলোঁ। যিহেতু মোৰ হেঁপাহক দমাব নোৱাৰাৰ বাবে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ আহিছিলোঁ। তাৰ পিচত একো ভবা হোৱা নাছিল। পাঁচবছৰীয়া জলপানিয়ে এই দিশত পথ দেখুৱাই দিলে। সাহস গোট খালে-
  "চাৰ, মই  এমফিল ,পিএইচডি কৰিম, নামোমকিন আছিল । কিন্তু..

বিপদে-আপদে সহায় কৰিব! দিহা-পৰামৰ্শওদিহা-পৰামৰ্শও দিব। 
" হ'ব, তুমি গৈ থাকা, সময়, সামৰ্থ অনুসৰি সহায় কৰি যাম। সদায় মূৰ তুলি থাকিবা।  তুমি বিশ্ব মুখী হোৱা, শুভেচ্ছা আৰু আৰ্শীবাদ সদায় থাকিব। "

 আৰম্ভ নতুন যাত্ৰা। এমফিল জইন হৈ পৰিলোঁ।যাৱতীয় কাম-কাজখিনি শেষ হৈছোঁ। দীঘলকৈ উশাহটো টানিছোঁ। 
 ন-ন চিন্তাৰ। নিজক সজোৱাৰ। ভুলখিনি শুদ্ধৰোৱাৰ। ই সুবৰ্ণ সুযোগ। "এতিয়াও আছে সময়, নিজক সলাবলৈ..."। 
 

  সমাপ্তঃ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)