ঘৰত ল'ৰা আৰু বোৱাৰীৰ আলোচনা চলি আছে। বুজিব পৰা নাই অণিমাই। কেইমাহমান হ'ল বুকুত পেচমেকাৰ লগাইছে। এতিয়া অণিমা সম্পূৰ্ণ ৰেষ্টত থাকিব লাগিব। মাকক চোৱা-চিতা কৰিব লাগিব ল'ৰা-বোৱাৰীয়ে।
পিছে দায়িত্ব সাৰিবৰ কাৰণে ল'ৰা-বোৱাৰীয়ে ফুচ-ফাচ কৰি কিবা আলোচনা কৰি আছে।
ৰাতি ভাত খোৱাৰ পিছত ল'ৰাই ক'লে― "মা, তোমাৰ লগত অলপ কথা আছে।"
অণিমাই ক'লে― "ৰ'বা সোণ, মোৰো তোমালোকৰ লগত কথা আছে। মাৰাক অসুস্থ দেখি বিপদত পৰাৰ আশংকা কৰিছা হয়নে? কি ভাবিছা? বৃদ্ধ আশ্ৰমৰ কথা। মই কি ভাবিছোঁ জানা― তোমালোকে ধুনীয়া ফ্লেটত থাকিব পাৰিবা। ফ্লেটত কষ্ট নাপাবা। এইটো ঘৰ বহুত পুৰণা হ'ল। মই মোৰ পেন্সনৰ টকা দিয়েই চলি যাব পাৰিম। তোমালোকেও বয়সৰ কথা এতিয়াৰ পৰাই চিন্তা কৰিবা দেই। মোৰ অবিহনে এইটো ঘৰত থাকিব পাৰিবা। মই বঞ্চিত নকৰোঁ দিয়া।"
আলচা কথাটোকে মাকে কৈ দিয়াত পুতেক-বোৱাৰীয়েকৰ অৱস্থা ভিজা মেকুৰীৰ দৰে হ'ল।
✍🏻সুজাতা মেধি
গুৱাহাটী