অন্তহীন যাত্ৰা-শ্ৰীমনোজ উৰাং

©Admin
0
জীৱন সংগ্ৰামত বিজয়ৰ ধ্বজা উৰুৱাব বিচৰা অঘোষিত প্ৰতিযোগিতাৰ তেওঁ এজন প্ৰতিযোগী। বিলাসিতা সুখ পান কৰা অথবা ভ্ৰষ্টাচাৰেৰে সম্পত্তিৰ পাহাৰ গঢ়োতাৰ সৈতে নহয় এই প্ৰতিযোগিতা। তেওঁ এই দুদিনীয়া জীৱনৰ চক্ৰবেহুত প্ৰতিযোগী হৈ সফলতা বিচৰাৰ কাৰণ মাথোঁ ঘৰৰ প্ৰতিজন সদস্যৰ ওঁ‌ঠত হাঁহি  এটি জিলিকি ৰয় অথবা  দিনৰ প্ৰতিটো সাজ সুখেৰে গ্ৰহণ কৰাৰ বাবে। দেউতাৰ মৃত্যুৰ পাছত ঘৰৰ পানীত হাঁহ নচৰা অৱস্থা। অজয়ে পঢ়া আধাতে সামৰি চাকৰি বিচাৰি নোপোৱাত ওচৰৰে চাহ বাগিচা এখনত চকীদাৰ কামত সোমায়। চাহ বাগিচাৰ একেবাৰে নিম্নতম মজুৰিত ঘৰৰ অভাৱসমূহ পূৰণ কৰিব নোৱাৰি অন্য কামৰ সন্ধানত বহিঃৰাজ্যলৈ বুলি নিউ তিনিচুকীয়া জংচনৰ  প্লেটফৰ্মত ৰেইলৰ অপেক্ষাত  আত্মবিভোৰ হৈ বহি আছে।

           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)