মৰম হৈ উপজিছিলা
পুলক ভৰা
প্ৰাঞ্জল এজুৰি নয়ন তোমাৰ।
ছদ্মনাম লোৱা নাছিলা তুমি
নিজম পৰা নিশা
নিদ্ৰাৰ কোমল কোলাত
শুইছিলা দুঃস্বপ্ন নুবুজাকৈ ।
মলয়া বতাহে চুই যোৱা মন
পুৱাৰ কিৰণত
কোমল শব্দৰ কল কলনিত
জুৰ পৰিছিল হৃদয় ।
পবিত্ৰতাৰে ভৰি পৰিছিল
আশাৰ স্বপ্ন
তুমি প্ৰথম পুৱাৰ সপোনত
এদিন শব্দ হৈ আহিছিলা ।