মই অলপ ওলাই যাওঁ,তুমি আৰাম কৰা।কথাষাৰ কৈ ওলাই যোৱা ৰমাকান্তক তগৰৰ আপোন আপোন লাগিল।হঠাৎ তাই জীৱনলৈ ধূমকেতুৰ দৰে অহা এই মানুহটোৱে ৰনে সদায় দখল কৰি অহা তাই অন্তৰখন আধা কাঢ়ি ল'ব খুজিছে নেকি?অৰ্থহীন ভাৱে তগৰৰ ওঁঠত নিলাজ হাঁহি এটা বিৰিঙি উঠিল।
বাইদেউ এইয়া আপোনাৰ প্ৰথম বেবী।লগতে লাগি থকা কাষৰ ৰুমত থকা মহিলা গৰাকীয়ে তগৰলৈ চাই প্ৰশ্ন কৰিলে।তগৰে সামান্য মূৰ দুপিয়ালে।মোৰো এইয়া প্ৰথম বেবী।মোৰ পিছে ছিজাৰিন কৰা কেইদিনমান পলম হ'ব।মোৰ গৰ্ভত থকা বেবীটো ওজন কম হৈ আছে বোলে।অনৰ্গল কথা কৈ যোৱা মহিলা গৰাকীৰ কিছুমান কথা তগৰে বুজিব নোৱাৰিলে।তগৰে ভেবা লাগি মহিলা গৰাকীলৈ চাই থাকিল।মহিলা গৰাকীয়ে আকৌ আৰম্ভ কৰিলে, আপুনি বৰ ধুনীয়া।সেই বাবে আপোনাৰ মানুহজনে আপোনাৰ ইমান খেয়াল ৰাখে।মোৰ জনে বাধ্যত পৰিহে আছে।আনৰ সংসাৰৰ মৰমবোৰ দেখিলে হিংসাহে লাগে বুজিছে।অৱশ্যে আপোনালোকৰ কথা কোৱা নাইদেই বুলি অৰ্থহীন ভাৱে মহিলা গৰাকীয়ে হাঁহিবলৈ ল'লে।তগৰে এটা সেমেকা হাঁহিৰে মহিলা গৰাকীৰ হাঁহিৰ লগত সুৰ মিলালে।হাঁহিব লাগে বুজিছে, তেতিয়াহে আমাৰ সন্তানেও হাঁহিব।পিছে আপোনাৰ মিষ্টাৰে কি কৰে।তগৰে সেপ ঢুকি ক'লে, -পুলিচ।অ' সেই বাবে ইমান গহীন।মোৰ জনে মাষ্টৰ কৰে।খঙাল মাষ্টৰ।মই পিছে ভয় নকৰো।মতা মানুহক ভয় কৰিলে লাই পায়।অনৰ্গল কথা কৈ যোৱা মহিলা গৰাকীক তগৰৰ বেয়া নালাগিল।আপোনাৰ ঘৰ ক'ত।এইবাৰ তগৰ বিপাঙত পৰিল।তাই কথাটো নুশুনা ভাও ধৰি কথাটো সলাব বিছাৰি ক'লে, ইয়াত থাকি কেনে পাইছে।কিনো ভাল- বেয়া,বেবীটো জন্ম হোৱালৈ থাকিব লাগিবই নহয় জানো?তগৰে উৎকণ্ঠাৰে ৰমাকান্ত যোৱা বাটটো ফালে চকু মাৰিছে। কি চাইছে,মানুহজন অহা নাই বাবে আপোনাৰ মনটো উচপিচাই আছে।মোৰ জন কালিয়েই ঘৰলৈ গ'ল।এতিয়াও পোৱাহিয়ে নাই।এই সময়ত মানুহ জনেই সাহস।কথাষাৰ কৈ কৈ মানুহ গৰাকী আঁতৰি গ'ল।
সময়বোৰ নাযায় নুপুৱাই ।প্ৰায় ৩-৪ ঘন্টা পাৰ হৈ গ'ল।ৰমাকান্ত ক'ত যাব পাৰে।পানীৰ সোঁতত উটি যোৱা জনৰ বাবে খামুচি ধৰিবলৈ খেৰ কূটা ডালেই সাহস হোৱাৰ দৰে,অচিনাকী এই চহৰখনত অচিনাকি যদিও সহায়ৰ হাত আগবঢ়োৱা ৰমাকান্তই তাইৰ সাৰথি।ক'ত গ'ল তাইক এৰি থৈ! গুছি গ'লগৈ নেকি?ভয়ত তাই অণ্ঠ-কণ্ঠ,শুকাই যোৱাৰ উপক্ৰম হ'ল।পানী এগিলাচ খাবলৈ লৈ মুখলৈ নিওঁতেই গিলাচটো হাতৰ পৰা সৰি পৰি ঠন-ঠনাই শব্দ কৰিলে।হঠাৎ পিছফালৰ পৰা অহা ভৰিৰ শব্দত তগৰে ঘূৰি চাই, ৰমাকান্তৰ ভাগৰুৱা মুখখন দেখি চকু চলচলীয়া হৈ পৰিল।ইমান দেৰি ক'ত।তাই দুখোজ আগবাঢ়ি ৰমাকান্তলৈ চাই ক'লে।পৰিবা, লাহে লাহে ,পানী পেলাই নিজেই পিচলখাই পৰিবা।ৰ'বা মোৰ পুৰণা চোলাটোৱে পানী খিনি মঁহাৰি নিওঁ।ৰমাকান্ত ব্যস্ত হৈ পৰিল।নালাগে মই চাফা কৰিম।প্ৰথমে ইমান সময় ক'ত গৈছিল তাক কওঁক।এয়া যেন মানসীৰ অভিমান।সু-নিবিড় তৃপ্তিত ৰমাকান্তৰ বুকুখন মূহুৰ্ততে ভৰি পৰিল।বিছনাখনত দীঘল দি তগৰৰ ফালে চাই ৰমাকান্তই ক'লে, কিবা কৈছিলা নেকি?আকৌ এবাৰ কোৱা।মই শুনা নাপালোঁ।এইবাৰ তগৰে লাজ পালে।গাম্ভীৰ্য্যতাৰ অভিমান খিনি যেন ৰমাকান্ত আগত ধৰা পৰিল।তাই তললৈ মূৰ কৰিলে।
অকণমান তেজৰ যোগাৰ কৰি আহিলোঁ।তোমাৰ বাবে।তুমি কি বুলি ভাবিছিলা।মই পলাই গ'লোঁ বুলি তোমাক এৰি।ৰমাকান্তই হাঁহি হাঁহি কোৱা কথাষাৰত তগৰে বৰ লাজ পালে।
এগৰাকী নাৰ্চ আহিল তগৰক মাতিবলৈ।তেজ দিব লাগে।ৰমাকান্তই লক্ষ্য কৰিলে, ৰুমৰ পৰা ওলাই যোৱা তগৰে যেন, কিবা এটা ক'ব খুজিও নিজকে সংযত কৰি একো নোকোৱাকৈ তাৰ ফালে উভতি চাই আঁতৰি গ'ল।
তেজৰ চেলাইনটো দেখিয়েই তগৰে ভয় খালে।নাৰ্চ গৰাকীয়ে ধমকি দিলে, মাইকীৰ কথা ভাবি মানুহটোৱে নিজৰ তেজ দি গৈছে।ভাগ্য ভাল মতা-মাইকী তেজৰ গ্ৰুপ একেই।ৰমাকান্ত তেজৰ সোঁত এটোপ -দুটোপকৈ তগৰৰ দেহলৈ গতি কৰিছে।তাই কাণত বাজি থাকিল ।মানুহজনে মাইকীৰ কথা ভাবি নিজৰ তেজ দি থৈ গৈছে।
আগলৈ,,,,,,,।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ