লেডী জাষ্টিচিয়া আৰু আজিৰ বিভ্ৰাট সমাজ-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
শৈশৱৰ কোনোবা এটা দিনত দেউতাৰ হাত ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখেৰে গৈ থাকোতেই মনৰ কৌতুহল দমাই ৰাখিব নোৱাৰি আদালত খন দেখিবলৈ কিয় মন্দিৰৰ দৰে  বুলি প্ৰশ্ন কৰিছিলো।  মোৰ দেউতা এজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান  শিক্ষক আছিল । তেওঁ প্ৰায়েই মোৰ এনেধৰনৰ আহুকলীয়া প্ৰশ্নৰ সন্মুখীন হৈছিল আৰু খুব বিচক্ষণতাৰে যুক্তি আৰু তথ্য সহকাৰে উত্তৰ দি মোক উৎসাহিত কৰিছিল।  সেইদিনাখনো  মোৰ প্ৰশ্নৰ উত্তৰত দেউতাই কৈছিল যে ন্যয়ালয়ত ন্যায়ৰ ভগৱান থাকে ।  আৰু সেই ভগৱানকে সাক্ষী ৰাখি আদালতৰ বিচাৰকে অভিযোগ নিষ্পত্তি কৰি ৰায় প্ৰদান কৰে।  শৈশৱৰ সেই দিনটোৰ পৰাই  মোৰ অন্বেষণ আৰম্ভ হৈছিল আদালতৰ ভিতৰত থকা ন্যায়ৰ ভগৱানক জনৰ বিষয়ে সবিশেষ জানিবলৈ আৰু এবাৰ দৰ্শন কৰিবলৈ । 
পৰৱৰ্তীকালত দেশী বিদেশী বিভিন্ন বোলছবিত দেখা আদালত সমূহত এহাতে তৰোৱাল  আনহাতে এখন তুলাচনী আৰু  চকুত ক'লা পটি বান্ধি  ৰখা   নাৰীৰ প্ৰতিমূৰ্তি গৰাকীয়েই আদালতৰ ভগৱান হয় বুলি ধাৰণা  কৰিছিলো ।
আচলতে এই ন্যায়ৰ দেৱী গৰাকী নো কোন ? সাম্প্ৰতিক সময়ত এই ন্যায়ৰ দেৱী গৰাকীৰ প্ৰতি আমাৰ  আস্থা কিমান? 
      দৰাচলতে আদালতৰ ভিতৰত দৃষ্টিগোচৰ হোৱা ন্যায়ৰ দেৱীৰ প্ৰতিমা গৰাকী  হৈছে প্ৰাচীন ৰোম বাসীৰ পূজ্জিতা দেৱী লেডী জাষ্টিচিয়া। খ্ৰীষ্টীয়ান ধৰ্মৰ উদ্বোধয়ৰ আগলৈকে ৰোমান সকলে লেডী জাষ্টিচিয়াক ন্যায় আৰু আদেশৰ অধিপতি বুলি পূজা উপাসনা কৰিছিল ।  বহুতে আকৌ এই ন্যায়ৰ দেৱী ৮০০ খ্ৰীষ্টপূৰ্বৰো প্ৰাককালত গ্ৰীক সকলে  উপাসনা কৰা দেৱী থেমিচ অথৱা ইজিপ্টৰ ন্যায়ৰ আৰাধ্য দেৱী মা'এট বুলিহে ক'ব বিচাৰে।  গ্ৰীক সকলৰ মতে দেৱী থেমিচে  প্ৰাকৃতিক প্ৰক্ৰিয়া যেনে দিনৰ পাছত ৰাতি, ঋতুৰ পৰিৱৰ্তন, জীৱৰ জীৱনচক্ৰ নিয়ন্ত্ৰণ কৰে। তেওঁৱেই হৈছে ন্যায়ৰ উপাস্য দেৱী ।
বহুতো ইতিহাসবিদৰ মতে আকৌ কেবা হেজাৰ বছৰ আগত ইজিপ্তিয়ান সভ্যতাৰ লোক সকলেহে পোন প্ৰথম বাৰৰ বাবে ন্যায়ৰ দেৱী মা'এটৰ মানবী অবয়ব সাজি পূজা পাৰ্বন কৰিছিল । তাৰ কেইবাশ বছৰ পাছতহে উত্তৰ আৰু পূব ইউৰোপৰ বিভিন্ন সৰু বৰ দেশ আৰু ৰোমত পৰম্পৰাগত ভাৱে ন্যায়ৰ দেৱীৰ প্ৰতিমা সাজি  পূজা-পাৰ্বন পাতিব লৈছিল । 
পৰৱৰ্তীকালত চকুহালিত ক'লা পটি বন্ধা  এহাতে তৰোৱাল আনহাতে এখন তুলাচনী লৈ  ৰোমান টুনিচা পৰিধান কৰা লেডী জাষ্টিচিয়াৰ মানৱী প্ৰতিমূৰ্তিটোৱেই বিশ্বৰ বিভিন্ন দেশত লাহে লাহে ন্যায়ৰ দেৱী হিচাপে পৰিগণিত হৈ পৰিছিল ।
            লেডী জাষ্টিচিয়াৰ চকুৰ কলা পটি খনে ভেদাভেদ নাৰাখি  নিৰপেক্ষতাৰে ন্যায় প্ৰদান কৰা বুজাই।  ন্যায়ৰ দেৱীৰ দৃষ্টিত ধনী-দুখীয়া, ৰজা-প্ৰজা আৰু নৰ-নাৰী, শিশু আৰু বৃদ্ধ সকলো সমান । আইনৰ উৰ্ধত কোনোৱেই হ'ব নোৱাৰে ।
এহাতে ধৰি থকা তুলাচনীখনে  উত্থাপিত অভিযোগ আৰু তাৰ প্ৰমাণৰ ভাৰসাম্যতাক সূচায়।  গুচৰীয়াই  উত্থাপিত কৰা অভিযোগ সমূহ বিচাৰকে খুটি নাটি মাৰি তন্ন তন্ন কৈ চালিজাৰি চাইহে ৰায় প্ৰদান কৰা উচিত।  ততাতৈয়াকৈ লোৱা সিদ্ধান্তৰ বাবে প্ৰকৃত দোষী যাতে সাৰি যাব নোৱাৰে আৰু প্ৰকৃততে নিৰ্দ্দোষীজনে যাতে ভূলঃবশত শাস্তি খাব লগীয়া নহয় তাৰ বাবে বহুত সতৰ্ক হোৱাৰ প্ৰয়োজন। সেই বাবেই আদালতে প্ৰকৃত দোষীক চিনাক্তকৰণ আৰু তেওঁৰ ওপৰত উত্থাপিত অভিযোগৰ সত্যতা প্ৰমাণৰ ক্ষেত্ৰত সাক্ষী দানক যথেষ্ট প্ৰাধান্যতা দিয়ে। প্ৰমাণ যোগ্য সাক্ষী গ্ৰহণৰ জৰিয়তেহে প্ৰকৃত দোষীক কৰায়ত্ব কৰি আদালতে উচিত শাস্তি প্ৰদান কৰাৰ  নিয়ম আছে।  
লেডী জাষ্টিচিয়াই আনহাতে ডাঙি ধৰি থকা তৰোৱালখনে আইনৰ ক্ষমতা আৰু আধিপত্য সাব্যস্ত কৰে। আইন হৈছে সকলোৰে উৰ্ধত। ন্যায়ৰ প্ৰতিষ্ঠাৰ বাবে আইন প্ৰণয়নৰ বহুতো প্ৰয়োজনীয়তা আছে। 
১৯৩১ চনত শান্তিৰ নোবেল বঁটা বিজয়ী প্ৰথম গৰাকী মহিলা জেন আদামচে কৈছিল,
 প্রকৃত শান্তি কেৱল যুদ্ধ নোহোৱাটোকে নুবুজাই, ই আচলতে ন্যায়ৰ অস্তিত্বকহে বুজাই ।
সাম্প্ৰতিক সময়ত আমাৰ দেশ তথা ৰাজ্যখন বিভিন্ন উচ্ছৃংখলতা আৰু অশান্তিৰে জৰ্জ্জৰিত হৈ পৰিছে।  চৌ দিশে মাথোন হত্যা, ধৰ্ষণ, অপহৰণ, লুন্ঠন আৰু দুৰ্নীতিৰ দৌৰাত্ম্য ঘটিছে।  আৰক্ষী সেৱা আৰু আইন প্ৰশাসনৰ ওপৰত জনসাধাৰণ বিতুষ্ট হৈ পৰিছে। দিনক দিনে  আইন আদালতৰ প্ৰতি সাধাৰণ জনতাৰ আস্থা হ্ৰাস পাবলৈ  ধৰিছে।  আদালতৰ দুৱাৰে দুৱাৰে ন্যায় ভিক্ষা বিচাৰি বিচাৰি লক্ষাধিক জনতা দিকভ্ৰান্ত হৈ পৰিছে। অলপতে মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ এন ভি ৰমন্না ডাঙৰীয়াই প্ৰকাশ কৰা মতে  বৰ্তমানে ভাৰতবৰ্ষত প্ৰায় ৪ কোটি ৫০ লাখ অমীমাংসিত  পঞ্জীভূক্ত গোচৰ  আছে । এজন  অৱসৰপ্ৰাপ্ত ন্যায়াধীশে জনোৱা মতে এই সৰ্বমুঠ গোচৰ মীমাংসা হ'বলৈ ভাৰতক নাই কমেও আৰু ৩৬০ বছৰৰ প্ৰয়োজন হ'ব।  বহু কাল ধৰি ভাৰতৰ বোলছবি জগতত জনপ্ৰিয় হৈ পৰা  তাৰিখ পে তাৰিখ, তাৰিখ পে তাৰিখ সংলাপটোৱেও আদালতৰ লেহেমীয়া ৰায়দান প্ৰক্ৰিয়াকে দাঙি ধৰি আহিছে ।
   ফহিয়াই চালে  দেখা যায় আমাৰ ন্যায় ব্যৱস্থা  সাম্প্ৰতিক পৰিস্থিতিত উপনীত হোৱাৰ  কাৰণ অকল জনসাধাৰণ, শাসন ব্যৱস্থাৰ আৰু শাসক বুলি  কলে হয়তো ভূল কৰা হ'ব। দেশ এখনৰ  ন্যায় ব্যৱস্থা সবল আৰু সুস্থিৰ হ'বলৈ সাধাৰণ জনতা,  জনপ্ৰতিনিধি তথা শাসক, প্ৰশাসক সকলোৱেই সমানেই দায়িত্বশীল হ'ব লাগিব ।  আমাৰ দেশৰ লেহেমীয়া বিচাৰ প্ৰক্ৰিয়াৰ আৰঁৰ বিভিন্ন কাৰণ সমূহৰ মাজৰ তিনিটা প্ৰধান কাৰণ হৈছে-
১৷ দেশখনৰ বৰ্ধিত জনসংখ্যা । যাৰ ফলত জনমূৰি অপৰাধৰ সংখ্যাও অবাঞ্চিত হাৰত বৃদ্ধি পাব ধৰিছে। অলপতে ৰাষ্ট্ৰীয় অপৰাধ লেখ্য বিভাগ ( National Crime Record Bureau) চমুকৈ  NCRB এ প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০ বৰ্ষত তুলনাত্মক ভাৱে ২০১৯বৰ্ষতকৈ প্ৰায় ২৮% অপৰাধ  বৃদ্ধি পাইছে । জনসংখ্যা আৰু অপৰাধ প্ৰৱণতাৰ  নিয়ন্ত্ৰণ দেশৰ জনসাধৰণৰ সজাগতা আৰু দায়বদ্ধতাৰ ওপৰত নিৰ্ভৰশীল। গতিকে সমাজৰ প্ৰত্যেক জন নাগৰিক সচেতন হোৱাৰ সময় আহি পৰিছে। 
২। বৰ্ধিত জনসংখ্যা আৰু অপৰাধৰ পৰিসংখ্যা অনুপাতে দেশত ন্যায়ধীশৰ সংখ্যা মুঠেই তাকৰ । গতিকে অপৰাধ নিষ্পত্তিকৰণ লেহেমীয়া তথা  দীৰ্ঘকালীন সময়ৰ বাবে অমীমাংসিত হৈ পৰাটো স্বাভাৱিক।  অলপতে ভাৰতৰ আইন মন্ত্রনালয়ে আগবঢ়োৱা তথ্য অনুযায়ী দেশখনৰ প্ৰায় দহ লাখ লোকৰ বাবে মাত্র দুজনহে বিচাৰক উপলব্ধ আছে ।       
      দেশখনৰ উচ্চতম ন্যায়ালয়, পঁচিশ খন উচ্চ ন্যায়ালয় আৰু সৰ্বমুঠ ৩২৯৬খনত প্ৰায় ৬ হাজাৰ ন্যায়ধীশৰ পদ আজিও খালি হৈ আছে । 
          বিশুদ্ধ বায়ু,পানী, শিক্ষা গ্ৰহণ, চিকিৎসা সেৱা আৰু ন্যায় ব্যৱস্থা   জাতি বৰ্ণ আৰু বৰ্গ নিৰ্বিশেষে দেশৰ সকলো নাগৰিকেই বিনামূল্যে লাভ কৰিব পোৱাটো মৌলিক অধিকাৰৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব লাগে।    
       যেতিয়ালৈকে এখন দেশৰ ন্যায়িক আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী নহয় তেতিয়ালৈকে সেইখন দেশত শান্তিপূৰ্ণ আৰু সুশৃংখল সমাজ আশা কৰাটোও ভূল হ'ব ।  সমাজৰ মংগলৰ বাবে দেশৰ শাসন ব্যৱস্থাই উপযুক্ত ন্যায়াধীশ নিয়োগ কৰি দায়িত্ব পালন কৰাৰ সময় আহি পৰিছে । 
৩৷  সামাজিক দিশত সচেতন আৰু দায়বদ্ধ নাগৰিক অবিহনে এখন দেশৰ সৰ্বাংগীন বিকাশ তথা উন্নতি একেবাৰেই অসম্ভৱ কথা ।  আমি অকল শাসক আৰু প্ৰশাসকক দোষ জাপি গা এৰা দিলেই সমস্যাৰ সমাধান নহ'ব।  এজন দোষীক চিনাক্তকৰণ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আদালতত সাক্ষীৰ প্ৰয়োজন হয়। এই নীতিসন্মত প্ৰক্ৰিয়াটো পৃথিৱীত যুগ যুগ ধৰি চলি আহিছে আৰু চলিবও । কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল বহু অপৰাধীয়ে জঘন্যতম অপৰাধ কৰিও উপযুক্ত সাক্ষীৰ অভাৱত আইনৰ সুৰুঙাৰে সাৰি গৈছে । আকৌ কেতিয়াবা উপযুক্ত সাক্ষীৰ অভাৱত নিৰ্দ্দোষী লোকেও আইনৰ মেৰপাকত পৰি কঠোৰতম শাস্তি ভোগ কৰিব লগীয়াত পৰিছে। ৰাষ্ট্ৰীয় অপৰাধ লেখ্য বিভাগে প্ৰকাশ কৰা এক তথ্য অনুসৰি ২০১৮ চনত প্ৰায় ৩১ লাখ ৪২ হাজাৰ অপৰাধজনিত তদন্ত একমাত্ৰ সাক্ষীৰ অভাৱত খাৰিজ কৰিব লগীয়া হৈছিল । এইটো সচাকৈয়ে দেশৰ বাবে অশুভ সংকেত আৰু  চিন্তনীয় বিষয় । সচেতক তথা দায়িত্বশীল নাগৰিক হিচাপে আমি প্ৰত্যেকেই সাক্ষ্য প্ৰমাণ যুগুতাই আৰক্ষী আৰু ন্যায় প্ৰশাসনক প্ৰকৃত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ বাবে সহায় কৰা উচিত ।  আৰক্ষী আৰু ন্যায়িক প্ৰশাসন বিভাগেও দুৰ্নীতিত জড়িত নহৈ  দায়িত্বশীল হৈ সাক্ষী প্ৰদান কৰা লোক সকলৰ সুৰক্ষা প্ৰদান কৰি দেশৰ ন্যায়িক ব্যৱস্থা সবল কৰি তোলাৰ সময় আহি পৰিছে।  নহ'লে এদিন জনগণে ন্যায়ৰ দেৱীৰ লগতে দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰতে সম্পূৰ্ণভাৱে আস্থা হেৰুৱাই পেলাব।
এটা কথা ধুৰূপ যে আইন আৰু আদেশ অবিহনে এখন দেশত ন্যায় কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে । গতিকে আহকচোন আমি সকলোৱেই আইন কানুন মানি দেশৰ উন্নতি আৰু বিকাশৰ  সমভাগী হওঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)