সময় আগুৱাই বৰ্তমান অতীত হয় আৰু ভৱিষ্যত আহি বৰ্তমান হৈ গজালি মেলে মানে নতুনৰ আৰম্ভণি। পুৰণিক পাহৰি নতুন আদৰি লোৱা মানুহৰ স্বভাৱ। কাৰণ নতুনত্বৰ মাজতে লুকাই থাকে সম্ভাৱনাৰ বীজ। সেই সম্ভাৱনাই মুকলি কৰে প্ৰগতিৰ দুৱাৰ। আমাৰ জীৱনৰ প্ৰতিটো মূহুৰ্তই নতুনৰ আৰম্ভণি। কাৰণ পাৰ হৈ যোৱা প্ৰতিটো মূহুৰ্ত্ত আমাৰ জীৱনলৈ আৰু দ্বিতীয় বাৰৰ বাবে কাহানিও ঘূৰি নাহে।যি পাৰ হৈ গ'ল গ'লেই।পাখি লগা কাড়ৰ নিচিনা অবিৰাম পাৰ হৈ গৈ আছে আৰু আমি হেৰুৱাই আছোঁ অমূল্য সময়। চকুৰ পলকতে আমি হেৰুৱাই আছোঁ তাৰ উপলদ্ধি কৰা নাই। প্ৰতিটো মূহুৰ্ত্ততে আমি কিবা এটা আৰম্ভ কৰিব পাৰোঁ সেয়া হ'ব নতুন। নতুনৰ আৰম্ভণি সদায়েই প্ৰেৰণা দায়ক হয়। আদৰণীয় হয়। তাৰ পৰাই আৰম্ভ হয় এক নতুন যাত্ৰা সেই নতুনক আমি সন্মান সহকাৰে আকোঁৱালি ল'ব লাগে।
কাৰণ সময় আমাৰ বাবে বৰ মূল্যৱান।
গতিকে প্ৰতিটো মূহুৰ্তই আমি পৰিপূৰ্ণ ভাৱে উদযাপন কৰিব লাগে ,কিবা এটা নতুন কৰিব লাগে।নহ'লে জীৱনত একোৱেই কৰিব নোৱাৰিলোঁ বুলি পিছত আক্ষেপ থাকি যাব। জীৱনত কেতিয়াও নিৰাশাক প্ৰশ্ৰয় দিব নালাগে। নিৰাশা বৰ বেদনা দায়ক। গতিকে প্ৰতিটো মূহুৰ্ত্তত নতুন নতুনকৈ আমি কিবা এটা কৰি গ'লে তাৰ আশা ফলপ্ৰসূ হ'ব।
পুৰণিয়ে বিদায় লয় নতুনৰ আৰম্ভণি হয়। এয়া চিৰাচৰিত নিয়ম। ইয়াক গ্ৰহণ কৰিবই লাগিব।চ'তৰ শেষত আৰম্ভণি হয়, গছে নতুন পাত সলাই প্ৰকৃতি সুন্দৰ হয়,সেই সুন্দৰতাক আমি আৰু সুন্দৰকৈ প্ৰকাশ কৰাৰ ব্ৰতত ব্ৰতী হ'ব পৰাকৈ নিজকে প্ৰস্তুত কৰিব লাগিব।কাৰণ আমি পিছলৈ উভতি চাব নালাগে।আমাৰ মন উৰ্ধমুখী হ'ব লাগে।আমাৰ লক্ষ্য হ'ব লাগে সূৰ্যোদয়ৰ,তেতিয়া সূৰ্যাস্তৰ ফালে ধাৱমান হোৱাৰ সময় আমাৰ হাতত নাথাকে।
নতুনৰ গতি খেদা আজিৰ তৰুণ-তৰুণী সকলৰো একেই উদ্দেশ্য হ'ব লাগে।কাৰণ তাত প্ৰতিশ্ৰুতি থাকে।সেই প্ৰতিশ্ৰুতি পুৰাণত সফল হ'লে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত হ'ব।
আমাৰ গাত যি কলংক আছে আমি এলেহুৱা,কেলেহুৱা, কানিয়া, পৰনিৰ্ভৰশীল সেয়া লোপ পাব। প্ৰত্যেকেই নতুনৰ আৰম্ভণি কৰিব লাগিব।তেতিয়া তাত আনন্দৰ শতদল ফুলিব।
কাৰণ ক্ষন্তেকীয়া মানৱ জীৱনটোত কাম কৰিবলৈ সময়নো পাওঁ কিমান!!সেই সময়খিনিয়েই আমি সদ্ব্যৱহাৰ কৰিলে কিবা নহয় কিবা এটা উপকাৰ হ'ব, কাৰোবাৰ বাবে প্ৰেৰণাৰ উৎস হ'ব।সেই কামহে আমি কৰিব লাগে যাতে দুজনে আদৰে,ভাল বুলি কয়।আমি শুভ কামত ব্ৰতী হ'ব লাগে আৰু শুভ কামত ব্ৰতী হোৱাটোৱেই শুভ কামৰ সাৰ্থকতা আৰু সেই শুভ কামেই হ'ব নতুনৰ আৰম্ভণি। এনেদৰেই নতুনৰ আগলি বতাহৰ কুঁহিপাত সদৃশ আমাৰ আশাই গজালি মেলিব। সেই আশাৰ গজালি দুপতীয়া হ'ব আৰু এদিন ফলে ফুলে জাতিষ্কাৰ হৈ শীতল ছাঁ দিব।সেই ছাঁত জিৰাই আমি বিনিময় কৰিম কুশল বাৰ্তা। সেই বাৰ্তা হ'ব আমাৰ সকলোৰে মঙ্গল হোৱা কিবা এক বাৰ্তা।
আহক,বন্ধু সকল আমি সকলোৱে সেই কামত ব্ৰতী হওঁ।
নতুনৰ আৰম্ভণি হৈ জগত সুন্দৰ কৰাৰ কৰ্মত অগ্ৰসৰ হ'ম।তাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ সময় সমাগত, আৰু বেছি পলম কৰিব নোৱাৰি। সকলো ফালে ইতিমধ্যে বিধ্বস্ত হৈছোঁ। এনেদৰে থাকিলে অদূৰ ভৱিষ্যতটো আমাৰ কিমান অসুন্দৰ হ'ব তাক ভাবিলে দুখৰ চকুলো নোলাবনে?তেতিয়া বাৰু ক্ষতি কাৰ হ'ব!
বিধস্ত সময়ত আমি বহু কিবা কিবি পুৰণ কৰিব নোৱাৰাকৈ হেৰুৱালো।আহি থকা সময়খিনি আমি ভালদৰে উদযাপন কৰিব পৰাকৈ প্ৰস্তুত
হওঁ।তাতে আহিব লগা প্ৰতিটো ক্ষণ আমি নতুনকৈ পাতনি মেলিব পাৰোঁ।
নতুন আৰু পুৰণিৰ দোমোজাত আমি কি ভাবিম,কি কৰিম তাৰ বিচাৰ আমি নকৰোঁ।
যিহেতু প্ৰতিটো ক্ষণেই নতুনৰ আৰম্ভণি সেই আৰম্ভণিৰ জখলাৰে আমি আগুৱাম আৰু দোকমোকালিৰ সময়ত জোন থপিয়াই আনিম।জোনৰ সেই জিলমিল পোহৰত আমাৰ ভৱিষ্যতটো পোহৰাওঁ।তাতে তাৰ পোহৰত আমাৰ উত্তৰ পুৰুষ উদ্ভাষি উঠিব তেতিয়া অন্ততঃ আমি অলপ হ'লেও হাহিব পাৰিম এই বুলি যে আমি আমাৰ উত্তৰ পুৰুষৰ বাবে কিবা এটা ভাল কাম কৰিব পাৰিছো ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ