নিঃশব্দ উচুপনি-লোনাশ্ৰী হাজৰিকা


নিৰৱে কান্দিছে তাই ,
এটি বন্ধ কোঠাত সোমাই
নাই তাইৰ ওচৰত কোনো সান্তনা দিয়া মানুহ,কাৰণ...
তাই বেয়া,তাই চৰিত্ৰহীনা! 
কলংকিতা তাইৰ সমাজত 
পৰিচিত এটি নাম!
নিজকে আৱদ্ধ ৰাখিছে এটি সৰু কোঠাত
ভয় কৰে তাই বাহিৰৰ পৃথিৱীখন...
সেই মুখা পিন্ধা মানুহবোৰ দেখিলে কঁপি উঠে তাইৰ ৰুঢ় শৰীৰ..
আকাশ চোৱাৰ হেপাঁহ তাইৰ মৰহি গ'ল;কঁপি উঠে তাইৰ অন্তৰআত্মা ...
আকাশৰ নীলাবোৰেও যদি তাইক উপলুঙা কৰে!!!
স্তব্দ হৈ গৈছে তাইৰ বাবে সকলো। সপোন..হাঁহি..সুখবোৰ আজি দূৰ অতীত হৈ পৰিছে ,
চকুত চকুপানী আৰু কলংকৰ বোজা লৈ তাই আগবাঢ়িছে অনাগত অন্ধকাৰ ভৱিষ্যতৰ দিশে...
           
          ✍️লোনাশ্ৰী হাজৰিকা

Post a Comment

Previous Post Next Post