আত্ম প্ৰেম মহৎ প্ৰেম-সংযুক্তা দত্ত

 ভৰ্তিহৰি নামৰ এজন ৰজা আছিল। তেওঁ তেওঁৰ ৰাণীক বৰ ভাল পাইছিল। ইমানেই ভাল পাইছিল যে তেওঁ নিজক   কৈ বেছি ভাল পাইছিল। এবাৰ এজন ঋষিয়ে ৰজাক এটা ফল দিলে আৰু ক'লে যে এইটো ফল খালে মানুহ সদায় চিৰযৌৱন যুক্ত হৈ থাকিব। ৰজাই যিহেতু ৰাণীক ভাল পাইছিল সেই কাৰণে তেওঁ ফলটো নিজে নাখায় ৰাণীক দিলে। ভূল সেই খিনিতেই হ'ল । ৰাণীয়ে আকৌ ভাল পাইছিল গোচালকক অৰ্থাৎ গৰু যি চোৱা -চিতা কৰে । গোচালক জনে ভাল পাইছিল সেই নগৰ খনৰৰে এগৰাকী বেশ্যাক আৰু তেওঁ সেই ফলটো দিলে বেশ্যাক। বেশ্যা গৰাকীয়ে ভাবিলে যে এই ফলটো যদি মই খাই চিৰযৌৱনা হৈ থাকো  বা সদায় তৰুণ হৈ থাকো । তেতিয়া হ'লেটো মই আৰু পাপ অৰ্জন কৰিম। গতিকে মই এই ফলটো ৰজাক দিওঁ  আৰু ৰজাক যেতিয়া দিলে তেতিয়া গোটেই ঘটনাটো ওলাই পৰিলে যে সেই ফলটো কেনেকৈ পালে।তেতিয়াই ৰজাই বুজি পালে যে নিজক কৈ কাকো বেছি ভাল পাব নালাগে।   আত্ম প্ৰেম মহৎ প্ৰেম ।

Post a Comment

Previous Post Next Post