সোণালী ধাননিৰ সপোন-সুশান্ত দাস

©Admin
0
শাওনৰ সেই পথাৰত ৰোৱা 
সেউজীয়া কঠিয়াবোৰে,
ৰচে সপোন সোণালী ভৱিষ্যতৰ 
যিয়ে কষ্টৰ ফল দিয়ে।।

মূৰৰ ঘাম মাটিত পেলায় 
ৰোৱে স্বপ্নৰ শস্য,
আঘোণত সেই সপোন পূৰ হয়
যি পূৰ্ণানন্দৰ প্ৰকাশ্য।।

বৰ্ণালী ধাননি পথাৰ বোৰ যেন
এক ব্যাপ্ত স্বৰ্ণভূমি,
য'ত আছে সোণালী ভৱিষ্যতৰ 
হৰ্ষোল্লাসৰ এনাজৰী।।।

কৃষক সকলৰ আনন্দ বোৰে যেন
সোণালী ধাননিত খেলে,
ধান গছৰ ধানত যেন
পৰিশ্ৰমৰ ফলবোৰ লাগে ।।

অশেষ চেষ্টাৰ অন্তত সেই
গৰুহালে আনন্দ লভে,
হাল বোৱা ফলবোৰ যেন
সিহঁতেও বিচাৰি পালে।।

সোণ গুটিৰ সোণালী বৰণ
ৰ'দৰ পোহৰত জিলিকে,
দূৰৈৰ পৰাই খেতিয়কে যেন 
তাৰেই গুণ বখানে।।

সোণালী ধাননি পথাৰত যেন 
বিহগেহে পাতিছে মেলা,
সপোনৰ ধাননীৰ সোণালী বৰণে
কঢ়িয়াই আনন্দৰ বন্যা।।

দাৱনীৰ হাতৰ পৰশত যেন
সেই সোণৰ গুটিবোৰে,
আনন্দত আত্মহাৰা হৈ যেন
অক্লান্ত খেলা খেলে।।

কৃষক হৃদয়ে শান্তি লভে
যেতিয়া 
   ধাননি পথাৰ খন দেখে,
ববচা বনত বহে দাৱনী
অনুভৱ হংসতুলিত দৰে।।
 
বৰ্ণালীৰ সৃষ্টিয়ে উৎসাহ দিয়ে
কৃষক ৰাইজৰ মনত,
বৰঙাবোৰ নাচোন-বাগোনত 
নাচে দাৱনী উলাহত।।

বিনদ্ধৰ মাজত বহি আনন্দ লাগে
সেইবোৰ আপুৰুগীয়া স্মৃতি,
পথাৰত বহি টেঙাৰ জুতি
কি যে সুন্দৰ অনুভূতি!

হাতত কাঁচি লৈ দাৱনীবোৰে
ধানৰ গুছত ধৰে,
থৈ যায় মুঠি সোণালী ধানৰ
সন্ধিয়া ডাঙৰী বান্ধে।।

সোণালী ধানত আহে লখিমী
অসমী আইৰ ঘৰত,
অসমৰ কৃষকে প্ৰাণ ঢালে
সোণালী ধাননিৰ বক্ষত।।

মহাবাহু ব্ৰহ্মপুত্ৰৰ 
নিৰ্মল পানীৰ দৰে,
সোণালী ধাননিয়ে আনন্দ বিলাই
কৃষকৰ হৃদয়ে হৃদয়ে।।

অসমৰ এই বিনন্দীয়া ৰূপত
ধাননীয়ে শোভা বঢ়াই,
শাওনৰ সেউজীয়া,
আঘোণৰ সোণোৱালীয়ে
অপূৰ্ব সৌন্দৰ্য্য দৰ্শাই।।

সঁচাই এই সোণালী ধাননি
কিমান সপোনৰ ভেঁটি,
কৃষকে গঢ়িছে অসমীয়া জাতিৰ
গৌৰৱোজ্জল কৃতি।।

সোণালী আমাৰ অসমৰ ভৱিষ্যৎ 
সোণালী ধাননিৰ বলত,
সোণালী সপোনে নেৰিব পিছ
যেন চিনাকি বহু যুগৰ।।

সোণালী ধাননী আমাৰ বিশ্ৰুতি
যি জিলিকাই আমাক বিশ্বত,
নেৰিবা অসমীয়া কৃষক বন্ধু
এইয়াই আমাৰ কৃষ্টি।।।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)