যীশুখ্ৰীষ্ট জন্মৰ পাচঁশ বছৰ মান আগৰ কথা। সেই সময়ৰ মগধৰ সম্ৰাট বিম্বিসাড়ৰ মহাকৌশল ৰাজ্যৰ ৰাজকুঁৱৰী কৌশল, বৈশালী ৰজা চেতকৰ দুহিতা চাল্লনা আৰু মাদ্ৰৰ ৰাজকুঁৱৰী ক্ষেমা নামৰ তিনিজনী সুন্দৰী ভাৰ্য্যা আছিল। মহাৰাণী কৌশল আৰু ৰাণী চাল্লনাতকৈ বয়সত যঠেষ্ট সৰু আৰু ৰূপৱতী ক্ষেমা বিম্বিসাড়ৰ আলাসৰ লাড়ু আছিল। অত্যন্ত চঞ্চল আৰু সুন্দৰী মাদ্ৰ ( এতিয়াৰ পাঞ্জাৱ)ৰ নন্দিনী ক্ষেমাই নিজৰ ৰূপ লাৱণ্যক লৈ যঠেষ্ট গৌৰৱবোধ কৰিছিল। তেওঁ দিনটো শৰীৰ প্ৰসাধন আৰু ৰূপ চৰ্চাৰ মাজেৰেই অতিবাহিত কৰিছিল। ইফালে বিম্বিসাড়ৰ মহাত্মা অমিতাভত অনুৰক্ত হৈ পৰিছিল। বাকী দুজনী ৰাণীৰ সতে মগধৰাজে ক্ষেমাক কেইবাবাৰো শাক্যমুনি বুদ্ধৰ আশ্ৰমলৈ নিবলৈ চেষ্টা কৰিছিল। ভগৱান বুদ্ধৰ আশ্ৰমৰ নাম শুনিলেই ক্ষেমাই সাত জাপ মাৰি আঁতৰি গৈছিল । ক্ষেমাই ভগৱান বুদ্ধ আৰু তেওঁৰ অনুগামীসকলৰ বাবে অপৰূপ দেহবল্লৰীৰ এজনী নাৰীৰ সৌন্দৰ্য্যৰ কোনো সমাদৰ নাই বুলি বিশ্বাস কৰিছিল। সেয়েহে বৈষয়িক সুখক সম্পত্তিৰ প্ৰতি উদাসীন মহাত্মা বুদ্ধৰ আশ্ৰমলৈ গৈ নিজৰ ৰূপ লাৱণ্যক কাৰোবাৰ দ্বাৰাই উপেক্ষিত কৰোৱাৰ কথা ক্ষেমাই ভাবিবই নোৱাৰিছিল ।এসোপামান গেৰুৱা বসনধাৰী লামাৰ মাজত তেওঁৰ দৰে অনিন্দ সুন্দৰী এজনীৰ নাৰীৰ আকৌ কি কাম থাকিব। সেই ভাবিয়েই ক্ষেমাই মহাৰাজ বিম্বিসাড়ে মহাত্মা শাক্যমুনিৰ আশ্ৰমলৈ যোৱাৰ কথা ক'লেই নানান অজুহাত উলিয়াইছিল ।
ইফালে মহাৰাজ বিম্বিসাড়ো নিজৰ উদ্দেশ্যত নাচোৰবোন্দা । এইখিনিতেই এটা কথা উল্লেখ কৰিব লাগিব, মাদ্ৰ ৰাজকুঁৱৰী ক্ষেমাৰ কবিতা আবৃত্তি শুনি খুব ভাল পাইছিল। অৱশেষত মহাৰাজ বিম্বিসাড়ে মহাত্মা অমিতাভৰ আশ্ৰমৰ প্ৰতি ৰাণী ক্ষেমাক আকৃষ্ট কৰিবলৈ এজন কবিৰ সহায় লৈছিল । কবিৰ মুখত মহাত্মা শাক্যমুনিৰ প্ৰশান্তিময় ৰূপ আৰু আশ্ৰমৰ সুন্দৰ বৰ্ণনা শুনি শুনি ক্ষেমা মহাত্মা বুদ্ধৰ আশ্ৰমলৈ যাবলৈ বিয়াকুল হৈ পৰিছিল।
যথা দিনত ৰাণী ক্ষেমা গৈ মহাত্মা শাক্যমুনিৰ আশ্ৰমত উপস্থিত হৈছিল । মহাপ্ৰভু অন্তৰ্যামী বুদ্ধই ইতিমধ্যেই ৰাণী ক্ষেমাৰ মনৰ দোদুল্যমান অৱস্থাৰ কথা জানিব পাৰিছিল । সেয়েহে তেওঁ দৰ্শন কৰিবলৈ অহাৰ আগতেই মায়াৰ বলেৰে মহাত্মা বুদ্ধই তেওঁতকৈয়ো অপৰূপা এজনী নাৰী সৃষ্টি কৰিলে। সেই সুন্দৰী নাৰী গৰাকীয়ে বিচনীৰে বা দি মহাত্মা বুদ্ধক শীতল বতাহ যোগাব ধৰিছিল। ৰাণী ক্ষেমাই মহাত্মা অমিতাভক দৰ্শন কৰাৰ সময়ত সেই অপূৰ্ব সুন্দৰী ৰমণীজনীক দেখি অভিভূত হোৱাৰ লগতে ঈৰ্ষান্বিত হৈছিল । মহাত্মা শাক্যমুনিৰ শান্ত, সৌম্য অথচ উজ্জ্বল ৰূপৰ দৰ্শন কৰি ক্ষেমাৰ মনৰ অস্থিৰতা লাহে লাহে কমি যাব ধৰিছিল। হঠাৎ ক্ষেমাই লক্ষ্য কৰিছিল যে অলপ আগতে দেখা সুন্দৰী যুৱতীজনী এজনী আদহীয়া মহিলালৈ পৰিবৰ্তিত হৈ গৈছিল। হঠাত ষোড়শী দীপলিপ ছোৱালীজনী কিদৰে আদহীয়া মহিলালৈ সলনি হৈছিল সেই কথা ভাবি ৰাণী ক্ষেমা উৎকন্ঠিত হৈ পৰিছিল ।
মহাত্মা বুদ্ধই বৌদ্ধসত্ত্বাৰ বিষয়ে দি থকা সাৰুৱা জ্ঞানদায়িনী বাণীৰ মাজত ক্ষেমাই সুন্দৰী ছোৱালীজনীৰ কথা প্ৰায় পাহৰিয়েই গৈছিল।কিন্তু হঠাৎ এটা পাকত ছোৱালীজনীৰ ফালে চকু পৰাত ক্ষেমাই আদহীয়া হৈ পৰা দীপলিপ ছোৱালীজনীক এইবাৰ এজনী কুৎসিত আলৰ বুঢ়ীৰ ৰূপত দেখি আতংকিত হৈ পৰিছিল। মহাত্মা বুদ্ধক ইমান পৰে দেখি অহা ৰহস্যজনক ঘটনাৱলীৰ বিষয়ে কিবা সোধাৰ আগতেই কম সময়ৰ ভিতৰতে সুন্দৰী ষোড়শীৰ পৰা বৃদ্ধা হৈ পৰা মানুহজনীৰ মৃত্যু ঘটিছিল। ভগৱান বুদ্ধক নোসোধাকৈয়ে ৰাণী ক্ষেমাই যেন সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাই গৈছিল। তেওঁৰ নিজৰ ৰূপ ,যৌৱন আৰু শৰীৰটোৰ প্ৰতি থকা দূৰ্বাৰ আসক্তি আৰু অহমিকাৰ ক্ষন্তেকতে ধুলিস্যাত হৈ পৰিছিল । সম্ৰাট বিম্বিসাড়ৰ আটাইতকৈ আদৰৰ তথা প্ৰভাৱশালী ৰাণী ক্ষেমাৰ মনৰ ভূল আঁতৰি যোৱাত ভগৱান বুদ্ধৰ শৰণত দীক্ষালাভৰ বাবে দীঘল দি পৰিছিল ।
পৰবৰ্তীকালত ক্ষেমা মহাত্মা বুদ্ধৰ এজনী প্ৰধান ভিক্ষুনীলৈ পৰিৱৰ্তিত হৈছিল। ৰাজকাৰেঙৰ সুখ আৰু আৰাম ত্যাগ কৰি বৌদ্ধ ধৰ্মৰ প্ৰচাৰত ব্ৰতী হৈ পৰিছিল । উল্লেখিত আছে যে ক্ষেমা আৰু উপ্পলাৱন্না নামৰ আন এজনী ভিক্ষুনীয়েই আছিল ভগৱান বুদ্ধৰ প্ৰথম শিষ্যা ।
অহমিকাৰ অৱসান ঘটাত ক্ষেমাই বুজি পাইছিল যে যিকোনো বিষয় অথবা বস্তুৰ প্ৰতি থকা অত্যাধিক আসক্তি অৰ্থাত অনুৰাগেই হৈছে সকলোবোৰ সমস্যাৰ মূল কাৰণ । জীৱনত পোৱা সুখ ,দুখ, ৰঙ,ৰূপ,শৈশৱ, কৈশোৰ, যৌৱন, কষ্ট,বিষাদ আৰু হাঁহি ধেমালি সকলোবোৰ ক্ষণস্থায়ী। সমাজৰ মংগলৰ বাবে আগবঢ়াই থৈ যোৱা অৱদানবোৰেহে স্থায়িত্ব লাভ কৰে। গতিকে আহঁকছোন আমিও বৈষয়িক অহমিকাৰ অৱসান ঘটাই সমাজৰ মংগলৰ বাবে নিজৰ সামৰ্থ অনুযায়ী যৎকিঞ্চিত অৱদান আগবঢ়াবলৈ চেষ্টা কৰো।
ধন্যবাদ।
- চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ