একাঁ‌জলী বিৰহ | খণ্ড নং-৩৩

©Admin
0
তগৰৰ শাহুয়েকে জুইকুৰা  ধৰিবলৈ লৈ উচ্‌প খাই উঠিল । পাছফালৰ পৰা যেন তগৰে আই বুলি মাতিছে । মানুহ জনীয়ে পাছফালে উভতি চায় বিষাদৰ হুমুনিয়াহ কাঢ়ি জুইশালৰ কাষতেই মূৰটো আঁঠু দুটাৰ মাজত ভৰাই হুকহুকাই কান্দি উঠিল ।তগৰৰ নামটো কেতিয়াবাই অতীতৰ বুকুত ঢাক খাই গৈছে । কিন্তু তাই স্মৃতিবোৰে শাহুয়েকক খুলি খুলি খাইছে । দুৰ্বলী তগৰক অত্যাচাৰ কৰি অপাৰ তৃপ্তিত মনত আনন্দ পোৱা মানুহজনীয়ে তগৰবিহীন ঘৰখনত উন্মাদ জীৱন এটা সাবটি ল'ব লগা হ'ল । নিজৰ বাবে চিন্তা কৰি জীয়াই থকা মানুহজনীয়ে নিজকে পাহৰি যোৱাৰ উপক্ৰম হৈছে ।

          ৰমাকান্তই আৰু দুমাহৰ ছুটী বঢ়াই দিবলৈ বাৰে বাৰে অ'চি ছাৰক অনুৰোধ কৰি ফোন কৰি আছিল । অন্যমনস্ক হৈ ৰমাকান্ত লৈ আধা জাপ খোৱা চকুৰ পাহি দুটাৰ মাজেদি মাথোঁ কেৰাহীকৈ চায় ৰ'ল তগৰে । সেই চোৱাৰ মাজত সুন্দৰকৈ ফুটাই তুলিলে ,ৰমাকান্তৰ প্ৰতি তাইৰ অন্তৰত আগ্ৰহ জন্মিছে । চুৰিখনে আপেল এটা টুকুৰা-টুকুৰ কৰি প্লেট এখনত থৈ ৰমাকান্তলৈ তাই আগবঢ়াই দিলে । "তুমি খোৱা । এইবোৰ মই তোমাৰ বাবে আনিছোঁ , মোৰ বাবে নহয় ।" ৰমাকান্তৰ কথাত তগৰে মুখপাতি ধৰিলে , "খাওঁক , খাওঁক গাত তেজ হ'ব লাগিব নহয় । ন'হলে মোক তেজ দিব কেনেকৈ ? মোৰ বাবে আপুনি কিয় ইমান কৰিছে ? মই ইয়াৰ যোগ্য নহওঁ ! মোৰ এই পৃথিৱীত কোনো নাই । মই মৰিলেও কাৰো ক্ষতি নহয় ।" সম্ৰাজ্ঞী ভেমেৰে চকীখনত বহি ইফালে মুখ কৰি থকা তগৰক ৰমাকান্তৰ জোকাবলৈ মন গ'ল । তোমাৰ নামটোৰ লগত মনটো বৰ মিল দেই । সুন্দৰতাৰ মাজত সুৰভি ভৰাই অভিমানত নিজেই জয় পৰি যাব । অথচ পূজাৰ স্থানত স্থান নোপোৱাৰ আক্ষেপও নাই । ৰমাকান্তৰ কথাবোৰ যেন ৰনৰ লগত মিল আছে । তাই বৰ ব্যগ্ৰ হৈ শুনিলে । যদিও একো উত্তৰ নিদি সৰু ছোৱালীৰ দৰে মুখখন ফুলাই বহি থাকিল ।

       ৰমাকান্তই ধেমালি কৰি ক'লে , 'ভগৱানক ধন্যবাদ মোৰ তেজকন তোমাৰ শৰীৰত ভৰাব পাৰিলোঁ।" সমুচিত উত্তৰ এটা ওঁঠৰ আগলৈ আহিছিল যদিও নিজকে সংযত কৰি একো নকলে তাই । তাইৰ পৰা কিবা এটা উত্তৰৰ অপেক্ষাত উৎসুক ৰমাকান্তই তগৰলৈ চালে । বহু সময় পাৰ হৈ গ'ল।তগৰে যে একো নকয় , ৰমাকান্ত নিচিন্ত হ'ল । খন্তেক মনে মনে থাকি ৰমাকান্তই ক'লে , "তুমি বহু দিন প্ৰধান প্ৰভুৰ সান্নিধ্যত থাকিলা।প্ৰধান প্ৰভুৱে কয় , জীৱনৰ উদ্দেশ্যে হ'ল জড়বন্ধনৰ পৰা মুক্তি লাভ কৰি ভগৱানৰ সান্নিধ্য লাভ কৰা । জীৱনৰ পৰম স্বাৰ্থ গতি লাভ কৰিবলগীয়া পৰম লক্ষ্যটো হ'ল , ভগৱান শ্ৰীকৃষ্ণৰ আশ্ৰয় লাভ । কিন্তু মোৰ মতে , কৃষ্ণ ভাৱনাৰে সৈতে সংযতভাৱে নিজৰ কৰ্তব্যসমূহ কৰি থাকিলে গাৰ্হস্থ্য জীৱন যাপন কৰা মানুহ এজনেও এই লক্ষ্যত উপনীত হ'বগৈ পাৰে।সংযত জীৱন যাপন কৰি শাস্ত্ৰবিহিত কৰ্তব্য সমূহ অনাসক্তভাৱে নিয়মীয়াকৈ কৰি থাকিলে আধ্যাত্মিক মাৰ্গত অগ্ৰগতি লাভ কৰিব পাৰি।আৰু সেই দৰেই আত্মোপলব্ধি হয়।কেৱল জীৱিকাৰ উপায় হিচাপে লোকক দেখুৱাই জপতপ   কৰি থকা ভুৱা সাধক  এজনতকৈ আনকি নিষ্ঠাৰে সৈতে ঠাই সাৰি জীৱিকা উপাৰ্জন কৰা ,নিজ দায়িত্ব পালন থকা নিচেই সাধাৰণ মানুহ এজনো বহুত ওপৰ শ্ৰেণীৰ মানুহ । তোমাৰ সৰল মনটোৱে মন্দিৰত থকা সকলো মানুহ ভগৱানৰ ভক্ত , সকলোকেই বিশ্বাস কৰিব পাৰি বুলি নিচিন্ত হৈ আছা ।কিন্তু সেয়া নহয় । পঙ্কিলতাৰে ভৰা আজি মানৱ সমাজত ক'ত কোন ভণ্ডক কি ৰূপত লগ পাবা , সময়েহে ক'ব ।এতিয়া তোমাৰ লগতে তোমাৰ সন্তানটো তোমাৰ দায়িত্ব ।তোমাৰ মানুহজন জীৱিত কালত লগ পোৱা মানুহ বোৰৰ আচল ৰূপ তেওঁ মৃত্যুৰ পাছত দেখা পাইছিলা । যি ৰূপক তুমি সহ্য কৰিব নোৱাৰি ঘৰ এৰি আঁতৰি আহিবলৈ বাধ্য হৈছিলা । সেই বাবে মই তোমাক কওঁ জীৱনটো নতুনকৈ সজাবলৈ সপোন দেখিব নোৱাৰিনে ?মোৰ কথা বোৰ অপ্ৰিয় হলেও আকৌ কওঁ জীৱনক লৈ সপোন দেখা । বিৰহৰ অগনিৰ তাপ কিমান যন্ত্ৰণাদায়ক তুমিও জানিছা , মইও জানিছোঁ ।" - কথাখিনি কৈ সিফালে মুখ কৰি শুই পৰা ৰমাকান্ত লৈ চাই তগৰে দুখৰ হুমুনিয়াহ কাঢ়িলে ।

তাই ভাবিলে , "মোৰ জীৱনটোৱেই দুখৰ সাঁথৰ।হাঁহিৰে সুখৰ প্ৰমাণ কৰোঁ কেনেকৈ ? হাঁহিৰ তলত দুখৰ প্ৰলেপ আছে । সপোন দেখোঁ কেনেকৈ ? সমাজৰ শিকলিডাল বৰ টান । মই ছিঙো কেনেকৈ ? সময়ে মোক সোঁৱৰাই দিয়ে , বন্দী বিধৱাৰ জীৱন গাঁথা । অন্ধকাৰময় এই জীৱনটোক পোহৰৰ বন্তি লৈ কোনে বাট দেখুৱাই লৈ যাব ।" তাই আৰু ভাবিব নোৱাৰিলে । ভাগৰুৱা মনটোৱে দেহাটোক বিছনাখনলৈ চোঁচৰাই নিলে ।

আগলৈ ... 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)